as_gen_text_ulb/02/04.txt

1 line
995 B
Plaintext

\v 4  এয়াই হৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰা বিবৰণ। ঈশ্বৰ যিহোৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই। \v 5  তেতিয়াও পৃথিবীৰ পথাৰত একো তৃণ আদি নাছিল; পথাৰত কোনো শস্যদায়ী গছ গজা নাছিল; কিয়নো তেতিয়াও ঈশ্বৰ যিহোৱাই পৃথিবীত বৰষুণ বৰষোৱা নাছিল আৰু মাটি চহাবৰ কাৰণে মানুহো নাছিল। \v 6  কিন্তু পৃথিবীৰ পৰা এক ঘন কুঁৱলী উঠি আহিল আৰু গোটেই ভূমি ভিজালে।