200 lines
27 KiB
Plaintext
200 lines
27 KiB
Plaintext
\id 2TI Assamese Old Version Revision
|
||
\ide UTF-8
|
||
\rem copyright Information: Creative commons Attribution- ShareAlike 4.0 License
|
||
\h ২ তীম.
|
||
\toc1 তীমথিয়ৰ প্ৰতি দ্বিতীয় পত্ৰ
|
||
\toc2 ২ তীমথিয়
|
||
\toc3 ২ তীম.
|
||
\mt1 তীমথিয়ৰ প্ৰতি দ্বিতীয় পত্ৰ
|
||
|
||
|
||
\s5
|
||
\c 1
|
||
\cl ১ অধ্যায়
|
||
\s মঙ্গলাচৰণ ; ধৈর্য্য আৰু সহন প্ৰকাশ কৰিবলৈ নিবেদন
|
||
\p
|
||
\v 1 মই পৌল, খ্ৰীষ্ট যীচুত থকা জীৱনৰ প্ৰতিজ্ঞা অনুসৰি, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি;
|
||
\v 2 প্ৰিয় পুত্ৰ তীমথিয়ৰ সমীপলৈ: পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।
|
||
|
||
\s5
|
||
\p
|
||
\v 3 মই ঈশ্ৱৰক ধন্যবাদ দিওঁ, যি জন ঈশ্বৰক মই শুচি বিবেকেৰে\f + \fr 1:3 \ft পাঁ ২৩:১ ; ২ কৰি ১:১২ ;ইব্ৰী ১৩:১৮৷\f* মোৰ পূর্ব-পুৰুষ সকলৰ দিনৰে পৰা আৰাধনা কৰোঁ; সেই জনৰ ওচৰত নিতৌ দিনে-ৰতিয়ে প্রার্থনা কৰাৰ সময়ত তোমাক সোঁৱৰণ কৰোঁ,
|
||
\v 4 তোমাৰ চকুলো আনন্দেৰে পূৰ হোৱা চাবলৈ মই অতিশয় হাবিয়াহ কৰি আছোঁ।
|
||
\v 5 যি বিশ্বাস প্ৰথমে তোমাৰ বুঢ়ী মা লোয়ী আৰু তোমাৰ মাতৃ উনীকীৰ অন্তৰত বাস কৰিছিল, বোধ কৰোঁ তেনে অকপট বিশ্ৱাস তোমাৰ অন্তৰতো বাস কৰিছে বুলি মই সুনিশ্চিত৷
|
||
|
||
\s5
|
||
\p
|
||
\v 6 এই কাৰণে মই তোমাক সোঁৱৰাইছো যে, মোৰ হাত তোমাৰ ওপৰত দিয়াৰ দ্বাৰাই ঈশ্ৱৰৰ যি বৰদান তোমাক দিয়া হ’ল, তাক পুনৰ জাগ্ৰত কৰা৷
|
||
\v 7 কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি,\f + \fr 1:7 \ft লূক ২৪:৪৯ ; পাঁ ১:৮ ; ৰো ৮:১৫\f* প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।
|
||
|
||
\s5
|
||
\p
|
||
\v 8 এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অর্থে বন্দীয়াৰ হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহবা কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবার্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা,
|
||
\v 9 কাৰণ তেৱেঁই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে, সেয়ে আমাৰ কর্মৰ দৰে নহয় কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰদৰেহে কৰিলে; যি অনুগ্ৰহ অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীচুত আমাক দিয়া আছিল;
|
||
\v 10 কিন্তু এতিয়া আমাৰ ত্ৰাণকর্ত্তা খ্ৰীষ্ট যীচুৰ আবির্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ'ল; যি জনে মৃত্যুক বিনাশ কৰি,\f + \fr 1:10 \ft যো ৫:২৫-২৯ ; ১১:২৫ ; ১ কৰি ১৫:৫৫ ; ইব্ৰী ২:১৪,১৫\f* শুভবার্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে;
|
||
\v 11 সেই শুভবার্তাৰ কাৰণে মোক ঘোষণাকাৰী, পাঁচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে।
|
||
|
||
\s5
|
||
\p
|
||
\v 12 এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে গতাই দিলোঁ,\f + \fr 1:12 \ft ১ পি ৪:১৯৷\f* তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।
|
||
\v 13 মোৰ যি যি কথা শুনিলা তাক নিৰাময় বাক্যৰ আর্হি হিচাপে লৈ খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা।
|
||
\v 14 যি উত্তম দান তোমাক গতাই দিয়া হৈছে, সেই দান আমাত নিবাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখিবা।
|
||
|
||
\s5
|
||
\p
|
||
\v 15 ফুগিল্ল আৰু হর্মগিনি আদি কৰি এচিয়াত থকা সকলোৱেই মোৰ পৰা বিমূখ হল৷ এই বিষয়ে তুমি জানি আছা।
|
||
\v 16 অনীচিমৰ ঘৰৰ লোক সকলক প্ৰভুৱে দয়া কৰক, কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জুৰাইছিল আৰু মই বন্দীশালৰ শিকলিত থাকিলেও লাজ নাপাইছিল;
|
||
\v 17 বৰং ৰোম নগৰত থাকোঁতে, তেওঁ অতি কষ্টেৰে মোক বিচাৰি পাইছিল -
|
||
\v 18 তেওঁ যাতে সেইদিনা (প্ৰভু অহাৰ দিনত) প্ৰভুৰ পৰা দয়া পায়, প্ৰভুৱে এনে অনুগ্ৰহ কৰক, আৰু ইফিচতো তেওঁ কিমান সেৱা শুশ্ৰূষা কৰিছিল সেই বিষয়েও তুমি ভালকৈ জনা৷
|
||
|
||
\s5
|
||
\c 2
|
||
\cl ২ অধ্যায়
|
||
\p
|
||
\v 1 এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীচুত থকা যি অনুগ্ৰহ, তাৰ দ্ৱাৰাই তুমি বলৱান হোৱা।\f + \fr 2:1 \ft যিহো ১:৭ ; ইফি ৬:১০৷\f*
|
||
\v 2 আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসী আৰু নিপুণ লোক সকলক সমর্পন কৰা।
|
||
|
||
\s5
|
||
\p
|
||
\v 3 খ্ৰীষ্ট যীচুৰ এজন উত্তম সৈনিকৰ দৰে তুমি মোৰে সৈতে ক্লেশ সহন কৰা।
|
||
\v 4 কোনো এজন লোক সৈনিকৰ কামত থাকোতে জীৱিকাৰ অর্থে অন্য কোনো ব্যবসায়ত নিজকে আৱদ্ধ হবলৈ নিদিয়ে কিন্তু যি জনে তেওঁক এই পদ দিলে, তেওঁকহে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে।
|
||
\v 5 একেদৰে কোনো এজন খেলুৱৈয়ে যদিও জিকিবলৈ যত্ন কৰে, তথাপি তেওঁ যদি বিধান অনুসাৰে পালন নকৰে, তেন্তে তেওঁক মুকুটেৰে বিভূষিত কৰা নহয়।
|
||
|
||
\s5
|
||
\p
|
||
\v 6 পৰিশ্ৰমী খেতিয়কে প্ৰথমেই তেওঁৰ শষ্যৰ ভাগ ভোগ কৰিব লাগে৷
|
||
\v 7 মই যি যি কলোঁ সেই বিষয়ে বিবেচনা কৰা, কিয়নো প্ৰভুৱে সকলো বিষয় বুজিবলৈ তোমাক জ্ঞান দিব।
|
||
|
||
\s5
|
||
\p
|
||
\v 8 মোৰ শুভবার্তাৰ দৰে, মৃত লোকৰ মাজৰ পৰা তোলা, দায়ুদৰ বংশৰ যীচু খ্ৰীষ্টক সোঁৱৰণ কৰা৷
|
||
\v 9 সেই শুভবার্তাৰ সম্বন্ধে মই শিকলিৰ বন্ধনত থাকি দুষ্কর্মীৰ দৰে ক্লেশ ভোগ কৰিছোঁ। কিন্তু ঈশ্বৰৰ সেই বাক্যত হ'লে শিকলিৰ বন্ধন নাই।
|
||
\v 10 এই কাৰণে যি সকলক মনোনীত কৰা হ'ল অর্থাৎ তেওঁলোকেও অনন্ত গৌৰৱেৰে সৈতে যেন খ্ৰীষ্ট যীচুত থকা পৰিত্ৰাণ লাভ কৰিব পাৰে, তাৰ কাৰণে মই এই সকলোবোৰকে সহন কৰিছোঁ।
|
||
|
||
\s5
|
||
\p
|
||
\v 11 এই কথা বিশ্বাসযোগ্য:
|
||
\q "আমি যদি তেওঁৰ সৈতে মৰিলোঁ, তেন্তে তেওঁৰে সৈতে জীৱনৰো ভাগী হম।
|
||
\q
|
||
\v 12 আমি যদি সহন কৰোঁ, তেন্তে তেৱে সৈতে ৰাজত্বও কৰিম৷
|
||
\q আমি যদি তেওঁক অস্বীকাৰ কৰোঁ, তেন্তে তেৱো আমাক অস্বীকাৰ কৰিব৷\f + \fr 2:12 \ft মথি ১০:৩২,৩৩ ; মার্ক ৮:৫৮৷\f*
|
||
\q
|
||
\v 13 আমি অবিশ্বাসী হলেও, তেওঁ বিশ্বাসী হৈ থাকে,
|
||
\m কিয়নো তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে।"\f + \fr 2:13 \ft গণ ২৩:১৯ ; তীত ১:২\f*
|
||
|
||
\s5
|
||
\p
|
||
\v 14 তুমি এই সকলো কথা তেখেত সকলক সোঁৱৰাই থাকিবা আৰু বাগযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেখেত সকলক দৃঢ় আজ্ঞা কৰা, কিয়নো বাগযুদ্ধবোৰে একো লাভ নজন্মাই কিন্তু শুনা লোক সকলক নাশ কৰে।
|
||
\v 15 তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কর্মী আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুন\f + \fr 2:15 \ft মথি ১৩:৫২ ; লূক ১২:৪২\f*হবলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে যত্ন কৰা।
|
||
|
||
\s5
|
||
\p
|
||
\v 16 কিন্তু নিন্দাযুক্ত কথাবোৰৰ পৰা পৃথক হোৱা, কিয়নো এইবোৰে অধিকৰূপে ঈশ্ৱৰক অবিশ্ৱাস কৰিবলৈহে বাট দেখুৱাই৷
|
||
\v 17 এনে কথাবোৰ বিয়পি পৰে আৰু গেলা 'ঘাৰ'দৰে নষ্ট কৰি বিস্তাৰ লাভ কৰে, এনে লোকবোৰৰ ভিতৰতে হুমিনায় আৰু ফিলীত আছে,
|
||
\v 18 তেওঁলোক সত্য পথৰ পৰা ভ্ৰষ্ট হোৱা৷ তেওঁলোকে পুনৰুত্থান হৈ যোৱা বুলি প্ৰচাৰ কৰি কিছুমান লোকৰ বিশ্বাস বিনষ্ট কৰিছে।
|
||
|
||
\s5
|
||
\p
|
||
\v 19 তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- "প্ৰভুৱে তেওঁৰ লোক সকলক জানে,"\f + \fr 2:19 \ft গণ ১৬:৫ ; নহূ ১:৭ ; যো ১০:১৪৷\f* আৰু "যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।"\f + \fr 2:19 \ft গণ ১৬:২১ ; যি ৫২:১১৷\f*
|
||
\v 20 কিয়নো ডাঙৰ ঘৰত কেৱল সোণ ৰূপৰ পাত্ৰহে থাকে, এনে নহয়, কাঠৰ আৰু মাটিৰ পাত্ৰও থাকে৷ তাৰে কিছুমান সমাদৰৰ কাৰণে আৰু কিছুমান অনাদৰৰ কাৰণে।
|
||
\v 21 এতেকে কোনোৱে যদি এইবোৰৰ পৰা নিজকে শুচি কৰি ৰাখে তেন্তে তেওঁ সমাদৰৰ পাত্ৰ, পবিত্ৰীকৃত, প্ৰভুৰ কার্যৰ বাবে উপযোগী আৰু সকলো সৎকর্মৰ বাবে প্ৰস্তুত থাকিব।
|
||
|
||
\s5
|
||
\p
|
||
\v 22 কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ\f + \fr 2:22 \ft ১ পি ২:১১৷\f* পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি আৰু নিৰ্মল মনেৰে প্ৰভুলৈ প্ৰার্থনা কৰা লোক সকলৰ সৈতে এক হৈ সেইবোৰক অনুসৰণ কৰা৷
|
||
\v 23 কিন্তু মূঢ় আৰু অশিষ্ট বাদ-বিচাৰবোৰ অস্ৱীকাৰ কৰা, কিয়নো এইবোৰ বিষয়ে বিৰোধৰ জন্ম দিয়ে বুলি জানা৷
|
||
|
||
\s5
|
||
\p
|
||
\v 24 প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে কিন্তু সকলোকে মৃদুশীল, শিক্ষা দিয়াত নিপুন আৰু অপকাৰত সহনীয় হৈ,
|
||
\v 25 বিৰোধ কৰাবোৰক মৃদুভাবে শিক্ষা দিব লাগে৷ তেতিয়া সেইটো সত্যৰ তত্ব জ্ঞানৰ অর্থে ঈশ্বৰে তেওঁলোকক মন-পালটনৰ বৰ দিব
|
||
\v 26 আৰু চয়তানৰ ইচ্ছা সাধনৰ অর্থে তাৰ ফান্দত বন্দী হৈ থাকিলেও তেওঁলোকে চেতনা পাব।
|
||
|
||
\s5
|
||
\c 3
|
||
\cl ৩ অধ্যায়
|
||
\s শেষকালত হবলগীয়া ভ্ৰষ্টতাৰ বিষয়ে চেতনা-বাক্য
|
||
\p
|
||
\v 1 কিন্তু ইয়াকে জানিবা যে, শেষ কালত ভয়ঙ্কৰ সময় উপস্থিত হব।
|
||
\v 2 কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰীতি কৰোঁতা, ধন-লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ,
|
||
\v 3 স্নেহহীন, বুজনি নমনা, অপবাদক, ইন্দ্ৰিয় দমন নকৰা, উগ্ৰ, সাধুক ঘিণাওঁতা,
|
||
\v 4 বিশ্বাসঘাতক, আঁকোৰগোজ, মদগৰ্বী, ঈশ্বৰ প্ৰিয়তকৈ বৰং সুখ প্ৰিয় হব৷
|
||
|
||
\s5
|
||
\p
|
||
\v 5 তেওঁলোকে ধাৰ্মিকতাৰ আকাৰ ধাৰণ কৰিব, কিন্তু তাৰ শক্তি অস্বীকাৰ কৰিব। এনে লোক সকলৰ পৰা তুমি আতৰি থাকিবা।
|
||
\v 6 কিয়নো তেওঁলোকৰ কিছুমান মানুহে, ছলেৰে পৰৰ ঘৰত সোমাই, নির্ব্বুদ্ধি তিৰোতা সকলক মোহিত কৰি বন্দীনীৰ তুল্য কৰিলে আৰু পাপত ভাৰাক্ৰান্ত কৰি নানাবিধ অভিলাষেৰে চালিত কৰিলে৷
|
||
\v 7 এই তিৰোতা সকলে সদায় নতুন শিক্ষা পাবলৈ চেষ্টা কৰে, কিন্তু সত্যৰ তত্ব জ্ঞান পাবলৈ হলে কেতিয়াও সমর্থ নহয়৷
|
||
|
||
\s5
|
||
\p
|
||
\v 8 যেনেকৈ যান্নি আৰু যামব্ৰিয়ে মোচিৰ বিৰোধীতা কৰিছিল,\f + \fr 3.8 \ft যা ৭:২২\f* তেনেকৈ এই মিছা শিক্ষক সকলেও সত্যতাৰ প্ৰতিৰোধ কৰিছিল৷ তেখেত সকল মন ভ্ৰষ্ট আৰু বিশ্বাসৰ সম্বন্ধে অপ্ৰমাণিক৷।
|
||
\v 9 কিন্তু তেখেত সকলে অধিক আগবাঢ়িব নোৱাৰিব, কিয়নো সেই দুজনৰ দৰে, তেখেত সকলৰো মূর্খতা\f + \fr 3.9 \ft যা ৮:১৮,১৯; ৯:১১\f* সকলোৰে আগত প্ৰকাশিত হব।
|
||
|
||
\s5
|
||
\p
|
||
\v 10 কিন্তু তুমি মোৰ শিক্ষা, আচাৰ-ব্যৱহাৰ, অভিপ্ৰায়, বিশ্বাস, চিৰসহিষ্ণুতা, প্ৰেম, ধৈর্য্য,
|
||
\v 11 তাড়না আৰু দুখভোগ, সেই সকলোৰে অনুগামী হলা আৰু আন্তিয়খিয়া, ইকনিয়, আৰু লুস্ত্ৰাত মোলৈ কি ঘটনা ঘটিছিল, তাকো জানা৷ মই এনে ধৰণৰ তাড়না সহন কৰিছোঁ যে, সেইবোৰ তাড়নাৰ পৰাও মোক ঈশ্ৱৰে উদ্ধাৰ কৰিলে৷\f + \fr 3.11 \ft গীত ৩৪:১৯\f*
|
||
\v 12 আৰু যি সকলে বাস্তবিকতে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে তাড়না পাব।\f + \fr 3.12 \ft মথি ১০:১৬-২২; যো ১৫:২০\f*
|
||
\v 13 কিন্তু দুষ্ট আৰু প্ৰবঞ্চক সকলে আন লোকক বিপথে লৈ যোৱাত আৰু নিজেও ভ্ৰান্ত হৈ অধিকৰূপে মন্দ হৈ যাব।
|
||
|
||
\s5
|
||
\p
|
||
\v 14 কিন্তু তুমি যি যি শিকিলা আৰু দৃঢ়তাৰে যি বিশ্বাস পালা, সেই শিক্ষাতে স্থিৰে থাকা, কিয়নো কোন ব্যক্তিৰ পৰা সেই শিক্ষা পালা, তাক তুমি জানা।
|
||
\v 15 আৰু যি পবিত্ৰ বিধান শাস্ত্ৰই খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণৰ অর্থে তোমাক জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশু কালৰে পৰা জানা।
|
||
|
||
\s5
|
||
\p
|
||
\v 16 সকলো ধৰ্মশাস্ত্র ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত (অনুপ্রাণিত হোৱা) আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক\f + \fr 3.16 \ft ৰো ১৫:৪\f*;
|
||
\v 17 যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকর্মৰ কাৰণে সুসজ্জিত হব পাৰে৷
|
||
|
||
\s5
|
||
\c 4
|
||
\cl ৪ অধ্যায়
|
||
\s বৃদ্ধ বন্দীয়াৰ পৌলৰ শেষ কথা
|
||
\p
|
||
\v 1 মই ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুৰ দৃষ্টিত, যিজন জীৱিত আৰু মৃত লোকৰ ভাবী বিচাৰকর্ত্তা,\f + \fr 4.1 \ft মথি ২৫:৩১; যো ৫:২২-২৯\f* তেওঁৰ আবির্ভাৱ আৰু ৰাজ্যৰ শপত দি, মই তোমাক এই দৃঢ় আজ্ঞা দিওঁ -
|
||
\v 2 তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা; সম্পূর্ণ চিৰসহিষ্ণুতা আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা।
|
||
|
||
\s5
|
||
\p
|
||
\v 3 কিয়নো লোক সমুহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজৰ চৌপাশে দ'মে দ'মে শিক্ষক কৰি ল’ব।
|
||
\v 4 তেনেকুৱা লোকবোৰে সত্যৰ পৰা কাণ ঘূৰাই, পৌৰাণিক কথালৈ মনোযোগ দিব।
|
||
\v 5 কিন্তু তুমি, সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবার্তা প্ৰচাৰকৰ কার্য কৰা, তোমাৰ পৰিচর্যা কর্ম সম্পূর্ণ কৰা।
|
||
|
||
\s5
|
||
\p
|
||
\v 6 কিয়নো সম্প্ৰতি মই নৈবেদ্য স্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ-নৌকা মেলিবৰ সময় উপস্থিত হৈছে।
|
||
\v 7 মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলো, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ,\f + \fr 4.7 \ft পাঁ ২০:২৪; ১ কৰি ৯:২৪-২৭\f* বিশ্বাস ৰাখিলোঁ।
|
||
\v 8 মোৰ বাবে যি ধাৰ্মিকতাৰূপ কিৰীটি সাঁচি ৰখা হৈছে,\f + \fr 4.8 \ft প্ৰ ২:১০;\f* সেই কিৰীটি ধার্মিক বিচাৰকর্তা প্ৰভুৰ দ্ৱাৰা সেইদিনা মোক দিয়া হব; আৰু অকল মোকে নহয়, কিন্তু তেওঁৰ আবির্ভাৱক প্ৰেম কৰা সকলোকে দিব।
|
||
|
||
\s5
|
||
\p
|
||
\v 9 মোৰ ওচৰলৈ সোনকালে আহিবলৈ তুমি যত্ন কৰা;
|
||
\v 10 কিয়নো দীমাই এই বর্তমান সংসাৰৰ প্ৰেমত পৰি,\f + \fr 4.10 \ft ১ যো ২:১৫\f* মোক ত্যাগ কৰি থিচলনীকীলৈ গ'ল; ক্ৰীষ্কেন্ত গালাতীয়ালৈ আৰু তীত দালমাতিয়ালৈ গ'ল।
|
||
|
||
\s5
|
||
\p
|
||
\v 11 এক মাত্ৰ লূকহে মোৰ লগত আছে। তুমি মার্কক লগত লৈ আহিবা; কিয়নো পৰিচর্যা কর্মত তেওঁ মোৰ বাবে উপকাৰী ।
|
||
\v 12 তুখিকক ইফিচলৈ পঠালো।
|
||
\v 13 ত্ৰোৱা নগৰত মই যি বৰ চোলাটো কার্পৰ হাতত এৰি আহিলো, তুমি আহোতে সেই চোলাটো আৰু পুস্তকবোৰ, বিশেষকৈ ছালত লেখা পুস্তক আৰু সামগ্ৰীবোৰ লৈ আহিবা।
|
||
|
||
\s5
|
||
\p
|
||
\v 14 আলেকজেন্দাৰ কঁহাৰে মোৰ অপকাৰ কৰিলে; তেওঁৰ কর্ম অনুসাৰে প্ৰভুৱে তেওঁক প্ৰতিফল দিব।
|
||
\v 15 তেওঁলৈ তুমিও সাৱধান হবা; কিয়নো তেওঁ অতিশয়ৰূপে আমাৰ বাক্যৰ প্ৰতিৰোধ কৰিছিল।
|
||
\v 16 মই প্ৰথমবাৰ নিজৰ পক্ষে উত্তৰ দিয়াৰ সময়ত, কোনেও মোৰ ফলীয়া হৈ উপস্থিত নহল; সকলোৱে মোক ত্যাগ কৰিলে; এয়ে তেওঁলোকলৈ গনিত নহওক।
|
||
|
||
\s5
|
||
\p
|
||
\v 17 কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ\f + \fr 4.17 \ft মথি ১০:১৮-২০; পাঁ ২৩:১১\f* মোক বলৱান কৰিলে; তাতে মই সিংহৰ মুখৰ পৰা উদ্ধাৰ পালোঁ।\f + \fr 4.17 \ft ২ পি ২:৯\f*
|
||
\v 18 প্ৰভুৱে মোক সকলো দুষ্কর্মৰ পৰা উদ্ধাৰ কৰিব\f + \fr 4.18 \ft গীত ১২১:৭\f* আৰু তেওঁৰ স্বৰ্গীয় ৰাজ্যৰ অর্থে ৰক্ষা কৰিব; তেওঁৰ মহিমা চিৰকাল হওক। আমেন।
|
||
|
||
\s5
|
||
\p
|
||
\v 19 তুমি প্ৰিষ্কা, আক্কিলাক আৰু অনীচিমৰ ঘৰ লোক সকলক মঙ্গলবাদ দিবা।
|
||
\v 20 ইৰাস্তচ কৰিন্থত থাকিল, কিন্তু ত্ৰফিম নৰিয়া পৰাত মই তেওঁক মিলীতত থৈ আহিলো।
|
||
\v 21 তুমি জাৰ-কালিৰ আগেয়ে আহিবলৈ যত্ন কৰিবা। উবুল, পূদেন্ত, লীন, ক্লৌদিয়া ভনী আৰু সকলো ভাইয়ে তোমাক মঙ্গলবাদ কৰিছে।
|
||
\p
|
||
\v 22 প্ৰভু তোমাৰ আত্মাৰ লগত থাকক। তোমালোকৰ লগত অনুগ্ৰহ থাকক। আমেন৷
|