259 lines
36 KiB
Plaintext
259 lines
36 KiB
Plaintext
\id JAS -Assamese Old Version Revision
|
||
\ide UTF-8
|
||
\rem copyright Information: Creative commons Attribution- ShareAlike 4.0 License
|
||
\h যাকোব
|
||
\toc1 যাকোবৰ পত্ৰ
|
||
\toc2 যাকোব
|
||
\toc3 যাকোব
|
||
\mt যাকোবৰ পত্ৰ
|
||
|
||
|
||
\s5
|
||
\c 1
|
||
\ms ১ অধ্যায়
|
||
\s ধৈৰ্য্য ধৰিবৰ আৰু ঈশ্বৰৰ বাক্য পালন কৰিবৰ আৱশ্যকতা
|
||
\p
|
||
\v 1 মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোকৰ ওচৰলৈ এই সম্ভাষণ।
|
||
\v 2 হে মোৰ ভাই সকল, আপোনালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব,\f + \fr 1:2 \ft মথি ৫:১১,১২ ; ১ পি ৪:১৩-১৬৷\f*
|
||
\v 3 কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়,\f + \fr 1:3 \ft ৰো ৫:৩-৫৷\f* সেই বিষয়ে আপোনালোকে জানে।
|
||
|
||
\s5
|
||
\p
|
||
\v 4 এই কাৰণে সেই ধৈৰ্য্যক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওঁক যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷
|
||
\v 5 কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচ্না কৰক\f + \fr 1:5 \ft মথি ২১:২২ ; মার্ক ১১:২৪৷\f* আৰু তাতে আপোনালোকক দিয়া হ’ব।
|
||
|
||
\s5
|
||
\p
|
||
\v 6 কিন্তু বিশ্ৱাস আৰু নি:সংশয় হৈ যাচ্না কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়।
|
||
\v 7 এনে মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক;
|
||
\v 8 কিয়নো তেওঁ দুই মনৰ মানুহ, নিজৰ সকলো গতিতে অস্থিৰ।
|
||
|
||
\s5
|
||
\p
|
||
\v 9 যি ভাই আৰ্থিকভাৱে দুৰ্বল হৈয়ো নম্ৰ; তেওঁ নিজ উন্নতিত গৌৰৱ কৰক;
|
||
\v 10 যি জন ধনৱান, তেৱোঁ ঈশ্বৰে শিকোৱা নম্ৰতাত আনন্দ কৰক; কিয়নো বনৰীয়া ফুল এটাৰ নিচিনা তেৱোঁ লুপ্ত হৈ যাব।\f + \fr 1:10 \ft যিচ ৪০:৬-৮৷\f*
|
||
\v 11 কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকুৱায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্য্যও নষ্ট হয়৷ এনেদৰে ধনৱান মানুহো নিজ উন্নতিৰ মাজতেই মলিন হৈ যাব।
|
||
|
||
\s5
|
||
\p
|
||
\v 12 যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি\f + \fr 1:12 \ft প্ৰ ২:১০৷\f* দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব।
|
||
\v 13 কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক "ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ", কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে।
|
||
|
||
\s5
|
||
\p
|
||
\v 14 কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়।
|
||
\v 15 তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ'লে, তাৰ ফলাফল হয় মৃত্যু৷
|
||
\v 16 হে মোৰ প্ৰিয় ভাই সকল, আপোনালোক ভ্ৰান্ত নহব।
|
||
|
||
\s5
|
||
\p
|
||
\v 17 সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে হয় আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰা তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নাই৷
|
||
\v 18 ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জীৱন দিলে\f + \fr 1:18 \ft যো ১:১৩ ; ১ পি ১:২৩৷\f* যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ।
|
||
|
||
\s5
|
||
\p
|
||
\v 19 হে মোৰ প্ৰিয় ভাই সকল, অাপোনালোকে এই কথা জানে যে প্ৰত্যেক ব্যক্তি শুনিবলৈ খৰ, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওঁক,
|
||
\v 20 কিয়নো মানুহৰ ক্ৰোধে ঐশ্বৰিক ধাৰ্ম্মিকতা সাধন নকৰে।
|
||
\v 21 এতেকে আপোনালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ,\f + \fr 1:21 \ft ২ তী ৩:১৫৷\f* তাক নম্ৰভাৱে গ্ৰহণ কৰক।
|
||
|
||
\s5
|
||
\p
|
||
\v 22 কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওঁক।\f + \fr 1:22 \ft মথি ৭:২১-৭২৷\f*
|
||
\v 23 কিয়নো কোনোৱে যদি বাক্য পালন কৰোতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহলে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়;
|
||
\v 24 কাৰণ তেওঁ নিজকে চাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, তাক তেতিয়াই পাহৰি যায়।
|
||
\v 25 যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰে আৰু চাই থাকে আৰু শুনি পাহৰি যোৱা নহয় কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ’ব।
|
||
|
||
\s5
|
||
\p
|
||
\v 26 কোনোৱে যদি নিজকে ধাৰ্ম্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন\f + \fr 1:26 \ft ১ পি ৩:৯-১১৷\f* নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম্ম-কৰ্ম্ম ব্যৰ্থ।
|
||
\v 27 মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্ম্মল ধৰ্ম্ম-কৰ্ম্ম।
|
||
|
||
\s5
|
||
\c 2
|
||
\ms ২ অধ্যায়
|
||
\s অকপট প্ৰেম আৰু বিশ্বাসৰ আৱশ্যকতা
|
||
\p
|
||
\v 1 হে মোৰ ভাই সকল, আমাৰ ঐশ্বৰ্য্যৱান প্ৰভু যীচু খ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস, পক্ষপাতেৰে ধাৰণ নকৰিব।
|
||
\v 2 কিয়নো যদি আপোনালোকৰ সভালৈ সোণৰ আঙঠি আৰু সুন্দৰ বস্ত্ৰেৰে এজন মানুহ সোমাই আহে আৰু মলিয়ন বস্ত্ৰেৰে দৰিদ্ৰ এজনো আহে,
|
||
\v 3 তেতিয়া আপোনালোকে সেই পৰিষ্কাৰ বস্ত্ৰ পিন্ধা জনক যদি মনোযোগেৰে কয়, "আপুনি ইয়াতে স্বচ্ছন্দে বহক" আৰু সেই দৰিদ্ৰ জনক যদি কয়, "তই তাতে থিয় হৈ থাক" বা "মোৰ এই ভৰি-পীৰাৰ তলতে বহ,"
|
||
\v 4 তেনেহলে আপোনালোকে নিজৰ মাজত প্ৰভেদ কৰি কু-বিবেচনা কৰা বিচাৰকৰ্ত্তা সকলৰ দৰে নহ’ল নে?
|
||
|
||
\s5
|
||
\p
|
||
\v 5 হে মোৰ প্ৰিয় ভাই সকল, শুনক, সংসাৰত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত অংগীকাৰ কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?
|
||
\v 6 কিন্তু আপোনালোকে সেই দৰিদ্ৰ সকলক কিয় সন্মান নকৰিলে! ধনৱন্ত লোকে আপোনালোকক অত্যাচাৰ নকৰে নে? তেওঁলোকে আপোনালোকক সোধৰ আসনৰ সন্মূখলৈ টানি নিনিয়ে নে?
|
||
\v 7 আৰু যি নামেৰে আপোনালোক নিমন্ত্ৰীত হৈছে, সেই উত্তম নামক তেওঁলোকে নিন্দা নকৰে নে?
|
||
|
||
\s5
|
||
\p
|
||
\v 8 যদিহে শাস্ত্ৰত লিখাৰ দৰে - "তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা,"\f + \fr 2:8 \ft লে ১৯:১৮ ; মথি ২২:৩৯৷\f* এই ৰাজকীয় ব্যৱস্থা যদি আপোনালোকে সিদ্ধ কৰে, তেনেহলে আপোনালোকে ভাল কৰিছে;
|
||
\v 9 কিন্তু যদি পক্ষপাত কৰে, তেনেহলে পাপ কৰিছে, আৰু আজ্ঞা-লঙ্ঘনকাৰী বুলি বিধানৰ দ্বাৰাই দোষী কৰা হৈছে।
|
||
|
||
\s5
|
||
\p
|
||
\v 10 কিয়নো যি জনে সকলো আজ্ঞা পালন কৰোতে এটাত যদি তেওঁৰ ত্ৰুটি হয়, তেনেহলে তেওঁ সকলো আইন ভংগ কৰিলে আৰু দোষী হ’ল৷\f + \fr 2:10 \ft দ্ৱি বি ২৭:২৬ ; গাল ৩:১০৷\f*
|
||
\v 11 কিয়নো যি জন ঈশ্ৱৰ, তেওঁ কৈছে, "তুমি ব্যভিচাৰ নকৰিবা,"\f + \fr 2:11 \ft যা ২০:১৩,১৪৷\f* সেইজন ঈশ্ৱৰেই পুনৰ কৈছিল, "তুমি নৰ-বধ নকৰিবা৷" এই হেতুকে আপোনালোকে ব্যভিচাৰ নকৰিও যদি নৰ-বধ কৰে, তেনেহলেও ঈশ্ৱৰৰ বিধান লঙ্ঘনকাৰী হ’ল।
|
||
|
||
\s5
|
||
\p
|
||
\v 12 যি লোক সকলৰ সোধ-বিচাৰ স্বাধীনতা স্বৰূপ বিধানৰ দ্বাৰাই হ’ব, আপোনালোকে নিজকে সেই লোক সকলৰ নিচিনা কথা কৈ সেইবোৰ পালন কৰক৷
|
||
\v 13 কিয়নো যি জনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নির্দয়ী হয়৷ দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে!
|
||
|
||
\s5
|
||
\p
|
||
\v 14 হে মোৰ ভাই সকল, কোনোবাই যদি কয় যে তেওঁৰ বিশ্বাস আছে কিন্তু যদি কৰ্ম নাথাকে তেন্তে কি লাভ? সেই বিশ্বাসে তেওঁৰ পৰিত্ৰাণ কৰিব পাৰিব নে?
|
||
\v 15 কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰৰ অভাৱত থাকিলে,
|
||
\v 16 আপোনালোকৰ মাজৰ এজনে যদি সিহতক কয়, "তোমালোকে কুশলে যোৱা আৰু উম লগাই তৃপ্ত হবা;" কিন্তু আপোনালোকে সিহঁতৰ শৰীৰৰ প্ৰয়োজনীয় বস্তু যদি নিদিয়ে, তেনেহলে কি লাভ?
|
||
\v 17 ঠিক সেইদৰে বিশ্বাসৰ লগত যদি কৰ্ম নাথাকে, তেনেহলে সি অকলে মৰা।
|
||
|
||
\s5
|
||
\p
|
||
\v 18 তথাপিও কোনোবাই ক’ব পাৰে, "তোমাৰ বিশ্বাস আছে আৰু মোৰ কৰ্ম আছে।" বাৰু, তেনেহলে বিনাকৰ্মৰে আপোনাৰ বিশ্বাস মোক দেখুৱাওঁক আৰু মই মোৰ কৰ্মৰ দ্বাৰাই অাপোনাক মোৰ বিশ্বাস দেখুৱাম।
|
||
\v 19 ঈশ্বৰ এজন বুলি আপুনি বিশ্বাস কৰিছে; ভাল কৰিছে; ভূতবোৰেও সেই কথাত বিশ্বাস কৰে আৰু ভয়ত চিঞঁৰে।
|
||
\v 20 কিন্তু, হে নির্বোধ মানুহ, কৰ্মবিহীন বিশ্বাস যে ব্যৰ্থ, ইয়াক আপুনি জানিবলৈ ইচ্ছা কৰে নে?
|
||
|
||
\s5
|
||
\p
|
||
\v 21 আমাৰ পিতৃ অব্ৰাহামে যজ্ঞবেদিৰ ওপৰত নিজ পুত্ৰ ইচহাকক উৎসৰ্গ কৰাৰ সময়ত, সেই কৰ্মৰ দ্বাৰাই ধার্মিক বুলি গণিত হোৱা নাছিল নে?\f + \fr 2:21 \ft গাল ৫:৬৷\f*
|
||
\v 22 তুমি এইদৰে চলে দেখিবা যে বিশ্বাস তেওঁৰ কৰ্মৰ সহকাৰী আছিল আৰু সেই কৰ্মৰ দ্বাৰাই বিশ্বাস সিদ্ধ হ’ল।
|
||
\v 23 এই শাস্ত্ৰীয় বচন সিদ্ধ হ’ল,\f + \fr 2:23 \ft ইব্ৰী ১১:১৭-১৯৷\f* যত কোৱা আছে, "অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ ধার্মিকতাৰ অৰ্থে গণিত হ’ল" আৰু সেই বাবে তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হ’ল।\f + \fr 2:23 \ft আ ১৫:৬৷\f*
|
||
\v 24 আপোনালোকে দেখিছে যে কৰ্মৰ দ্বাৰাই মানুহ ধাৰ্ম্মিক বুলি গণিত হয়, কেৱল বিশ্বাসৰ দ্বাৰাই নহয়।
|
||
|
||
\s5
|
||
\p
|
||
\v 25 সেইদৰে ৰাহব বেশ্যায়ো\f + \fr 2:25 \ft ২ ব ২০:৭ ; যিচ ৪১:৮৷\f* কৰ্মৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত নহ’ল নে; যেতিয়া তেওঁ দূত সকলক আলহী কৰি ৰাখিছিল আৰু পাছত আন বাটেদি পঠিয়াই দিছিল?
|
||
\v 26 কিয়নো যেনেকৈ আত্মা-বিহীন শৰীৰ মৰা, তেনেকৈ কৰ্মবিহীন বিশ্বাসো মৰা।
|
||
|
||
\s5
|
||
\c 3
|
||
\ms ৩ অধ্যায়
|
||
\s জিভাক দমন কৰি ৰাখিবৰ আৱশ্যকতা
|
||
\p
|
||
\v 1 হে মোৰ ভাই সকল, আপোনালোকৰ মাজত অনেক লোকে শিক্ষক হোৱাৰ কাৰণে চেষ্টা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে জানা যে আমাৰ\f + \fr 3.1 \ft শিক্ষক সকলৰ\f* দৃঢ় সোধ-বিচাৰ হ’ব।
|
||
\v 2 কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সমৰ্থ।
|
||
|
||
\s5
|
||
\p
|
||
\v 3 ঘোঁৰাবোৰ আমাৰ বশীভূত হ’বলৈ আমি যদি সিহঁতৰ মুখত লেকাম বান্ধি দিওঁ তেতিয়া আমি সিহঁতৰ গোটেই শৰীৰটোকে ঘূৰাব পাৰোঁ।
|
||
\v 4 লক্ষ্য কৰিবা যে, কেনেকৈ অতি ডাঙৰ জাহাজবোৰে প্ৰচণ্ড বায়ুৰ দ্বাৰাই চালিত হ’লেও, সেইবোৰক অতি সৰু বৃত্তাকাৰ হালিৰেহে গুৰিয়ালৰ ইচ্ছা অনুসাৰে ঘূৰুউৱা যায়।
|
||
|
||
\s5
|
||
\p
|
||
\v 5 সেইদৰে জিভাও অতি ক্ষুদ্ৰ অঙ্গ কিন্তু মহা-দৰ্পৰ কথা কয়। লক্ষ্য কৰা, যে সৰু জুইৰ ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়!
|
||
\v 6 সেইদৰে জিভাও হৈছে এক অগ্নি স্বৰূপ; আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ; সেয়ে গোটেই শৰীৰক কলঙ্কিত কৰি আমাৰ জীৱনৰ পথৰ লগতে আৰু নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়।
|
||
|
||
\s5
|
||
\p
|
||
\v 7 কিয়নো পশু, পক্ষী, উৰগ আৰু জলজন্তু আদি কৰি সকলোৰে স্বভাৱক মানুহৰ স্বভাৱৰ দ্বাৰাই বশ কৰা হৈছে আৰু বশ কৰি অহা হৈছে;
|
||
\v 8 কিন্তু জিভাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই; সেয়ে অশান্ত দুষ্টতা স্বৰূপ, মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ।
|
||
|
||
\s5
|
||
\p
|
||
\v 9 তাৰেই আমি আমাৰ পিতৃ প্ৰভূৰ ধন্যবাদ কৰোঁ; আৰু তাৰেই ঈশ্বৰৰ সদৃশ্যেৰে হোৱা লোক সকলক অভিশাপ দিওঁ।
|
||
\v 10 একে মুখৰ পৰাই ধন্যবাদ আৰু অভিশাপৰ কথা ওলায়। হে মোৰ ভাই সকল, এনে হোৱা উচিত নহয়।
|
||
|
||
\s5
|
||
\p
|
||
\v 11 একেটা ভুমুকৰ বিন্ধাইদি নির্মল আৰু তিতা, একেলগে দুবিধ পানী ওলাই নে?
|
||
\v 12 হে মোৰ ভাই সকল, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব পাৰে নে?\f + \fr 3:12 \ft মথি ৭:১৬৷\f* তেনেদৰে লুণীয়া পানীয়েও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে।
|
||
|
||
\s5
|
||
\p
|
||
\v 13 আপোনালোকৰ মাজত জ্ঞানী আৰু সুবুদ্ধি থকা লোক কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাওঁক।
|
||
\v 14 কিন্তু আপোনালোকৰ হৃদয়ত যদি তিতা, ঈৰ্ষা আৰু বিৰোধ থাকে, তেনেহলে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিব আৰু মিছাকৈয়ো নক’ব।
|
||
|
||
\s5
|
||
\p
|
||
\v 15 এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিব, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক।
|
||
\v 16 কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতেই দ্বন্দ আৰু আটাই কুকৰ্ম্ম থাকে।
|
||
\v 17 কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুচি, পাছত শান্তিযুক্ত, ক্ষান্ত-স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে\f + \fr 3:17 \ft গাল ৫:২২,২৩৷\f* পৰিপূৰ্ণ, নিঃসংশয় আৰু অকপট।
|
||
\v 18 আৰু মিলনকাৰী সকলৰ দ্বাৰাই শান্তিৰে ধাৰ্ম্মিকতাৰ ফল ৰোৱা হয়।
|
||
|
||
\s5
|
||
\c 4
|
||
\ms ৪ অধ্যায়
|
||
\s নানাবিধ চেতনা-বাক্য
|
||
\p
|
||
\v 1 আপোনালোকৰ মাজত হাই-কাজিয়া আৰু বিৰোধ নো ক’ৰ পৰা হয়? আপোনালোকৰ অঙ্গ-প্ৰত্যঙ্গত যুদ্ধ কৰা যি যি সুখাভিলাষ, তাৰ পৰা নহয় নে?
|
||
\v 2 আপোনালোকৰ যি নাই, তাকে পাব বিচাৰে কিন্তু নাপায়৷ তেতিয়া আপোনালোকে বধ কৰে আৰু হিংসা কৰে, কিন্তু আপোনালোকৰ অভিলাষ পুৰণ নহয়; সেয়েহে আপোনালোকে কাজিয়া কৰে, মাৰ-পিত কৰে৷ আপোনালোকে যি বিচাৰে, সেয়া নাপায়, কাৰণ আপোনালোকে ঈশ্বৰৰ ওচৰত নিবিচাৰে৷
|
||
\v 3 আপোনালোকে বিচাৰিলেও নাপায়, কাৰণ আপোনালোকে অসৎ উদ্দেশ্যৰে বিচাৰে৷ আপোনালোকে কেৱল নিজৰ ভোগ-বিলাস পূৰন কৰিবৰ কাৰণে বস্তু বিচাৰে৷
|
||
|
||
\s5
|
||
\p
|
||
\v 4 হে ব্যভিচাৰী সকল, জগতৰ মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা\f + \fr 4.4 \ft ১ যো ২:১৫,১৬\f*, ইয়াক আপোনালোকে নাজানে নে? এতেকে যি জনে জগতৰ মিত্ৰ হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।
|
||
\v 5 অথবা শাস্ত্ৰে অনৰ্থকৰূপে কয় বুলি আপোনালোকে ভাবিছে নে? যি আত্মা তেওঁ আমাত নিবাস কৰাইছিল, সেই আত্মাই ঈৰ্ষালৈ হাবিয়াস কৰে নে?
|
||
|
||
\s5
|
||
\p
|
||
\v 6 কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়\f + \fr 4.6 \ft গীত ১৩৮:৬; ১ পি ৫:৫\f*, "ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।"
|
||
\v 7 এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওঁক আৰু চয়তানক\f + \fr 4.7 \ft ১ পি ৫:৮,৯\f* প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ পৰা মাজৰ আতৰি যাব।
|
||
|
||
\s5
|
||
\p
|
||
\v 8 ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে অধৰ্মী লোক সকল, আপোনালোকৰ হাত শুচি কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুদ্ধ কৰক।
|
||
\v 9 ব্যাকুল হৈ শোক আৰু ক্ৰন্দন কৰক; আপোনালোকৰ হাঁহি শোক হৈ যাওঁক, আৰু আপোনালোকৰ আনন্দ বিষাদ হৈ যাওঁক।
|
||
\v 10 প্ৰভুৰ আগত আপোনালোকে নিজকে নত কৰক, তাতে তেওঁ আপোনালোকক উন্নত কৰিব।
|
||
|
||
\s5
|
||
\p
|
||
\v 11 হে ভাই সকল, আপোনালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নক’ব;\f + \fr 4.11 \ft ইফি ৪:৩১,৩২\f* যি জনে ভাইৰ বিৰুদ্ধে কথা কয় আৰু ভাইৰ সোধ-বিচাৰ কৰে, সেই জনে বিধানৰ বিৰুদ্ধে কথা কয় আৰু ঈশ্বৰৰ বিধানৰ সোধ-বিচাৰ কৰে, তেনেস্থলত সেই জন বিধান পালনকাৰী নহয় কিন্তু বিচাৰকৰ্ত্তাহে হয়।
|
||
\v 12 বিধান দিওঁতা আৰু বিচাৰকৰ্ত্তা এজন মাথোন আছে, তেৱেঁই হৈছে ঈশ্বৰ৷ তেওঁ পৰিত্ৰাণ কৰিবলৈ আৰু বিনষ্ট কৰিবলৈকো সমৰ্থ৷ কিন্তু চুবুৰীয়াৰ সোধ-বিচাৰ কৰা যি তুমি, তুমি নো কোন?\f + \fr 4.12 \ft মথি ৭:১-৫; ৰো ১৪:১০\f*
|
||
|
||
\s5
|
||
\p
|
||
\v 13 শুনক, আপোনালোকে কয় যে, আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ, তাতে এবছৰ থাকি বেহা-বেপাৰ কৰি লাভ কৰিম;
|
||
\v 14 কালিলৈ কি ঘটিব, সেই বিষয়ে আপোনালোকে নাজানে আৰু আপোনালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, আপোনালোক সেই ভাপস্বৰূপ৷
|
||
|
||
\s5
|
||
\p
|
||
\v 15 তাৰ সলনি বৰং এইদৰে আপোনালোকে কোৱা উচিত যে, " যদি প্ৰভুৱে ইচ্ছা কৰে, আমি জীয়াই থাকিম, আৰু এই কৰ্ম বা সেই কৰ্ম কৰিব পাৰিম।"
|
||
\v 16 কিন্তু এতিয়া আপোনালোকে নিজৰ নিজৰ পৰিকল্পনাত অহংকাৰ কৰি আছে; এনে অহংকাৰ অতি মন্দ।
|
||
\v 17 এতেকে যি কোনোৱে সৎকৰ্ম্ম কৰিবলৈ জানিও তাক নকৰে, তাৰ পাপ হয়।
|
||
|
||
\s5
|
||
\c 5
|
||
\ms ৫ অধ্যায়
|
||
\p
|
||
\v 1 এতেকে চাওঁক, হে ধনৱন্ত লোক, আপোনালোকৰ বাবে যি যি দুৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক।
|
||
\v 2 আপোনালোকৰ ধন-সম্পত্তি গেলি পচি যাব; আপোনালোকৰ কাপোৰবোৰ পোকে খোৱা হ’ব।
|
||
\v 3 আপোনালোকৰ সোণ-ৰূপ ক্ষয়ণীয় হ’ব আৰু সেই ক্ষয়ণীয়তাবোৰে আপোনালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু সেইবোৰে জুইৰ নিচিনা হৈ আপোনালোকৰ মঙহ খাব। আপোনালোকে শেষ কালতহে ধন সাঁচিলে।
|
||
|
||
\s5
|
||
\p
|
||
\v 4 চাওঁক, আপোনালোকৰ পথাৰৰ শষ্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰবঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।
|
||
\v 5 আপোনালোকে পৃথিবীত সুখ-ভোগ আৰু ইন্দ্ৰিয়-সুখাভিলাষেৰে দিন নিয়ালে; হত্যাৰ দিনটো আপোনালোকে নিজ নিজ হৃদয় তৃপ্ত কৰিলে।
|
||
\v 6 যি জনে আপোনালোকক প্ৰতিৰোধ নকৰে, সেই ধাৰ্ম্মিক লোক জনক আপোনালোকে দোষী কৰি বধ কৰিলে;
|
||
\s সহিষ্ণুতা আৰু প্ৰাৰ্থনাৰ সম্বন্ধে আশ্বাস
|
||
|
||
\s5
|
||
\p
|
||
\v 7 এতেকে, হে ভাই সকল, প্ৰভুৰ আগমণলৈ সহন কৰি থাকক। চাওঁক, খেতিয়কে খেতিৰ বহুমূল্য শস্যলৈ বাট চাই থাকে আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপাই, তেতিয়ালৈকে সহন কৰি থাকে।
|
||
\v 8 আপোনালোকেও সহন কৰক, নিজ নিজ হৃদয় থিৰে ৰাখক; কাৰণ প্ৰভুৰ আগমণ ওচৰ পালেহি।\f + \fr 5.8 \ft মথি ২৪:৩৩; ফিলি ৪:৫\f*
|
||
|
||
\s5
|
||
\p
|
||
\v 9 হে ভাই সকল, আপোনালোকৰ যাতে সোধ-বিচাৰ নহ’ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে আৰ্ত্তস্বৰ নকৰিব। চাওঁক, বিচাৰকৰ্ত্তা দুৱাৰ-মুখতে থিয় হৈ আছে।
|
||
\v 10 হে ভাই সকল, যি ভাববাদী সকলে প্ৰভুৰ নামেৰে কথা কৈ গ'ল, তেখেত সকলক ক্লেশ-সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে আৰ্হি বুলি মানিব।
|
||
\v 11 চাওঁক, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ ধৈৰ্য্যৰ বিষয়ে আপোনালোকে শুনিছে\f + \fr 5.11 \ft ইয় ১:২১; ২:১০\f* আৰু প্ৰভুৰ কাৰ্যৰো শেষ\f + \fr 5.11 \ft ইয় ৪২:১০-১৭\f* দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু দয়ালু।
|
||
|
||
\s5
|
||
\p
|
||
\v 12 কিন্তু, হে মোৰ ভাই সকল, বিশেষকৈ আপোনালোকে স্বৰ্গৰ, নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতেৰে শপত নাখাব; কিন্তু আপোনালোকে যেন সোধ-বিচাৰত নপৰে এই কাৰণে আপোনালোকৰ "হয়" যেন "হয়" হওঁক আৰু "নহয়" যেন "নহয়" হওঁক।
|
||
|
||
\s5
|
||
\p
|
||
\v 13 আপোনালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰি আছে নে? তেওঁ প্ৰাৰ্থনাত বাধ্য হওঁক। কোনোবা হৰ্ষিত হৈছে নে? তেওঁ গীত-গান কৰক।
|
||
\v 14 কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক;
|
||
\v 15 তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।
|
||
|
||
\s5
|
||
\p
|
||
\v 16 এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্ম্মিকৰ নিবেদন কাৰ্যসাধন কৰাত মহা-শক্তি বিশিষ্ট।
|
||
\v 17 এলিয়া,\f + \fr 5.17 \ft ১ ৰাজা ১৭:১; ১৮:৪২-৪৫\f* আমাৰ নিচিনা সুখ-দুখ অনুভূতিশীল লোক হৈয়ো, তেওঁ বৰষুণ নহ’বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে; তাতে তিনি বছৰ ছয় মাহলৈকে দেশত বৰষুণ নহ’ল।
|
||
\v 18 পাছত আকৌ প্ৰাৰ্থনা কৰাত, আকাশৰ পৰা বৰষুণ হ’ল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে।
|
||
|
||
\s5
|
||
\p
|
||
\v 19 হে মোৰ ভাই সকল, আপোনালোকৰ মাজৰ কোনো এজন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে,
|
||
\v 20 তেনেহলে তেওঁ ইয়াকে জানক যে, যি জনে কোনো এজন পাপীক ভ্ৰষ্ট পথৰ পৰা ঘূৰাই আনে, তেওঁ সেই জনৰ প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু তেওঁৰ পাপ সমূহ ঢাকা হব৷\f + \fr 5.20 \ft হিতো ১০:১২; ১ পি ৪:৮\f*
|