43 lines
5.3 KiB
Plaintext
43 lines
5.3 KiB
Plaintext
\id 3JN Assamese Old Version Revision
|
|
\ide UTF-8
|
|
\rem copyright Information: Creative commons Attribution- ShareAlike 4.0 License
|
|
\h ৩যো.
|
|
\toc1 যোহনৰ তৃতীয় পত্ৰ
|
|
\toc2 ৩ যোহন
|
|
\toc3 ৩যো.
|
|
\mt যোহনৰ তৃতীয় পত্ৰ
|
|
\imt3 গায় নামেৰে এজন মানুহৰ প্ৰতি পত্ৰ
|
|
|
|
|
|
\s5
|
|
\c 1
|
|
\p
|
|
\v 1 যি জনক মই সত্যৰে প্ৰেম কৰো, সেই জন প্ৰিয় পৰিচাৰক গায়ৰ সমীপলৈ৷
|
|
\p
|
|
\v 2 হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওঁক, এই মোৰ প্ৰাৰ্থনা।
|
|
\v 3 যেতিয়া ভাই সকলে আহি আপোনাৰ অন্তৰত থকা সত্যৰ বিষয়ে, অৰ্থাৎ আপুনি যে সত্যক ধৰি ৰাখি জীৱন-যাপন কৰি আছে, সেই বিষয়ে সাক্ষ্য দিয়াত, মই অতিশয় আনন্দিত হ’লোঁ।
|
|
\v 4 মোৰ সন্তান সকল সত্যত চলাৰ বাৰ্ত্তা শুনিলে যি আনন্দ জন্মে, সেই বিষয়তকৈ অধিক আনন্দ মোৰ আন ক'তো নাই।
|
|
|
|
\s5
|
|
\p
|
|
\v 5 হে প্ৰিয়, আপুনি ভাই আৰু অচিনাকি ভাইসকলৰ কাৰণে যেতিয়া কর্ম কৰিলে, সেয়া আছিল আপোনাৰ বিশ্বস্তাৰ অনুশীলন,
|
|
\v 6 তেওঁলোকে আপোনাত জন্ম হোৱা প্ৰেমক দেখিলে আৰু সাক্ষ্য ৰূপে মণ্ডলীৰ সন্মুখত আপোনাৰ প্ৰেমৰ বিষয়ে সাক্ষ্য দিলে। ঈশ্ৱৰ সন্তুষ্ট হোৱাকৈ তেওঁলোকৰ যাত্ৰা পথত আপুনি আগবঢ়াই সাহায্য কৰি ভালেই কৰিলে৷
|
|
\v 7 কিয়নো তেওঁলোকে অনা-ইহুদী সকলৰ পৰা একো নলৈ, প্ৰভুৰ নামৰ কাৰণে ওলাই গৈছিল।
|
|
\v 8 এতেকে আমি সত্যৰ সহকাৰী হ’বলৈ, এনে লোক সকলক প্ৰতিপালন কৰা উচিত।
|
|
|
|
\s5
|
|
\p
|
|
\v 9 মই মণ্ডলীলৈ কিছু কথা লিখিছিলোঁ; কিন্তু তেওঁলোকৰ মাজত প্ৰাধান্যৰ অভিলাষী দিয়ত্ৰিফিয়ে মোৰ ক্ষমতা স্বীকাৰ নকৰে।
|
|
\v 10 এই কাৰণে মই যদি যাওঁ, তেতিয়া তেওঁ কৰা সকলো কর্ম মই তেওঁক সোঁৱৰাম, তেওঁ আমাৰ বিৰুদ্ধে হাস্যকৰ ভাবে অসৎ কথাবোৰ কয়; আৰু এই কর্মবোৰৰ সৈতে কোনো কৰ্মসূচী নথকাত, তেওঁলোকে নিজেও ভাই সকলক গ্ৰহণ নকৰে আৰু গ্ৰহণ কৰিব খোজা সকলোকো বাৰণ কৰি মণ্ডলীৰ পৰা বাহিৰ কৰে।
|
|
|
|
\s5
|
|
\p
|
|
\v 11 হে প্ৰিয়, আপুনি দুষ্কৰ্মৰ অনুকাৰী নহব, কিন্তু সৎকৰ্মৰ অনুকাৰী হওঁক। যি জনে সৎকৰ্ম কৰে, তেওঁ ঈশ্বৰৰ হয়; যি জনে দুষ্কৰ্ম কৰে, তেওঁ ঈশ্বৰক দেখাই নাই।
|
|
\v 12 দীমীত্ৰিয় সকলোৰে বাবে সাক্ষ্য, এনে কি, স্বয়ং সত্যৰ দ্বাৰায়ো সাক্ষ্য দিয়া হৈছে; আমিও সাক্ষ্য দিছোঁ; আৰু আমাৰ সাক্ষ্য যে সত্য,\f + \fr 1:11 \ft যো ২১:২৪৷\f* সেই বিষয়ে আপুনি জানে।
|
|
|
|
\s5
|
|
\p
|
|
\v 13 আপোনালৈ লিখিবৰ বাবে মোৰ অনেক কথা আছিল; কিন্তু চিয়াহী আৰু কলমেৰে লিখিবলৈ মই ইচ্ছা নকৰোঁ;
|
|
\v 14 বৰং আশা কৰোঁ যে, আপোনাক অতি সোনকালে দেখিবলৈ পাম আৰু তেতিয়া মুখা-মুখি হৈ কথা-বতৰা পাতিম।
|
|
\v 15 আপোনাৰ শান্তি হওঁক। আপোনাৰ বন্ধু সকলে\f + \fr 1:15 \ft যোহনৰ লগত থকা গায়কৰ বন্ধুসকল৷\f* আপোনাক সম্ভাষণ জনাইছে। আপুনিও আপোনাৰ বন্ধু সকলক\f + \fr 1:15 \ft গায়কৰ সতে থকা বন্ধুসকল৷\f* মোৰ নামেৰে সম্ভাষণ জনাব৷
|