1340 lines
253 KiB
Plaintext
1340 lines
253 KiB
Plaintext
\id JDG
|
||
\ide UTF-8
|
||
\sts The Book of The Judges (বিচাৰকৰ্ত্তাবিলাকৰ বিৱৰণ)
|
||
\h বিচাৰকর্তাসকলৰ পুস্তক
|
||
\toc1 বিচাৰকর্তাসকলৰ পুস্তক
|
||
\toc2 বিচাৰকর্তাসকলৰ পুস্তক
|
||
\toc3 jdg
|
||
\mt1 বিচাৰকর্তাসকলৰ পুস্তক
|
||
|
||
|
||
\s5
|
||
\c 1
|
||
\s কনানীয়াসকলৰ সৈতে ইস্রায়েলসকলৰ যুদ্ধ
|
||
\p
|
||
\v 1 যিহোচূৱাৰ মৃত্যুৰ পাছত ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাক সুধিলে, “কনানীয়াসকলৰ বিপক্ষে আমি যেতিয়া যুদ্ধ কৰিবলৈ উপত্যকাৰ ওপৰলৈ যাম, তেতিয়া আমাৰ হৈ যুদ্ধ কৰিবলৈ কোনে প্রথমে তেওঁলোকক আক্রমণ কৰিব?”
|
||
\v 2 উত্তৰত যিহোৱাই ক’লে, “প্রথমে যিহূদা জনগোষ্ঠীৰ লোকসকল যাব; চোৱা, মই তেওঁলোকৰ হাততে এই দেশ সমৰ্পণ কৰিলো।”
|
||
\v 3 এই কথা শুনাৰ পাছত যিহূদা বংশৰ লোকসমূহে গৈ চিমিয়োন জনগোষ্ঠীৰ তেওঁলোকৰ ভাইসকলক ক’লে, “যি ঠাই আমাৰ ভাগত পৰিছে, সেই অঞ্চলত থকা কনানীয়াসকলৰ অহিতে যুদ্ধ কৰিবৰ বাবে তোমালোকো আমাৰ সৈতে আঁহা, তেতিয়া আমি একেলগে মিলি যুদ্ধ কৰিব পাৰিম আৰু পাছত সেইদৰে আমিও তোমালোকৰ অঞ্চল দখল কৰিবৰ বাবে তোমালোকৰ লগত যুদ্ধলৈ যাম।” তেতিয়া চিমিয়োন জনগোষ্ঠীৰ লোকসকল তেওঁলোকৰ লগত গ’ল।
|
||
\p
|
||
\s5
|
||
\v 4 যিহূদা বংশৰ লোকসকল ওপৰলৈ উঠি গৈ আক্রমণ কৰাত যিহোৱাই কনানীয়া আৰু পৰিজ্জীয়াসকলৰ ওপৰত তেওঁলোকক জয়ী কৰিলে। তেওঁলোকৰ দহ হাজাৰ সৈন্যক তেওঁলোকে বেজক অঞ্চলত বধ কৰিলে।
|
||
\v 5 বেজকত তেওঁলোকে অদুনী-বেজকক দেখা পাই তেওঁৰ সৈতে যুদ্ধ কৰিলে আৰু কনানীয়া ও পৰিজ্জীয়াসকলক পৰাস্ত কৰিলে।
|
||
\s5
|
||
\v 6 কিন্তু অদুনী-বেজক যেতিয়া পলাই গৈছিল, তেতিয়া তেওঁলোকে পাছে পাছে খেদি গৈ তেওঁক ধৰি তেওঁৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলালে।
|
||
\v 7 তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলো। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলো, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।
|
||
\p
|
||
\s5
|
||
\v 8 যিহূদা বংশৰ লোকসকলে যিৰূচালেম আক্রমণ কৰি তাক অধিকাৰ কৰিলে। তেওঁলোকে তৰোৱালেৰে সকলোকে বধ কৰি নগৰখনত জুই লগাই দিলে।
|
||
\v 9 তাৰ পাছত তেওঁলোকে পাহাৰীয়া এলেকা, নেগেভ আৰু পশ্চিমৰ নিম্নভূমিত বাস কৰা কনানীয়াসকলৰে সৈতে যুদ্ধ কৰিবলৈ নামি গ’ল।
|
||
\v 10 তেওঁলোকে হিব্ৰুনৰ বাসিন্দা কনানীয়াসকলৰ বিৰুদ্ধে আগুৱাই গৈ চেচয়, অহিমন আৰু তলময়ক পৰাস্ত কৰিলে। হিব্ৰুনৰ আগৰ নাম আছিল কিৰিয়ত-অৰ্ব্ব।
|
||
\p
|
||
\s5
|
||
\v 11 তাৰ পৰা তেওঁলোক দবীৰ চহৰৰ বিৰুদ্ধে আগবাঢ়ি গ’ল; দবীৰৰ পূর্বৰ নাম আছিল কিৰিয়ৎ-চেফৰ।
|
||
\v 12 কালেবে কৈছিল, “যি জনে কিৰিয়ৎ-চেফৰক আক্ৰমণ কৰি অধিকাৰ কৰিব, মই মোৰ জী অকচাক তেওঁৰে সৈতে বিয়া দিম।”
|
||
\v 13 তাতে কালেবৰ ভায়েক কনজৰ সন্তান অৎনীয়েলে দবীৰ অধিকাৰ কৰিলে আৰু সেয়ে কালেবে নিজৰ জীয়েক অকচাক অৎনীয়েলে সৈতে বিয়া দিলে।
|
||
\s5
|
||
\v 14 অৎনীয়েলৰ লগত অকচা অহাৰ পাছতেই অকচাই স্বামীক খাটিবলৈ ধৰিলে যেন তেওঁ তাইৰ বাপেকক তাইৰ কাৰণে এখন পথাৰ দিবলৈ অনুৰোধ কৰে। পাছত, অকচা যেতিয়া গাধৰ পিঠিৰ পৰা নামিল, কালেবে তাইক সুধিলে, “তোমাক কি লাগে মাজনী?”
|
||
\v 15 তাই উত্তৰ দিলে, “দেউতা, আপুনি মোক এক আশীর্বাদ দিয়ক; কিয়নো আপুনি মোক নেগেভৰ ভূমি যেতিয়া দিছে, তেন্তে জলৰ নিজৰাবোৰো মোক দিয়ক।” এই কথা শুনি কালেবে তাইক সেই ঠাইৰ ওপৰ আৰু তল অংশত থকা নিজৰাবোৰ দিলে।
|
||
\p
|
||
\s5
|
||
\v 16 মোচিৰ শহুৰেকৰ বংশৰ সন্তানসকল, যিসকল জাতিত কেনীয়া আছিল, তেওঁলোকে যিহূদাৰ লোকসকলৰ সৈতে খেজুৰ চহৰৰ
|
||
\f +
|
||
\fr 1:16
|
||
\ft খেজুৰ চহৰ অর্থাৎ যিৰিহো নগৰ
|
||
\f* পৰা অৰাদ এলেকাৰ ওচৰৰ নেগেভত থকা যিহূদাৰ লোকসকলে বসবাস কৰা মৰুভূমিলৈ তেওঁলোকে সৈতে বসবাস কৰিবলৈ উঠি গ’ল।
|
||
\v 17 যিহূদা বংশৰ লোকসমূহে তেওঁলোকৰ ভাই চিমিয়োন বংশৰ লোকসমূহৰ লগত গৈ চফৎ চহৰৰ বাসিন্দা কনানীয়সকলক আক্রমণ কৰিলে আৰু সেই চহৰ সম্পূর্ণকৈ বিনষ্ট কৰিলে। এই কাৰণতে সেই চহৰৰ নাম দিয়া হ’ল হর্ম্মা (যাৰ অর্থ বিনষ্ট)।
|
||
\s5
|
||
\v 18 যিহূদা বংশই গাজা, অস্কিলোন, ইক্রোন চহৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চলসমূহ দখল কৰিলে।
|
||
\v 19 যিহোৱা যিহূদা বংশৰ লোকসকলৰ সঙ্গত আছিল। তেওঁলোকে পাহাৰী এলেকাবোৰ দখল কৰি নিছিল হয়, কিন্তু সমতল ভূমিৰ নিবাসীসকলক খেদাব পৰা নাছিল, কাৰণ তেওঁলোকৰ লোহাৰ ৰথ আছিল।
|
||
\p
|
||
\s5
|
||
\v 20 মোচিৰ আজ্ঞা অনুসাৰে হিব্রুণ চহৰ কালেবক দিয়া হ’ল। অনাকৰ তিনিটা পুতেকক কালেবে হিব্রুণৰ পৰা খেদাই দিলে।
|
||
\v 21 কিন্তু বিন্যামীন বংশৰ লোকসকলে যিৰূচালেমত বাস কৰা যিবুচীয়াসকলক উচ্ছেদ নকৰিলে; সেয়ে বিন্যামীন বংশৰ লগত যিবুচীয়াসকল আজিও তাত বসবাস কৰি আছে।
|
||
\p
|
||
\s5
|
||
\v 22 যোচেফৰ বংশয়ো বৈৎএল নগৰ আক্রমণ কৰিবলৈ গ’ল। যিহোৱা তেওঁলোকৰ সঙ্গী আছিল।
|
||
\v 23 তেওঁলোকে বৈৎএল নগৰখন ভালদৰে চাইচিতি আহিবলৈ মানুহ পঠালে; বৈৎএলৰ আগৰ নাম আছিল লুজ।
|
||
\v 24 পাছত চোৰাংচোৱাসকলে সেই নগৰৰ পৰা এজন মানুহক বাহিৰলৈ ওলাই অহা দেখি, তেওঁক ক’লে, “অনুগ্রহ কৰি এই নগৰত সোমোৱাৰ পথটো আপুনি আমাক দেখুৱাই দিয়ক। আমি আপোনালৈ দয়ালু হ’ম।”
|
||
\s5
|
||
\v 25 তেতিয়া, তেওঁ তেওঁলোকক নগৰত সোমোৱা পথ দেখুৱাই দিয়াত তেওঁলোকে গৈ সেই নগৰ তৰোৱালেৰে আক্রমণ কৰিলে, কিন্তু সেই লোকজনক আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকক ৰেহাই দিলে।
|
||
\v 26 তাৰ পাছত সেই মানুহজনে হিত্তীয়াসকলৰ দেশলৈ গৈ তাত এখন নগৰ সাজিলে আৰু তাৰ নাম লুজ ৰাখিলে; আজিলৈকে নগৰখন এই নামেৰেই আছে।
|
||
\p
|
||
\s5
|
||
\v 27 মনচিৰ বংশৰ লোকসকলে বৈৎচান, তানক, দোৰ, যিব্লিয়াম, মগিদ্দো চহৰৰ আৰু ইয়াৰ আশে-পাশে থকা গাওঁবোৰৰ বাসিন্দাসকলক উচ্ছেদ নকৰিলে, কাৰণ কনানীয়াসকলে সেই ঠাইতে থাকিবলৈ মন দৃঢ় কৰিলে।
|
||
\v 28 পাছত ইস্ৰায়েলীয়াসকল যেতিয়া শক্তিশালী হৈ উঠিল, তেতিয়া তেওঁলোকে সেই কনানীয়াসকলক তেওঁলোকৰ দাস হৈ কাম কৰিবলৈ বাধ্য কৰালে; কিন্তু তেওঁলোকক একেবাৰে খেদি নিদিলে।
|
||
\p
|
||
\s5
|
||
\v 29 ইফ্ৰয়িমৰ বংশধৰসকলেও গেজৰৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; সেয়ে তেওঁলোক গেজৰতে তেওঁলোকৰ মাজত বাস কৰি থাকিল।
|
||
\p
|
||
\s5
|
||
\v 30 জবূলুন বংশৰ লোকসকলেও কিট্ৰোন আৰু নহলোলৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; তাতে কনানীয়াসকল তেওঁলোকৰ মাজতে বাস কৰি থাকিল, কিন্তু জবূলুনৰ বংশধৰসকলে তেওঁলোকক দাসৰ কাম কৰিবলৈ বাধ্য কৰালে।
|
||
\p
|
||
\s5
|
||
\v 31 আচেৰ বংশয়েও অক্কো, চীদোন, অহলাব, অকজীব, হেলবা, অফীক, আৰু ৰহোবৰ লোকসমূহক বাহিৰ নকৰিলে।
|
||
\v 32 তেওঁলোকে সেই ঠাইৰ বাসিন্দা কনানীয়াসকলৰ মাজতে বাস কৰিবলৈ ধৰিলে, কাৰণ তেওঁলোকে সেইসকলক বাহিৰ নকৰিলে।
|
||
\p
|
||
\s5
|
||
\v 33 নপ্তালী বংশৰ লোকসকলে বৈৎ-চেমচ আৰু বৈৎ-অনাৎৰ লোকসকলক বাহিৰ নকৰিলে আৰু তেওঁলোকে সেই ঠাইৰ কনানীয়াসকলৰ মাজত বাস কৰিবলৈ ধৰিলে; বৈৎ-চেমচ আৰু বৈৎ-অনাৎবাসীক নপ্তালীসকলৰ বাবে কাম কৰিবলৈ বাধ্য কৰালে।
|
||
\p
|
||
\s5
|
||
\v 34 ইমোৰীয়াসকলে দানৰ বংশধৰসকলক পাহাৰীয়া এলেকাতে আটক কৰি বসতি কৰিবলৈ বাধ্য কৰালে; তেওঁলোকক সমতল ভূমিলৈ নামি আহিব নিদিলে।
|
||
\v 35 ইমোৰীয়াসকলে হেৰচ পর্বত, অয়ালোন আৰু চালবীমত বাস কৰিবলৈ ধৰিলে; কিন্তু যোচেফৰ বংশৰ লোকসকলৰ সৈন্য শক্তিয়ে সেইবোৰ জয় কৰিলে আৰু ইমোৰীয়াসকলক তেওঁলোকৰ দাসৰ কার্য কৰিবলৈ বাধ্য কৰালে।
|
||
\v 36 ইমোৰীয়াসকলৰ সীমা অক্ৰব্বীম গিৰিপথৰ পৰা চেলা পাৰ হৈ ওপৰৰ পর্বতীয়া অঞ্চললৈকে আছিল।
|
||
|
||
\s5
|
||
\c 2
|
||
\s বোখীমত ঈশ্বৰৰ দূত
|
||
\p
|
||
\v 1 যিহোৱাৰ দূতে গিলগলৰ পৰা বোখীমলৈ উঠি আহি ইস্রায়েলীসকলক ক’লে, “মই মিচৰ দেশৰ পৰা তোমালোকক বাহিৰ কৰি আনিলো অৰু যি দেশ দিম বুলি মই তোমালোকৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত শপত খাইছিলোঁ, সেই দেশলৈ তোমালোকক লৈ আহিলোঁ; মই কৈছিলোঁ, ‘তোমালোকৰ সৈতে স্থাপন কৰা মোৰ নিয়মটি মই কেতিয়াও নাভাঙিম।
|
||
\v 2 তোমালোকেও এই দেশৰ লোকসকলৰ সৈতে কোনো চুক্তি নকৰিবা; সিহঁতৰ বেদিবোৰ ভাঙি পেলাবা।’ কিন্তু তোমালোকে মোৰ কথালৈ কাণ নিদিলা। তোমালোকে কিয় এনে কার্য কৰিলা?
|
||
\p
|
||
\s5
|
||
\v 3 এই কাৰণে মই এতিয়া তোমালোকক কওঁ যে, ‘মই তোমালোকৰ ওচৰৰ পৰা কনানীয়াসকলক দূৰ নকৰিম; তেওঁলোক তোমালোকৰ কাৰণে কাঁইটস্বৰূপ হ’ব আৰু তেওঁলোকৰ দেৱতাবোৰ তোমালোকৰ কাৰণে এক ফান্দ হৈ পৰিব’।”
|
||
\v 4 যিহোৱাৰ দূতে ইস্ৰায়েলৰ সন্তানসকলক এইবোৰ কথা কোৱাৰ পাছত তেওঁলোক সকলোৱে উচ্চস্বৰে কান্দিবলৈ ধৰিলে।
|
||
\v 5 যি ঠাইত তেওঁলোকে কান্দিছিল সেই ঠাইৰ নাম বোখীম (যাৰ অর্থ ‘ক্ৰন্দনকাৰী’) ৰাখিলে; তেওঁলোকে তাত যিহোৱাৰ উদ্দেশ্যে অনেক বলি উৎসর্গ কৰিলে।
|
||
\s ইস্রায়েলৰ অবাধ্যতা আৰু পৰাজয়
|
||
\p
|
||
\s5
|
||
\v 6 যিহোচূৱাই ইস্রায়েলৰ সন্তানসকলক নিজৰ নিজৰ ঠাইলৈ পঠিয়াই দিলে। সেইদৰে তেওঁলোক প্রত্যেকেই যাক যি ভাগ দিয়া হ’ল, সেই ঠাইৰ আধিপত্য লবলৈ গ’ল।
|
||
\v 7 যিহোচূৱা যিমান দিন জীয়াই আছিল, সিমান দিনলৈকে ইস্রায়েলবাসীয়ে যিহোৱাৰ সেৱা কৰিছিল। যিহোচূৱাৰ মৃত্যুৰ পাছত যিসকল বৃদ্ধলোক জীৱিত আছিল, তেওঁলোকেও নিজৰ জীৱনকালত যিহোৱাৰ সেৱা কৰিছিল। ইস্ৰায়েলৰ লোকসকলৰ কাৰণে যিহোৱাই যি যি মহৎ কৰ্ম্ম কৰিছিল এইসকল বৃদ্ধলোকে তাক দেখিছিল।
|
||
\v 8 নূনৰ পুত্ৰ যিহোৱাৰ দাস যিহোচূৱাৰ এশ দহ বছৰ বয়সত মৃত্যু হ’ল।
|
||
\s5
|
||
\v 9 ইস্রায়েলবাসীয়ে যিহোচূৱাক তেওঁৰ নিজৰ মাটিৰ সীমাৰ ভিতৰৰ তিন্নৎহেৰচ নামৰ ঠাইত মৈদাম দিলে। এই ঠাই গাচ পর্ব্বতৰ উত্তৰত ইফ্রয়িমৰ পাহাৰীয়া অঞ্চলত আছিল।
|
||
\p
|
||
\v 10 যিহোচূৱাৰ সমসাময়িক সকলো প্রজন্মই মৃত্যু বৰণ কৰি নিজৰ ওপৰ পিতৃসকলৰ ওচৰলৈ যোৱাৰ পাছত পৰৱর্তী প্রজন্মৰ বৃদ্ধি হবলৈ ধৰিলে। তেওঁলোকে যিহোৱাক নাজানিলে। যিহোৱাই ইস্ৰায়েলবাসীৰ কাৰণে কি কৰিলে তেওঁলোকে সেইবোৰ নাজানিলে।
|
||
\s5
|
||
\v 11 সেয়ে তেওঁলোকে যিহোৱাৰ দৃষ্টিত যি বেয়া তেনে আচৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু বাল-দেৱতাবোৰৰ সেৱা-পূজা কৰিব ধৰিলে।
|
||
\v 12 তেওঁলোকৰ ওপৰ-পিতৃসকলৰ যিহোৱা ঈশ্বৰ, যিজনাই মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিল, তেওঁক তেওঁলোকে ত্যাগ কৰিলে। তেওঁলোকৰ চাৰিওফালে বসবাস কৰা লোকসমূহৰ বিভিন্ন দেৱ-দেৱীক প্রণিপাত কৰি সেইবোৰৰ পাছত চলিবলৈ ধৰিলে। তেওঁলোকে যিহোৱাৰ ক্রোধ প্রজ্বলিত কৰি তুলিলে।
|
||
\v 13 তেওঁলোকে যিহোৱাক ত্যাগ কৰি বাল-দেৱতা আৰু অষ্টাৰেৎ দেবীৰ পূজা কৰিবলৈ ধৰিলে।
|
||
\p
|
||
\s5
|
||
\v 14 যিহোৱাৰ ক্রোধ ইস্ৰায়েলবাসীৰ বিৰুদ্ধে জ্বলি উঠাত তেওঁ তেওঁলোকক লুটকাৰীসকলৰ হাতত শোধাই দিলে; সিহঁতে তেওঁলোকক লুট কৰিলে; তেওঁলোকৰ চাৰিওকাষে থকা শত্ৰুবোৰৰ শক্তিশালী হাতত তেওঁলোকক দাসৰূপে বেচিলে; তাতে তেওঁলোকে শত্ৰুবোৰৰ বিৰুদ্ধে থিয় হৈ নিজক পুণৰ ৰক্ষা কৰিব নোৱাৰিলে।
|
||
\v 15 যেতিয়া ইস্রায়েলীয়াসকল যুদ্ধলৈ যায় তেতিয়া যিহোৱাই যিদৰে শপত খাইছিল, সেই অনুসাৰে তেওঁৰ হাত তেওঁলোকৰ পৰাজয়ৰ কাৰণে তেওঁলোকৰ বিপক্ষে আছিল। তাৰ ফলত ইস্রায়েলীয়াসকল ভয়ঙ্কৰ দুর্দ্দশাৰ মাজত আছিল।
|
||
\p
|
||
\s5
|
||
\v 16 তেতিয়া যিহোৱাই তেওঁলোকৰ মাজত বিচাৰকৰ্ত্তাসকলক নিযুক্ত কৰিলে; ইস্রায়েলসকলক যিসকলে লুট কৰে, তেওঁলোকৰ হাতৰ পৰা এইসকলে তেওঁলোকক উদ্ধাৰ কৰে।
|
||
\v 17 কিন্তু ইস্রায়েলীয়াসকলে বিচাৰকৰ্ত্তাসকলৰ কথাত কাণ নিদিলে; কিয়নো তেওঁলোক যিহোৱাৰ প্রতি বিশ্বাসী নাছিল আৰু আন আন দেৱ-দেৱীৰ ওচৰত নিজকে বেচি ব্যভিচাৰ কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিছিল; তেওঁলোকৰ ওপৰ পিতৃসকলে যিহোৱাৰ আজ্ঞা পালন কৰি বাধ্যতাৰ যি পথত গমণ কৰিছিল, তেওঁলোকে সেই পথত নচলিলে আৰু অচিৰেই সেই পথৰ পৰা আঁতৰি গ’ল।
|
||
\s5
|
||
\v 18 যিহোৱাই যেতিয়া তেওঁলোকৰ কাৰণে কোনো বিচাৰকৰ্ত্তাক নিযুক্তি দিছিল, তেতিয়া তেওঁ সেই বিচাৰকৰ্ত্তাক সহায় কৰিছিল। সেইজন বিচাৰকৰ্ত্তা যিমান দিনলৈকে জীয়াই থাকে, সিমান দিনলৈকে যিহোৱাই শত্ৰুবোৰৰ হাতৰ পৰা ইস্রায়েলক উদ্ধাৰ কৰিছিল; অত্যাচাৰীসকলৰ হাতত উপদ্ৰৱ আৰু তাড়না পাই তেওঁলোকে যেতিয়া কন্দা-কটা কৰে, তেতিয়া তেওঁলোকৰ প্রতি যিহোৱাৰ দয়া ওপজে।।
|
||
\v 19 কিন্তু সেই বিচাৰকৰ্ত্তা মৰিলেই তেওঁলোকে পুণৰ ঘূৰি দেৱ-দেৱীবোৰৰ পাছত চলি পূজা-অর্চনা আৰু সেৱা-উপাসনাত ব্রতী হয়; তেওঁলোকে পূর্বপুৰুষসকলতকৈও অধিক ভ্রষ্টাচাৰৰ পথলৈ উলটি যায়। তেওঁলোকে একোতেই নিজৰ দুষ্ট অভ্যাস আৰু গোড়ামিৰ পথ নেৰে।
|
||
\p
|
||
\s5
|
||
\v 20 সেয়ে ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত তেওঁ ক’লে, “এই জাতিৰ পূর্বপুৰুষসকলৰ লগত মই যি ব্যৱস্থাৰ চুক্তি কৰিছিলো, তাক এওঁলোকে উলঙ্ঘন কৰিলে আৰু মোৰ কথাও নুশুনিলে।
|
||
\v 21 এই হেতুকে যিহোচূৱাৰ মৃত্যুৰ সময়ত যি সকলো অন্য জাতি এই দেশত অৱশিষ্ট থাকি গ’ল, মই সেইসকলক ইস্রায়েলৰ সন্মুখৰ পৰা পুণৰ দূৰ নকৰিম।
|
||
\v 22 ইস্রায়েলবাসীয়ে তেওঁলোকৰ পূর্বপুৰুষসকলে চলাৰ দৰে যিহোৱাৰ পথত চলে নে নচলে, এইসকল জাতিৰ যোগেদিয়েই মই তেওঁলোকৰ পৰীক্ষা কৰিম।”
|
||
\v 23 এই কাৰণতে যিহোৱাই সেই জাতিবোৰক শীঘ্ৰে বাহিৰ নকৰি দেশত ৰাখি থলে। তেওঁ যিহোচূৱাৰ হাততো তেওঁলোকক সমৰ্পণ নকৰিলে।
|
||
|
||
\s5
|
||
\c 3
|
||
\p
|
||
\v 1 যি সকল ইস্ৰায়েলীয়া লোকৰ কনান দেশত যুদ্ধৰ কোনো অভিজ্ঞতা নাছিল, সেইসকলক পৰীক্ষাত পেলাবলৈ যিহোৱাই কিছুমান জাতিক সেই দেশৰ মাজত অৱশিষ্ট ৰাখিলে।
|
||
\v 2 ইস্ৰায়েলৰ নতুন প্রজন্মৰ যিসকল সন্তানে আগৰ যুদ্ধবোৰৰ কথা নাজানিছিল, সেই ইস্রয়েলবাসীক যুদ্ধৰ বিষয়ে শিক্ষা দিবলৈ যিহোৱাই এনে কৰিলে।
|
||
\v 3 সেই জাতিবোৰ হ’ল, ফিলিষ্টীয়াসকলৰ পাঁচজন শাসনকর্তা, কনানীয়াসকল, চিদোনীয়া আৰু হিব্বীয়া জাতি। বাল-হৰ্মোন পাহাৰৰ পৰা লেবো-হমাত (হমাতৰ গিৰিপথ) পর্যন্ত লেবাননৰ যি পাহাৰী এলেকা আছে, এই হিব্বীয়াসকলে তাতে বাস কৰিছিল।
|
||
\s5
|
||
\v 4 যিহোৱাই মোচিৰ দ্বাৰাই ইস্রায়েলৰ ওপৰ-পিতৃসকলক যি আজ্ঞা দিছিল, তেওঁলোকে সেইবোৰ মানি চলে নে নাই তাক পৰীক্ষা কৰিবৰ অর্থে এই জাতিবোৰক ৰাখি থোৱা হৈছিল।
|
||
\v 5 সেয়ে ইস্ৰায়েলবাসীয়ে কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ মাজত বাস কৰিবলৈ ধৰিলে;
|
||
\v 6 তেওঁলোকে সেই জাতিবোৰৰ ছোৱালীক বিয়া কৰিছিল আৰু নিজৰ ছোৱালীবোৰকো তেওঁলোকৰ ল’ৰাবোৰৰ সৈতে বিয়া দিছিল আৰু তেওঁলোকে সেইসকলৰ দেৱতাবোৰক পূজা কৰিবলৈ ধৰিলে।
|
||
\s প্রথম বিচাৰকর্তা - অৎনীয়েল
|
||
\p
|
||
\s5
|
||
\v 7 ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাক পাহৰি বাল-দেৱতাবোৰক আৰু আচেৰা মুৰ্ত্তিবোৰক পুজা কৰিবলৈ ধৰিলে।
|
||
\v 8 এই হেতুকে ইস্ৰায়েলৰ প্রতি যিহোৱাৰ ক্ৰোধ প্রজ্বলিত হ’ল আৰু তেওঁ অৰাম-নহাৰয়িমৰ ৰজা কুচন-ৰিচাথয়িমৰ হাতত তেওঁলোকক তুলি দিলে। ইস্ৰায়েলৰ সন্তানসকল আঠ বছৰ কাল কুচন-ৰিচাথয়িমৰ অধীনত থাকিল।
|
||
\s5
|
||
\v 9 কিন্তু তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰাৰ পাছত, যিহোৱাই তেওঁলোকক সহায় কৰিবৰ কাৰণে এজন উদ্ধাৰকর্তা থিয় কৰালে; তেওঁ হ’ল কনজৰ পুত্র কালেবৰ ভায়েক অৎনীয়েল।
|
||
\v 10 যিহোৱাৰ আত্মা অৎনীয়েলৰ ওপৰত স্থিতি হোৱাত তেওঁ ইস্ৰায়েলৰ বিচাৰ কৰিলে। অৎনীয়েল যেতিয়া যুদ্ধলৈ ওলাই গৈছিল, যিহোৱাই তেওঁৰ হাতত অৰামৰ ৰজা কুচন-ৰিচাথয়িমক তুলি দিলে আৰু তেওঁক জয়ী কৰিলে। অৎনীয়েলত থকা শক্তিৰ দ্বাৰাই তেওঁ কুচন-ৰিচাথয়িমক পৰাজিত কৰিলে।
|
||
\v 11 তাৰ পাছত চল্লিশ বছৰলৈকে দেশত শান্তি আছিল; পাছত কনজৰ পুত্র অৎনীয়েলৰ মৃত্যু হ’ল।
|
||
\s বিচাৰকর্তা এহূদ
|
||
\p
|
||
\s5
|
||
\v 12 ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ সাক্ষাতে পুনৰায় কু-আচৰণ কৰি তেওঁৰ অবাধ্য হ’ল। ইস্রায়েলে কৰা দুষ্টতাৰ কার্যবোৰ দেখা পাই যিহোৱাই তেওঁলোকৰ অহিতে মোৱাবৰ ৰজা ইগ্লোনক শক্তিশালী কৰি তুলিলে।
|
||
\v 13 অম্মোনীয়া আৰু অমালেকীয়াসকলক লগত লৈ ইগ্লোনে ইস্ৰায়েলক পৰাজিত কৰি খেজুৰ গছৰ চহৰ
|
||
\f +
|
||
\fr 3:13
|
||
\ft অর্থাৎ যিৰিহো নগৰ।
|
||
\f* নিজৰ অধীনলৈ আনিলে।
|
||
\v 14 তাতে ইস্ৰায়েলৰ সন্তানসকল ওঠৰ বছৰ কাল মোৱাবৰ ৰজা ইগ্লোনৰ অধীন হৈ থাকিল।
|
||
\s5
|
||
\v 15 ইয়াৰ পাছত পুণৰায় ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে আৰু যিহোৱাই তেওঁলোকৰ কাৰণে এহূদ নামৰ এজন উদ্ধাৰকৰ্ত্তাক পঠালে। তেওঁ আছিল বিন্যামীনৰ বংশৰ গেৰাৰ পুতেক। তেওঁ বাওঁহতীয়া আছিল। মোৱাবৰ ৰজা ইগ্লোনক কৰ দিবৰ কাৰণে ইস্ৰায়েলৰ সন্তানসকলে তেওঁক পঠাইছিল।
|
||
\p
|
||
\s5
|
||
\v 16 এহূদে নিজৰ কাৰণে এখন এহাত দীঘল দুধৰীয়া তৰোৱাল গঢ়াই সোঁ কৰঙণত কাপোৰৰ তলত তাক বান্ধি ল’লে।
|
||
\v 17 তেওঁ গৈ মোৱাবৰ ইগ্লোনক ৰজাক সেই কৰ আদায় দিলে; এই ইগ্লোন এজন অতিশয় শকত মানুহ আছিল।
|
||
\v 18 কৰ দি এঁটোৱাৰ পাছত কৰ অনা লোকসকলক তেওঁ পঠাই দিলে।
|
||
\s5
|
||
\v 19 কিন্তু তেওঁ নিজে হ’লে গিলগলৰ ওচৰত প্রতিমা খোদাই কৰা শিলবোৰ পর্যন্ত গৈ ঘুৰি আহি ক’লে, “মহাৰাজ, আপোনাক মোৰ এটা গোপন সংবাদ দিবলৈ আছে।” ৰজাই নিজৰ লোকসকলক ক’লে, “তোমালোকে মনে মনে থাকা”; তাতে তেওঁৰ লোকসকল কোঠাটোৰ পৰা গুছি গ’ল।
|
||
\v 20 সেই সময়ত ৰজা ওপৰ কোঠালিৰ ঠাণ্ডা ঘৰত অকলে বহি আছিল; এহূদে তেওঁৰ কাষলৈ চাপি গৈ ক’লে, “আপোনাক ঈশ্বৰৰ পৰা অহা এটি বার্তা মোৰ ক’ব লগা আছে।” ৰজাই নিজৰ আসনৰ পৰা উঠি থিয় হ’ল।
|
||
\s5
|
||
\v 21 তাতে এহূদে বাওঁহাত মেলি সোঁ কৰঙণৰ পৰা সেই তৰোৱাল লৈ তেওঁৰ পেটত সোমোৱাই দিলে।
|
||
\v 22 নালেৰে সৈতে তৰোৱালখন পেটত সোমাই পিঠিফালে কিছু ওলাই গ’ল আৰু চর্বিত ঢাক খাই গ’ল; তেওঁ ইগ্লোনৰ পেটৰ পৰা তৰোৱালখন টানি বাহিৰ কৰি নুলিয়ালে।
|
||
\v 23 পাছত এহূদে বাৰাণ্ডালৈ ওলাই আহিল; ওপৰ কোঠালিৰ দুৱাৰবোৰ বন্ধ কৰি তলা মাৰি দিলে।
|
||
\p
|
||
\s5
|
||
\v 24 এহূদ বাহিৰলৈ ওলাই যোৱাৰ পাছত ৰজাৰ ভৃত্যবোৰে আহি দেখিলে ওপৰ কোঠালিৰ দুৱাৰবোৰত তলা মাৰি বন্ধ কৰা আছে। সিহঁতে ক’লে, “ৰজাই নিশ্চয়ে ওপৰ কোঠালিৰ ঠাণ্ডা ঘৰত মলমূত্র ত্যাগ কৰি আছে।
|
||
\v 25 বহু সময় ধৰি অপেক্ষা কৰিলে, কিন্তু ৰজাই দুৱাৰ নোখোলা দেখি সিহঁত চিন্তিত হ’ল আৰু সেয়ে চাবি আনি দুৱাৰ খোলাত সিহঁতৰ প্ৰভুক মজিয়াত মৃত অৱস্থাত পৰি থকা দেখিলে।
|
||
\p
|
||
\s5
|
||
\v 26 ভৃত্যবোৰে অপেক্ষাৰে কি কৰিব চিন্তা কৰি থকা সময়তে এহূদে পলাই গৈ মূর্ত্তি খোদাই কৰা শিলবোৰ পাৰ হৈ চিয়ীৰালৈকে গৈ ৰক্ষা পালে।
|
||
\v 27 সেই ঠাই পাই তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতত শিঙা বজালে; পাছত ইস্ৰায়েলবাসীয়ে তেওঁৰে সৈতে পৰ্ব্বতৰ পৰা নামি আহিল; এহূদে তেওঁলোকৰ নেতৃত্ব দিলে।
|
||
\s5
|
||
\v 28 তেওঁ তেওঁলোকক ক’লে, “মোৰ পাছে পাছে আহঁক; যিহোৱাই আপোনালোকৰ শত্ৰু মোৱাবীয়াহঁতক পৰাজিত কৰি আপোনালোকৰ হাতত তুলি দিলে।” তাতে তেওঁলোকে তেওঁৰ পাছে পাছে নামি গৈ, মোৱাবৰ ওচৰত যৰ্দ্দন নদীৰ পাৰৰ যি যি ঠাই খোজ কাঢ়ি পাৰ হ’ব পাৰি সেইবোৰ দখল কৰি ল’লে আৰু তেওঁলোকে কাকো নদী পাৰ হ’বলৈ নিদিলে।
|
||
\v 29 সেই সময়ত তেওঁলোকে প্ৰায় দহ হাজাৰ মোৱবীয়া লোকক বধ কৰিলে। মোৱাবীয়াসকল হৃষ্ট-পুষ্ট বীৰ পুৰুষ আছিল; কিন্তু কোনোৱে পলাই যাব নোৱাৰিলে।
|
||
\v 30 সেই দিনাই মোৱাব দেশ ইস্ৰায়েলবাসীৰ ক্ষমতাৰ অধীন কৰা হ’ল আৰু তাৰ পাছত আশী বছৰলৈকে দেশত শান্তি বিৰাজ কৰিলে।
|
||
\s বিচাৰকর্তা চমগৰ
|
||
\p
|
||
\s5
|
||
\v 31 এহূদৰ পাছত, অনাতৰ পুত্র চমগৰ বিচাৰকর্তা হ’ল; তেওঁ গৰু খেদোৱা লাঠিৰে ফিলিস্তীয়াসকলৰ ছশ লোকক বধ কৰিছিল। তেৱোঁ ইস্ৰায়েলবাসীক দুর্যোগৰ পৰা নিস্তাৰ কৰিছিল।
|
||
|
||
\s5
|
||
\c 4
|
||
\s মহিলা বিচাৰকর্তা দবোৰা
|
||
\p
|
||
\v 1 এহূদৰ মৃত্যুৰ পাছত, ইস্ৰায়েলৰ সন্তানসকলে পুণৰ যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিলে।
|
||
\v 2 তেতিয়া যিহোৱাই হাচোৰত শাসন কৰা যাবীন নামৰ এজন কনানীয়া ৰজাৰ হাতত তেওঁলোকক তুলি দিলে; তেওঁৰ সেনাপতিজনৰ নাম আছিল চীচৰা। চীচৰাই অনা-ইস্রায়েলী লোক বাস কৰা হৰোচৎত বাস কৰিছিল।
|
||
\v 3 সেই সেনাপতিৰ নশ লোহাৰ ৰথ আছিল আৰু তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলীয়া লোকসমূহৰ ওপৰত অতিশয় উৎপীড়ন চলাইছিল। সেয়ে, ইস্রায়েলবাসীয়ে যিহোৱাৰ ওচৰত সহায় বিচাৰি কাতৰোক্তি কৰিবলৈ ধৰিলে।
|
||
\p
|
||
\s5
|
||
\v 4 সেই সময়ত লপ্পীদোতৰ ভাৰ্য্যা দবোৰা নামৰ এগৰাকী মহিলা ভাববাদী আছিল। তেওঁ তেতিয়া ইস্ৰায়েলৰ বিচাৰকর্তা আছিল।
|
||
\v 5 তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ ৰামা আৰু বৈৎএলৰ মাজৰ দবোৰাৰ খাজুৰ গছ নামেৰে জনাজাত খাজুৰ গছৰ তলত বহে আৰু ইস্ৰায়েলৰ সন্তানসকলে নিজৰ কাজিয়া-পেচালৰ মীমাংসাৰ কাৰণে তেওঁৰ গুৰিলৈ আহে।
|
||
\s5
|
||
\v 6 তেওঁ নপ্তালী দেশৰ কেদচৰ পৰা অবীনোৱমৰ পুত্ৰ বাৰাকক মাতি আনি ক’লে, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই আপোনাক এই আজ্ঞা দিছে, ‘তুমি নপ্তালীৰ আৰু জবুলুনৰ বংশৰ দহ হাজাৰ লোক লগত লৈ তবোৰ পৰ্ব্বতৰ ফালে যোৱা।
|
||
\v 7 মই যাবীনৰ সেনাপতি চীচৰাক, তেওঁৰ ৰথ আৰু সৈন্যদলৰ সৈতে কিচোন নদীৰ ওচৰলৈ লৈ যাম আৰু মই তোমাক তেওঁৰ ওপৰত জয়যুক্ত কৰিম’।”
|
||
\s5
|
||
\v 8 তেতিয়া বাৰাকে দাবোৰাক ক’লে, “আপুনি যদি মোৰ লগত যায়, তেতিয়াহে মই যাম; কিন্তু যদি আপুনি নাযায়, তেনেহ’লে মই নাযাওঁ।”
|
||
\v 9 তেওঁ ক’লে, “ঠিক আছে, মই আপোনাৰ লগত নিশ্চয়ে যাম। কিন্তু এই যুদ্ধ-যাত্ৰাৰ গৌৰৱ হ’লে আপুনি নাপাব; কিয়নো যিহোৱাই এগৰাকী মহিলাৰ শক্তিৰ দ্বাৰাই চীচৰাক পৰাস্ত কৰিব।” তাৰ পাছত দবোৰাই উঠি বাৰাকেৰে সৈতে কেদচলৈ গ’ল।
|
||
\p
|
||
\s5
|
||
\v 10 বাৰাকে জবুলুন আৰু নপ্তালী বংশৰ লোকসমূহক কেদচলৈ একলগে মাতি আনিলে। দহ হাজাৰ লোক তেওঁৰ লগত গ’ল আৰু দবোৰাও তেওঁৰ লগত গ’ল।
|
||
\p
|
||
\s5
|
||
\v 11 সেই সময়ত হেবৰ নামৰ কেনীয়া সম্প্রদায়ৰ এজন লোক আছিল; তেওঁ অন্যান্য কেনীয়াসকলক এৰি নিজে পৃথকে আছিল। কেনীয়াসকল আছিল মোচিৰ শহুৰেক হোববৰ উত্তৰপুৰুষ। হেবৰে কাদেচৰ ওচৰৰ চনন্নীমত থকা ওক গছৰ দাঁতিত নিজৰ তম্বু তৰিছিল।
|
||
\p
|
||
\s5
|
||
\v 12 চীচৰাই এই খবৰ পালে যে, অবীনোৱমৰ পুত্ৰ বাৰাক তাবোৰ পৰ্ব্বতলৈ উঠি গৈছে।
|
||
\v 13 চীচৰাই তেতিয়া নিজৰ নশ লোহাৰ ৰথ আৰু তেওঁৰ লগত থকা সকলো সৈন্যকে গোটাই লৈ অনা-ইস্রায়েলী জাতিৰ হৰোচৎৰ পৰা কিচোন নদীৰ পাৰলৈ আহিল।
|
||
\s5
|
||
\v 14 তেতিয়া দবোৰাই বাৰাকক ক’লে, “আপুনি আগবাঢ়ি যাওঁক! কিয়নো চীচৰাক পৰাজয় কৰিবৰ কাৰণে যিহোৱাই আজিয়েই এই সময় আপোনাক দিছে; যিহোৱাই জানো আপোনাক পথ দেখুৱাই নিয়া নাই?” তেতিয়া বাৰাক আৰু তেওঁৰ পাছে পাছে যোৱা দহ হাজাৰ লোক তাবোৰ পৰ্ব্বতৰ পৰা নামিল।
|
||
\p
|
||
\s5
|
||
\v 15 বাৰাকৰ লোকসকলে যেতিয়া তেওঁলোকক আক্রমণ কৰিলে, তেতিয়া যিহোৱাই চীচৰা, তেওঁৰ সকলো ৰথবোৰ আৰু সৈন্যসামন্তক বিভ্রান্ত কৰি তুলিলে; তাতে চীচৰাই ৰথৰ পৰা নামি দৌৰি পলাই গ’ল।
|
||
\v 16 কিন্তু বাৰাকে অনা-ইস্রায়েলীৰ হৰোচৎ পর্যন্ত তেওঁলোকৰ ৰথ আৰু সৈন্যসামন্তৰ পাছে পাছে খেদি গ’ল; চীচৰাৰ সকলো সৈন্যকে তৰোৱালেৰে আঘাট কৰি বধ কৰা হ’ল, এজন লোকও বাচি নাথাকিল।
|
||
\p
|
||
\s5
|
||
\v 17 কিন্তু চীচৰাই দৌৰি পলাই গৈ সেই কেনীয়া হেবৰৰ ভার্য্যা যায়েলৰ তম্বুলৈ আহিল; কাৰণ সেই সময়ত হাচোৰৰ ৰজা যাবীন আৰু কেনীয়া হেবৰৰ বংশৰ মাজত বন্ধুত্ব আছিল।
|
||
\v 18 যায়েলে চীচৰাক আগবঢ়ায় আনিবলৈ ওলাই গৈ তেওঁক ক’লে, “হে মোৰ প্ৰভু, ভিতৰলৈ আহঁক, মোৰ ভিতৰলৈকে আহঁক, ভয় নকৰিব।” তাতে চীচৰা যায়েলৰ তম্বুৰ ভিতৰলৈ গ’ল আৰু যায়েলে এখন কম্বলেৰে চীচৰাক ঢাকি দিলে।
|
||
\p
|
||
\s5
|
||
\v 19 চীচৰাই তেওঁক ক’লে, “মোৰ পিয়াহ লাগিছে, অনুগ্রহ কৰি মোক অলপ পানী পিবলৈ দিয়া।” যায়েলে এটা গাখীৰৰ মোট মেলি তেওঁক পান কৰিবলৈ দি পাছত আকৌ তেওঁক ঢাকি ৰাখিলে।
|
||
\v 20 চীচৰাই তেওঁক ক’লে, “তুমি তম্বুৰ দুৱাৰ মুখত থিয় হৈ থাকা; যদি কোনো মানুহে আহি তোমাক সোধে, ইয়াতে কোনো মানুহ আছেনে? তুমি ‘নাই’ বুলি কবা।”
|
||
\s5
|
||
\v 21 পাছত চীচৰা তাতে গভীৰ নিদ্রা গ’ল; এনে সময়তে হেবৰৰ ভার্য্যা যায়েলে তম্বুৰ এটা খুটি আৰু হাতুৰী হাতত ল’লে আৰু তাৰপাছত মনে মনে তেওঁৰ ওচৰলৈ গৈ তেওঁৰ মূৰৰ একাষে সেই খুটি হাতুৰিৰে সোমাৱাই দিলে; খুঁটিটো মূৰৰ মাজেদি ওলাই মাটিত গৈ হানিলে। এইদৰে চীচৰাৰ মৃত্যু হ’ল।
|
||
\p
|
||
\v 22 বাৰাকে চীচৰাৰ পাছে পাছে খেদি আহি সেই ঠাই পালে। যায়েলে তেওঁক মাতি আনিবলৈ বাহিৰলৈ ওলাই গৈ ক’লে, “আহঁক, আপুনি বিচাৰি ফুৰা মানুহজনক মই দেখুৱাই দিম।” তাতে বাৰাকে তেওঁৰ লগত তম্বুৰ ভিতৰলৈ সোমাই দেখিলে যে, চীচৰা মৰি পৰি আছে আৰু তেওঁৰ মূৰৰ কাষেদি তম্বুৰ খুটি সোমোৱা আছে।
|
||
\p
|
||
\s5
|
||
\v 23 এইদৰে যিহোৱাই সেইদিনা ইস্ৰায়েলৰ সন্তানসকলৰ সন্মুখত কনানৰ ৰজা যাবীনক পৰাস্ত কৰিলে।
|
||
\v 24 শেষত যাবীন ৰজাৰ বিনাশ নোহোৱালৈকে ইস্ৰায়েলৰ সন্তানসকল দিনে দিনে তেওঁৰ বিৰুদ্ধে অধিক শক্তিশালী হৈ উঠিল।
|
||
|
||
\s5
|
||
\c 5
|
||
\s দবোৰাৰ গীত।
|
||
\p
|
||
\v 1 সেইদিনাখন দবোৰা আৰু অবীনোৱমৰ পুত্ৰ বাৰাকে এই গীত গালে,
|
||
\q1
|
||
\v 2 “নেতাসকলে ইস্রায়েলৰ লোকক যুদ্ধত পৰিচালনা কৰিলে,
|
||
\q1 লোকসকলে স্বেচ্ছায় আনন্দেৰে আগবাঢ়ি গ’ল -
|
||
\q1 আমি যিহোৱাৰ প্রশংসা গীত কৰো!
|
||
\q1
|
||
\s5
|
||
\v 3 হে ৰজাসকল শুনা! নেতাসকল, মনোযোগ দিয়া!
|
||
\q1 মই, ময়েই যিহোৱাৰ উদ্দেশ্যে গান কৰিম;
|
||
\q1 মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
|
||
\q1
|
||
\v 4 হে যিহোৱা, তুমি যেতিয়া চেয়ীৰৰ পৰা ওলাই আহিছিলা, ইদোমৰ পৰা আগুৱাই আহিছিলা,
|
||
\q1 পৃথিবী কঁপি উঠিছিল, আকাশে গৰজি উঠিছিল,
|
||
\q1 এনেকি মেঘেও জল বৰষালে।
|
||
\q1
|
||
\s5
|
||
\v 5 যিহোৱাৰ সাক্ষাতে পর্বতমালা কঁপি উঠিছিল;
|
||
\q1 এনেকি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে চীনয় পর্বত কঁপি উঠিল।
|
||
\q1
|
||
\v 6 চমগৰ (অনাতৰ পুত্ৰ) আৰু যায়েলৰ দিনত
|
||
\q1 ৰাজআলিবোৰ জনশূণ্য হৈ পৰিছিল আৰু
|
||
\q1 পথিকসকলে বেঁকা বাটেদি যাতায়ত কৰিছিল।
|
||
\q1
|
||
\s5
|
||
\v 7 মই, দবোৰাই নেতৃত্ব নিদিয়ালৈকে,
|
||
\q1 ইস্রায়েলৰ ভূমিত কৃষকসকল নাছিল,
|
||
\q1 মই ইস্রায়েলবাসীৰ মাতৃৰ দৰে হ’লো।
|
||
\q1
|
||
\v 8 লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল;
|
||
\q1 তেতিয়া নগৰৰ দুৱাৰত যুদ্ধ লাগিল।
|
||
\q1 চল্লিশ হাজাৰ ইস্রায়েল লোকৰ মাজত এখনো ঢাল বা এপাত যাঠি দেখা পোৱা নাছিলো।
|
||
\q1
|
||
\s5
|
||
\v 9 মোৰ মন ইস্রায়েলৰ নেতাসকলৰ লগতে আছে,
|
||
\q1 যিসকলে স্বেচ্ছায় আনন্দেৰে যুদ্ধলৈ গৈছিল,
|
||
\q1 সেইসকলৰ বাবে আমি যিহোৱাৰ ধন্যবাদ কৰো!
|
||
\q1
|
||
\v 10 তোমালোক যিসকলে বগা গাধত উঠি,
|
||
\q1 পিঠিত আসনৰ বাবে কম্বলৰ গদিত বহি ঘূৰি ফুৰা
|
||
\q1 আৰু তোমালোক যিসকলে পথত খোজ কাঢ়ি ফুৰা,
|
||
\q1 তোমালোকে এই সকলো বিষয়ে ভাৱা!
|
||
\q1
|
||
\s5
|
||
\v 11 তোমালোকে পশুবোৰে পানী পিবলৈ অহা ঠাইত লোকসকলৰ মাত কথা শুনা,
|
||
\q1 তাত তেওঁলোকে যিহোৱাৰ ধার্মিকতাৰ কার্যবোৰৰ কথা পুণৰ কয়
|
||
\q1 আৰু ইস্রায়েলত যিহোৱাৰ সৈনিকসকলে কৰা ধার্মিকতাৰ কার্যবোৰ বর্ণনা কৰে।
|
||
\q1 “তাৰ পাছত যিহোৱাৰ সন্তানসকল নগৰৰ দুৱাৰবোৰলৈ নামি গ’ল।
|
||
\q1
|
||
\s5
|
||
\v 12 সাৰ পোৱা দবোৰা, সাৰ পোৱা!
|
||
\q1 সাৰ পোৱা, সাৰ পোৱা, গীতগান কৰা!
|
||
\q1 হে অবীনোৱমৰ পুত্ৰ বাৰাক, উঠা আৰু
|
||
\q1 যুদ্ধত যিসকলক তোমালোকে ধৰিলা, বন্দী কৰি লৈ যোৱা।
|
||
\q1
|
||
\v 13 তাৰ পাছত জীয়াই থকা লোকসকল গণ্য-মান্য লোকৰ ওচৰলৈ নামি আহিল;
|
||
\q1 যিহোৱাৰ লোকসকলে যুদ্ধ কৰিবৰ বাবে মোৰ ওচৰলৈ নামি আহিল।
|
||
\q1
|
||
\s5
|
||
\v 14 কিছু লোক আহিল ইফ্রয়িমৰ পৰা, য’ত অমালেকীয়াসকলে বাস কৰিছিল;
|
||
\q1 তোমালোকৰ পাছে পাছে বিন্যামীন বংশৰ লোক আহিল;
|
||
\q1 মাখীৰৰ পৰা সেনাপতিসকল নামি আহিল;
|
||
\q1 আৰু জবুলুনৰ বংশৰ লোকসকলে শাসনকর্তাৰ দণ্ড লৈ নামি আহিল।
|
||
\q1
|
||
\s5
|
||
\v 15 ইচাখৰৰ মুখ্য লোকসকল দবোৰাৰ লগত আছিল আৰু ইচাখৰ বাৰাকৰ লগত আছিল।
|
||
\q1 বাৰাকৰ পাছে পাছে দৌৰি লোকসকলে শীঘ্ৰে উপত্যকালৈ নামি গ’ল।
|
||
\q1 ৰূবেনৰ জনগোষ্ঠীৰ মাজত অনেক দৃঢ়মনৰ লোক আছিল।
|
||
\q1
|
||
\s5
|
||
\v 16 তোমালোকে ভেড়াৰখীয়াবোৰৰ বাঁহীৰ শব্দ শুনি শুনি কিয় ভেড়াৰ জুহালৰ মাজত বহি আছিলা?
|
||
\q1 যিহেতু ৰূবেনৰ বংশত অনেক দৃঢ়মনা লোক আছিল।
|
||
\q1
|
||
\s5
|
||
\v 17 গিলিয়দৰ বংশৰ লোকসকল যৰ্দ্দনৰ সিপাৰে বাস কৰিলে;
|
||
\q1 আৰু দান জনগোষ্ঠীৰ লোকে কিয় জাহাজৰ কাষত বাস কৰিলে?
|
||
\q1 আচেৰৰ লোকসকল সমুদ্ৰৰ তীৰত থাকি বন্দৰবোৰৰ কাষত বাস কৰিলে।
|
||
\q1
|
||
\v 18 জবুলুন আৰু নপ্তালীৰ জনগোষ্ঠী ৰণস্থলীত প্ৰাণক মৰণলৈকে তুচ্ছজ্ঞান কৰা লোক।
|
||
\q1
|
||
\s5
|
||
\v 19 ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে;
|
||
\q1 মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে।
|
||
\q1
|
||
\v 20 আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে;
|
||
\q1 নিজ নিজ পথবোৰৰ পৰা তৰাবোৰে চীচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
|
||
\q1
|
||
\s5
|
||
\v 21 কীচোন নদীয়ে সিহঁতক উটাই নিলে;
|
||
\q1 সেই প্ৰাচীন কালৰ নদীৰপানী, কীচোন নদীয়ে শত্রুবোৰক উটুৱাই নিলে।
|
||
\q1 হে মোৰ মন, শক্তিশালী হৈ আগবাঢ়া।
|
||
\q1
|
||
\v 22 তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাটত মাটি কঁপি উঠিল; তেওঁৰ শক্তিশালী ঘোঁৰাবোৰে চেঁকুৰি দৌৰিবলৈ ধৰিলে।
|
||
\q1
|
||
\s5
|
||
\v 23 যিহোৱাৰ দূতে কৈছে, “মেৰোজ চহৰক অভিশাপ দিয়া”!
|
||
\q1 তাৰ নিবাসীসকলক অতিশয় শাও দিয়া!
|
||
\q1 কিয়নো সিহঁত যিহোৱাৰ সহায়ৰ অৰ্থে নাহিল-
|
||
\q1 বীৰসকলৰ বিৰুদ্ধে যুদ্ধত যিহোৱাক সহায় কৰিবলৈ নাহিল।
|
||
\q1
|
||
\s5
|
||
\v 24 কেনীয়া হেবৰৰ ভার্য্যা যায়েল, আন মহিলাসকলতকৈ ধন্যা মহিলা;
|
||
\q1 তেওঁ সকলো তম্বুবাসী মহিলাতকৈও অতি ধন্যা।
|
||
\q1
|
||
\v 25 চীচৰাই পানী খুজিলত তেওঁ গাখীৰ দিলে;
|
||
\q1 এটি ৰাজকীয় পাত্ৰত তেওঁ ঘন গাখীৰ আনি দিলে।
|
||
\q1
|
||
\s5
|
||
\v 26 তেওঁ তম্বু বন্ধা খুটীটোলৈ নিজৰ হাত মেলিলে, বনুৱাৰ হাতুৰীটো সোঁ হাতত ল’লে;
|
||
\q1 চীচৰাক হাতুৰীৰে আঘাট কৰি তেওঁৰ মূৰ ভাঙিলে;
|
||
\q1 মূৰৰ কাষেদি খুঁটি বিন্ধাই চীচৰাৰ মূৰৰ লাওখোলা গুড়ি কৰিলে।
|
||
\q1
|
||
\v 27 তেওঁৰ ভৰিৰ ওচৰত মূৰ গুজি চীচৰা পৰি গ’ল,
|
||
\q1 আৰু য’ত পৰিছিল, তাতে পৰি থাকিল।
|
||
\q1 ভৰিৰ ওচৰত যি ঠাইত পৰিছিল, সেই ঠাইতে তেওঁক নিশংসভাবে বধ কৰা হ’ল।
|
||
\q1
|
||
\s5
|
||
\v 28 চীচৰাৰ মাতৃয়ে এখন খিড়িকীয়েদি জুমি চালে -
|
||
\q1 তেওঁ জালিকটা খিড়িকীৰে চাই চিঞঁৰি ক’লে,
|
||
\q1 “চীচৰাৰ ৰথ আহিবলৈ কিয় ইমান পলম হৈছে?
|
||
\q1 তেওঁৰ ৰথবোৰ টনা ঘোঁৰাবোৰৰ চেকুৰাৰ শব্দ কিয় এতিয়ালৈকে শুনা নাই?”
|
||
\q1
|
||
\s5
|
||
\v 29 তেওঁৰ জ্ঞানৱতী লিগিৰীবোৰে উত্তৰ দিলে আৰু তেঁৱো একে উত্তৰকে নিজকে নিজে দিলে:
|
||
\q1
|
||
\v 30 তেওঁলোকে লুটদ্ৰব্য পাই ভাগ কৰা নাই নেকি?
|
||
\q1 - প্ৰতিজন পুৰুষৰ কাৰণে এজনী বা দুজনী ৰমণী;
|
||
\pi চীচৰাৰ কাৰণে খমখমীয়া ৰঙীন পোছাক,
|
||
\q1 ফুল কৰা ৰঙীন পোছাক,
|
||
\q1 ডিঙিৰ চৌপাশে ফুল বচা দুটাকৈ পোছাক- এইবোৰ লুট কৰা সকলে পোৱা নাই নেকি?
|
||
\q1
|
||
\s5
|
||
\v 31 হে যিহোৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়!
|
||
\q1 কিন্তু যিসকলে তোমাক প্রেম কৰে, সেইসকল যেন প্ৰতাপেৰে উদয় হোৱা সূৰ্য্যৰ নিচিনা হৈ উঠে।
|
||
\q1 ইয়াৰ পাছত দেশত চল্লিশ বছৰলৈকে শান্তি আছিল।
|
||
|
||
\s5
|
||
\c 6
|
||
\s বিচাৰকর্তা গিদিয়োন
|
||
\p
|
||
\v 1 পাছত ইস্ৰায়েলৰ সন্তানসকলে পুণৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিবলৈ ধৰিলে। তাতে যিহোৱাই তেওঁলোকক মিদিয়নীয়াসকলৰ হাতত শোধাই দিলে আৰু তেওঁলোক সাত বছৰ ধৰি তেওঁলোকৰ অধীন হৈ থাকিল।
|
||
\p
|
||
\v 2 মিদিয়নীয়াসকল শক্তিশালী হোৱাত ইস্ৰায়েলবাসীক তেওঁলোকে অত্যাচাৰ কৰিবলৈ ধৰিলে; মিদিয়নৰ ভয়তে ইস্ৰায়েলৰ সন্তানসকলে পাহাৰৰ মাজৰ ফাঁক, গুহা আৰু দুর্গবোৰ আশ্রয়ৰ ঠাই কৰি ল’লে।
|
||
\p
|
||
\s5
|
||
\v 3 ইস্ৰায়েলীয়াসকলে যেতিয়া নিজৰ কঠীয়া সিচেঁ, সেই সময়ত মিদিয়নীয়া, অমালেকীয়া, আৰু পূব দেশৰ লোকসকলে আহি তেওঁলোকক আক্রমণ কৰে।
|
||
\v 4 তেওঁলোকে ছাউনি পাতি ঘচালৈকে গোটেই ভূমিৰ শস্য নষ্ট কৰি দিয়ে; তেওঁলোকে ইস্ৰায়েলীসকলে খাবৰ বাবে খোৱা-বস্তুৰ একো অৱশিষ্ট নাৰাখে; তেওঁলোকে ভেড়া, পশুধন বা গাধ এইবোৰো লৈ যায়।
|
||
\s5
|
||
\v 5 তেওঁলোকে নিজৰ পশুধন আৰু তম্বু লগত লৈ ফৰিঙৰ জাকৰ দৰে আহে; তেওঁলোকৰ লোক আৰু উট গণিব নোৱাৰাকৈ অসংখ্য আছিল; তেওঁলোকে দেশখন উচ্ছন্ন কৰিবলৈকে সোমায়।
|
||
\v 6 মিদিয়নীয়াই ইস্ৰায়েলীয়াসকলৰ অৱস্থা অতিশয় শক্তিহীন কৰি তুলিলে; তেওঁলোকে যিহোৱাৰ ওচৰত বৰকৈ কান্দিবলৈ ধৰিলে।
|
||
\p
|
||
\s5
|
||
\v 7 ইস্ৰায়েলৰ সন্তানসকলে মিদিয়নৰ কাৰণে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে।
|
||
\v 8 তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তানসকলৰ ওচৰলৈ এজন ভাৱবাদী পঠালে; তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: “ক্রীতদাসৰ গৃহ মিচৰ দেশৰ পৰা মইয়ে তোমালোকক উলিয়াই আনিলো।
|
||
\s5
|
||
\v 9 মিচৰীয়াসকলৰ ক্ষমতা আৰু তোমালোকক উপদ্ৰৱ কৰাসকলৰ হাতৰ পৰা ময়ে তোমালোকক উদ্ধাৰ কৰিলো। মই তেওঁলোকক তোমালোকৰ সন্মুখৰ পৰা খেদাই তেওঁলোকৰ ভূমি তোমালোকক দিলোঁ।
|
||
\v 10 মই তোমালোকক কৈছিলোঁ, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা; মই তোমালোকক আজ্ঞা দিছিলো যে যিসকলৰ ভূমিত তোমালোকে বাস কৰিছা সেই ইমোৰীয়াসকলৰ দেৱ-দেৱীৰ পূজা তোমালোকে নকৰিবা’। কিন্তু তোমালোকে মোৰ কথা নুশুনিলা।”
|
||
\s যিহোৱাৰ দূতে গিদিয়োনক দর্শন দিয়া
|
||
\p
|
||
\s5
|
||
\v 11 সেই সময়ত যিহোৱাৰ দূতে আহি অফ্রাত থকা ওক গছৰ তলত বহিল। এই ঠাই অবীয়েজ্ৰীয় বংশৰ যোৱাচৰ অধীনত আছিল। তাত যোৱাচৰ পুত্ৰ গিদিয়োনে মিদিয়নীয়াসকলৰ পৰা শস্য লুকুৱাই ৰাখিবৰ বাবে দ্ৰাক্ষাগুটি মৰা ঠাইত ঘেঁহুধান মাৰি আছিল।
|
||
\v 12 এনে সময়তে যিহোৱাৰ দূতে গিদিয়োনক দৰ্শন দি ক’লে, “হে শক্তিশালী যোদ্ধা, যিহোৱা তোমাৰ লগত আছে!”
|
||
\p
|
||
\s5
|
||
\v 13 গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, যিহোৱা যদি আমাৰ লগত আছে, তেনেহ’লে কিয় আমালৈ এইবোৰ ঘটিল? ‘যিহোৱায়ে জানো আমাক মিচৰৰ পৰা অনা নাছিল?’ এই কথা আমাৰ ওপৰ-পিতৃসকলে কৈছিল। তেওঁ কৰা যিবোৰ আচৰিত কার্যৰ বিষয়ে আমাক কৈছিল, সেইবোৰ এতিয়া ক’ত? কিন্তু এতিয়া তেওঁ আমাক ত্যাগ কৰিলে আৰু মিদিয়নীয়াসকলৰ হাতত সমৰ্পণ কৰিলে।”
|
||
\p
|
||
\s5
|
||
\v 14 যিহোৱাই তেওঁৰ ফালে চাই ক’লে, “তোমাৰ নিজৰ এই শক্তিতেই তুমি যোৱা আৰু মিদিয়নীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰা। মই তোমাক জানো পঠোৱা নাই?”
|
||
\p
|
||
\v 15 গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, মই কেনেকৈ ইস্ৰায়েলক উদ্ধাৰ কৰিম? চাওক, মনচি জনগোষ্ঠীৰ মাজত মোৰ পৰিয়ালেই হৈছে সকলোতকৈ দুৰ্ব্বল। ইয়াৰ উপৰি মোৰ পিতৃ বংশত মইয়ে সবাতোকৈ গুৰুত্বহীন ব্যক্তি।”
|
||
\p
|
||
\s5
|
||
\v 16 যিহোৱাই তেওঁক ক’লে, “মই তোমাৰ সঙ্গত থাকিম, তাতে তুমি সকলো মিদিয়নীয়া সৈন্যক পৰাজিত কৰিবা।”
|
||
\v 17 গিদিয়োনে তেওঁক ক’লে, “মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেনেহ’লে আপুনি যে মোৰে সৈতে কথা পাতিছে, ইয়াৰ এটা চিন মোক দিয়ক।
|
||
\v 18 দয়া কৰি মই ঘূৰি আহি আপোনাৰ আগত মোৰ উপহাৰ উৎসর্গ নকৰা পর্যন্ত আপুনি ইয়াৰ পৰা নাযাব।” যিহোৱাই ক’লে, “তুমি উলটি নহা পর্যন্ত মই অপেক্ষা কৰিম।”
|
||
\p
|
||
\s5
|
||
\v 19 তেতিয়া গিদিয়োনে গৈ এটা ছাগলী পোৱালি ৰান্ধিলে আৰু এক ঐফা
|
||
\f +
|
||
\fr 6:19
|
||
\ft সৰহ পৰিমাণ, প্রায় 18-22 কিলোগ্রাম ওজন
|
||
\f* আটাগুৰি লৈ খমিৰ নিদিয়াকৈ কেইটামান পিঠা বনালে; তাৰ পাছত মাংসখিনি এটা খৰাহিত ভৰাই জোলখিনি পাত্ৰত লৈ ওক গছজোপাৰ তলত তেওঁক আনি দিলে।
|
||
\v 20 তাতে ঈশ্বৰৰ দূতে তেওঁক ক’লে, “মাংস আৰু খমিৰ নোহাৱা পিঠা কেইটা লৈ এই শিলটোৰ ওপৰত থোৱা, আৰু জোলখিনি তাৰ ওপৰত ঢালি দিয়া।” গিদিয়োনে সেইদৰেই কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 21 তেতিয়া যিহোৱাৰ দূতজনৰ হাতত যি লাঠি আছিল, সেই লাঠিডালৰ আগটোৰে তেওঁ সেই মাংস আৰু খমিৰ নোহাৱা পিঠাখিনি স্পৰ্শ কৰিলে; তাতে সেই শিলৰ পৰা অগ্নি ওলাই মাংস আৰু পিঠাখিনি পুৰি পেলালে। পাছত যিহোৱাৰ দূত অদৃশ্য হৈ গ’ল; গিদিয়োনে তেওঁক পুণৰ দেখা নাপালে।
|
||
\p
|
||
\s5
|
||
\v 22 গিদিয়োনে তেতিয়া তেওঁ যে যিহোৱাৰ দূত আছিল সেই বিষয়ে বুজি পাই ক’লে, “অহ, প্ৰভু যিহোৱা, মই যিহোৱাৰ দূতক সন্মুখা-সন্মুখীকৈ দেখা পালোঁ!”
|
||
\v 23 তেতিয়া যিহোৱাই তেওঁক ক’লে, “তোমাৰ শান্তি হওক! ভয় নকৰিবা, তুমি নমৰিবা।”
|
||
\v 24 তাৰ পাছত গিদিয়োনে সেই ঠাইতে যিহোৱাৰ অৰ্থে এটা বেদী নিৰ্ম্মাণ কৰি তাৰ নাম দিলে ‘যিহোৱা চালোম’ (যিহোৱাৰ শান্তি); অবীয়েজ্ৰীয়া বংশৰ অফ্ৰা চহৰত সেই বেদী আজিও আছে।
|
||
\s গিদিয়োনে বালৰ বেদী ভাঙি পেলোৱা
|
||
\p
|
||
\s5
|
||
\v 25 সেইদিনা ৰাতি যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ পিতৃৰ ষাঁড়বোৰৰ পৰা দ্বিতীয় ষাঁড়টো লোৱা, যিটোৰ বয়স সাত বছৰ হৈছে। তাৰ পাছত বাল দেৱতাৰ উদ্দেশ্যে যি বেদী তোমাৰ পিতৃৰ আছে, সেই বেদী তুমি ভাঙি পেলোৱা আৰু তাৰ ওচৰতে থকা আচেৰা দেৱীৰ অর্চনাৰ খুঁটি কাটি পেলোৱা।
|
||
\v 26 তাৰপাছত এই পাহাৰৰ ওপৰত তোমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ভালদৰে এটা বেদী নিৰ্ম্মাণ কৰা। পাছত দ্বিতীয় ষাড়টো লৈ সেই আচেৰা মূর্ত্তিৰ খুঁটিৰ যি কাঠ তুমি কাটিবা তাক জ্বলাই হোম-বলি উৎসৰ্গ কৰা।
|
||
\s5
|
||
\v 27 তেতিয়া গিদিয়োনে নিজৰ দাসসকলৰ মাজৰ দহ জনক লগত ল’লে আৰু যিহোৱাৰ কথা অনুসাৰে কাৰ্য কৰিলে; কিন্তু নিজৰ পৰিয়াল আৰু নগৰৰ লোকসকলৰ ভয়ত তেওঁ সেই কাম দিনৰ ভাগত নকৰি ৰাতি কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 28 ৰাতিপুৱা যেতিয়া নগৰৰ লোকসকলে উঠি দেখিলে যে, বাল দেৱতাৰ বেদী ভাঙি পেলোৱা হৈছে আৰু তাৰ ওচৰত থকা আচেৰা দেৱীৰ খুঁটিও কাটি পেলোৱা হৈছে; আৰু এটা নতুনকৈ সজা বেদীৰ ওপৰত দ্বিতীয় ষাড়টোৰ বলি উৎসর্গ কৰা হৈছে।
|
||
\v 29 তেতিয়া তেওঁলোকে এজনে আনজনক সুধিলে, “এই কাম কোনে কৰিলে?” এইদৰে পাছত তেওঁলোকে ভালদৰে সোধ-পোছ কৰি বিচাৰ কৰাত জানিব পাৰিলে যে, যোৱাচৰ পুত্ৰ গিদিয়োনে এই কাম কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 30 তাৰ পাছত নগৰৰ মানুহবোৰে যোৱাচক ক’লে, “তোমাৰ পুত্ৰক বাহিৰলৈ উলিয়াই আনা, সি মৰিব লাগে; কিয়নো সি বাল দেৱতাৰ বেদী ভাঙিলে আৰু তাৰ ওচৰত থকা আচেৰাৰ খুঁটি কাটি পেলাইছে।
|
||
\s5
|
||
\v 31 তেতিয়া যোৱাচে তেওঁৰ বিৰুদ্ধে থিয় হৈ থকা লোকসকলক ক’লে, “আপোনালোকেই বাল-দেৱতাৰ হৈ ওকালতি কৰিব নেকি? আপোনালোকেই তেওঁক ৰক্ষা কৰিব নেকি? যদি কোনোৱে তেওঁৰ হৈ বিবাদ কৰে, তেওঁক কালি ৰাতিপুৱা হোৱাৰ আগেয়ে প্ৰাণ দণ্ড দিয়া হওঁক; বাল যদি সচাঁই দেৱতা হয়, তেন্তে কোনোৱাই যদি তেওঁৰ বেদী ভাঙিছে, তেওঁ নিজেই নিজৰ পক্ষে ওকালতি কৰক।”
|
||
\v 32 এই হেতুকে, সেইদিনা গিদিয়োনৰ নাম দিয়া হ’ল “যিৰূব্বাল”; গিদিয়োনে বালৰ বেদী ভঙাৰ কাৰণে যোৱাচে ক’লে, “গিদিয়োনৰ বিপক্ষে বাল দেৱতাই নিজৰ পক্ষে বিবাদ কৰক।”
|
||
\s গিদিয়োনৰ হাতত মিদিয়নীয়াসকলৰ পৰাজয়
|
||
\p
|
||
\s5
|
||
\v 33 পাছত সকলো মিদিয়োনীয়া, অমালেকীয়া, আৰু পুব দেশৰ লোকসকল একগোট হ’ল আৰু যর্দ্দন নদী পাৰ হৈ যিজ্ৰীয়েল উপত্যকাত ছাউনি পাতিলে।
|
||
\p
|
||
\s5
|
||
\v 34 তেতিয়া গিদিয়োনক সহায় কৰিবলৈ যিহোৱাৰ আত্মাই তেওঁত স্থিতি ল’লে; গিদিয়োনে শিঙা বজাই অবীয়েজ্ৰীয়া জনগোষ্ঠীৰ লোকসকলক তেওঁৰ পাছত আহিবৰ কাৰণে বাহিৰলৈ মাতিলে।
|
||
\v 35 তেওঁ মনচিৰ সকলো ফাললৈ বার্তাবাহক পঠালে আৰু তেওঁলোককো তেওঁৰ পাছত আহিবলৈ মাতিলে। তেওঁ আচেৰ, জবুলুন, আৰু নপ্তালী জনগোষ্ঠীৰ লোকসকলোলৈও বার্তাবাহক পঠালে। তাতে তেওঁলোকে তেওঁলোকৰ সঙ্গী হ’বলৈ উঠি আহিল।
|
||
\s5
|
||
\v 36 তাৰ পাছত গিদিয়োনে ঈশ্বৰক ক’লে, “আপুনি কোৱাৰ দৰে যদি আপুনি মোৰ হাতেৰে ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ ইচ্ছা কৰিছে,
|
||
\v 37 তেন্তে চাওঁক, মই মৰণা মৰা খলাত ভেড়াৰ পৰা কটা নোমখিনি থ’ম; যদি অকল সেই নোমৰ ওপৰতে নিয়ঁৰ পৰে আৰু বাকী সকলো মাটি শুকানে থাকে, তেন্তে মই বুজিম যে আপুনি যিদৰে কৈছে, সেইদৰে আপুনি মোৰ হাতেৰে ইস্ৰায়েলক উদ্ধাৰ কৰিব।”
|
||
\p
|
||
\s5
|
||
\v 38 পাছত সেইদৰেই ঘটিল; পিছদিনা পুৱাই উঠি গিদিয়োনে সেই নোম চেপিলে আৰু নোমৰ নিয়ঁৰৰ পৰা এবাতি পানী উলিয়ালে।
|
||
\s5
|
||
\v 39 তেতিয়া গিদিয়োনে ঈশ্বৰক ক’লে, “মোৰ ওপৰত আপুনি ক্ৰোধ নকৰিব। মোক আকৌ এবাৰ কথা ক’বলৈ দিয়ক। মই বিনয় কৰোঁ, এই নোমৰ সৈতে পুণৰ এবাৰ পৰীক্ষা কৰিবলৈ দিয়ক; এতিয়া অকল নোম শুকানে থাওক আৰু সকলো মাটিৰ ওপৰত নিয়ঁৰ পৰক”।
|
||
\v 40 পাছত ঈশ্বৰে সেই ৰাতিও তেনেদৰেই কৰিলে; কেৱল নোম শুকানে থাকিল, আৰু বাকী সকলো ঠাইতে নিয়ঁৰ পৰিল।
|
||
|
||
\s5
|
||
\c 7
|
||
\p
|
||
\v 1 যিৰুব্বাল অর্থাৎ গিদিয়োন আৰু তেওঁৰ লগত থকা সকলোৱে ৰাতিপুৱাতে উঠি হেৰোদ এলেকাৰ জুৰিৰ ওচৰত ছাউনি পাতিলে; তেওঁলোকৰ উত্তৰফালে মোৰি পাহাৰৰ ওচৰৰ উপত্যকা অঞ্চল মিদিয়নৰ আছিল।
|
||
\p
|
||
\s5
|
||
\v 2 যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ লোকসকলৰ সংখ্যা ইমান অধিক যে মই মিদিয়নীয়াসকলক তেওঁলোকৰ হাতত তুলি দিব নোৱাৰো; তেনে কৰিলে মোক বাদ দি ইস্ৰায়েলে অহঙ্কাৰ কৰি ক’ব, ‘আমাৰ নিজৰ শক্তিৰেই আমি উদ্ধাৰ পালোঁ’।
|
||
\v 3 সেয়েহে লোকসকলৰ আগত এই কথা ঘোষণা কৰা, যিসকলে ভয় খাই কঁপি আছে, তেওঁলোকে গিলিয়দ পাহাৰ এৰি ঘৰলৈ উলটি যাওক; তাতে লোকসকলৰ মাজৰ পৰা বাইশ হাজাৰ লোক উভটি গ’ল কেৱল দহ হাজাৰ অৱশিষ্ট থাকিল।”
|
||
\p
|
||
\s5
|
||
\v 4 যিহোৱাই গিদিয়োনক ক’লে, “এতিয়াও লোকসকল অধিক আছে; তেওঁলোকক তুমি জুৰিৰ পানীলৈ নামি যাবলৈ কোৱা আৰু সেই ঠাইতে মই তোমাৰ হৈ তেওঁলোকৰ বাচনি কৰিম। যিজনৰ বিষয়ে মই তোমাক ক’ম ‘এইজন লোক তোমাৰ লগত যাব, তেওঁ যাব; কিন্তু যদি মই কওঁ, ‘এওঁ তোমাৰ লগত যাব নোৱাৰে, তেওঁ যাব নোৱাৰিব।”
|
||
\p
|
||
\s5
|
||
\v 5 তেতিয়া গিদিয়োনে লোকসকলক লৈ পানীৰ ওচৰলৈ নামি গ’ল। তাতে যিহোৱাই গিদিয়োনক ক’লে, “যি সকলে কুকুৰৰ নিচিনাকৈ জিভাৰে পানী চেলেকি খাব তেওঁলোকৰ পৰা যি সকলে পানী পিবৰ কাৰণে আঠু কাঢ়িব তেওঁলোকক পৃথক কৰা।”
|
||
\v 6 তিনি শ মানুহে হাতেৰে মুখলৈ পানী তুলি চেলেকি খালে আৰু বাকী সকলোৱে পানী পিবলৈ আঁঠু কাঢ়ি ল’লে।
|
||
\s5
|
||
\v 7 তেতিয়া যিহোৱাই গিদিয়োনক ক’লে, “চেলেকি পানী খোৱা এই তিনি শ লোকক লৈয়ে মই তোমালোকক উদ্ধাৰ কৰিম আৰু মিদিয়নীয়াসকলক তোমালোকৰ হাতত দিম; আন সকলো লোকক তেওঁলোকৰ নিজৰ ঠাইলৈ ঘূৰি যাবলৈ দিয়া।”
|
||
\v 8 সেইদৰে গিদিয়োনে তিনি শ লোকক ৰাখি বাকী সকলো ইস্রায়েলীয়া লোকক নিজৰ তম্বুলৈ পঠাই দিলে। গিদিয়োনে তেওঁলোকৰ হাতত থকা খোৱা বস্তু আৰু শিঙাবোৰ ৰাখি থলে। সেই সময়ত মিদিয়নীয়াৰ ছাউনি গিদিয়োনৰ ছাউনিৰ তলৰ উপত্যকাত আছিল।
|
||
\p
|
||
\s5
|
||
\v 9 সেইদিনা ৰাতি যিহোৱাই তেওঁক ক’লে, “উঠা! ছাউনি আক্রমণ কৰা। কিয়নো মই সেই ছাউনি তোমাৰ হাতত দিলো।
|
||
\v 10 যদি তোমাৰ তললৈ নামি যাবলৈ ভয় লাগিছে, তেন্তে তোমাৰ দাস পুৰাক লগত লৈ ছাউনিলৈ নামি যোৱা।
|
||
\v 11 সিহঁতে কি কয়, তুমি তাক শুনিবা; তাৰ পাছত ছাউনি আক্রমণ কৰিবলৈ তোমাৰ সাহস সবল কৰা হ’ব।” তেতিয়া গিদিয়োনে নিজৰ দাস পুৰাক লগত লৈ ছাউনিৰ সুৰক্ষা প্রহৰীৰ আস্থানৰ ওচৰলৈকে নামি গ’ল।
|
||
\s5
|
||
\v 12 সেই উপত্যকাৰ মাজত মিদিয়নীয়া, অমালেকীয়া, আৰু পুব দেশীয় লোকসকলৰ ঘনবসতি ফৰিঙৰ জাকৰ দৰে আছিল। তেওঁলোকৰ উঁটবোৰৰ সংখ্যা গণিব নোৱাৰা সমুদ্রৰ তীৰৰ বালিৰ দৰে অগণন আছিল।
|
||
\p
|
||
\s5
|
||
\v 13 গিদিয়োন যেতিয়া সেই ঠাইত উপস্থিত হ’ল, তেতিয়া এজন মানুহে নিজৰ লগৰীয়াক এটা সপোনৰ কথা কৈ আছিল। তেওঁ ক’লে, “মই এটা সপোন দেখিলো; মই দেখিলো যে এটা যৱৰ পিঠা যেন বাগৰি বাগৰি মিদিয়নীয়াসকলৰ ছাউনিৰ ভিতৰত সোমাল। সেইটোৱে মিদিয়নীয়াসকলৰ তম্বুত আহি ইমান জোৰেৰে খুন্দা মাৰিলে যে তম্বুটো উল্টা হৈ চেপেটা খাই পৰিল।”
|
||
\v 14 লগৰীয়াজনে ক’লে, “এইটো ইস্ৰায়েলীয়া যোৱাচৰ পুত্ৰ গিদিয়োনৰ তৰোৱালৰ বাহিৰে আন একো নহয়; ঈশ্বৰে মিদিয়নীয়া আৰু তেওঁলোকৰ গোটেই সৈন্যক গিদিয়োনৰ হাতত তুলি দিছে।”
|
||
\p
|
||
\s5
|
||
\v 15 গিদিয়োনে যেতিয়া সেই সপোন আৰু তাৰ অৰ্থৰ কথা শুনিলে, প্রার্থনাত তেওঁৰ মূৰ দোঁ খালে। তাৰ পাছত তেওঁ ইস্ৰায়েলৰ ছাউনিলৈ উলটি আহি ক’লে, “উঠা! যিহোৱাই আপোনালোকৰ হাতত মিদিয়নীয়া সৈন্যক শোধাই দিছে।”
|
||
\v 16 সেই তিনি শ লোকক তেওঁ তিনি দল কৰি ভাগ কৰিলে আৰু তেওঁলোক প্ৰতিজনৰ হাতত এটাকৈ শিঙা, এটা খালী কলহ, আৰু কলহৰ ভিতৰত এটাকৈ জ্বলন্ত জোঁৰ দিলে।
|
||
\s5
|
||
\v 17 তাৰ পাছত গিদিয়োনে তেওঁলোকক ক’লে, “আপোনালোকে মোক লক্ষ্য কৰি থাকিব আৰু মই যিহকে কৰো, আপোনালোকেও তাক কৰিব। চাই থাকিব! মই যেতিয়া ছাউনিৰ কাষ পাম, মই কৰাৰ দৰেই আপোনালোকে কৰিব।
|
||
\v 18 মই আৰু মোৰ সঙ্গীবোৰে শিঙা বজালে আপোনালোকেও গোটেই ছাউনিৰ চাৰিওকাষে থাকি শিঙা বজাব আৰু চিঞঁৰি চিঞঁৰি ক’ব, “যিহোৱা আৰু গিদিয়োনৰ কাৰণে!”
|
||
\p
|
||
\s5
|
||
\v 19 মধ্যপ্ৰহৰৰ আৰম্ভণীতে মিদিয়নীয়াসকলে যেতিয়া সুৰক্ষাপ্রহৰীসকলৰ পাল সলনি কৰিছিল, ঠিক সেই সময়তে গিদিয়োন আৰু তেওঁৰ লগৰ এশ লোকে ছাউনিৰ কাষলৈ গ’ল। তেওঁলোকে শিঙাবোৰ বজাই নিজৰ নিজৰ হাতত থকা কলহবোৰ ভাঙি পেলালে।
|
||
\s5
|
||
\v 20 এইদৰে তিনিওটা দলে একেলগে শিঙাবোৰ বজাই হাতৰ কলহ ভাঙিলে। বাওঁ হাতত জোঁৰ আৰু সোঁ হাতেৰে বজাবৰ কাৰণে শিঙা লৈ তেওঁলোকে চিঞঁৰি ক’বলৈ ধৰিলে, “যিহোৱা আৰু গিদিয়োনৰ তৰোৱাল”।
|
||
\v 21 গিদিয়োনৰ লোকসকল ছাউনিৰ চাৰিওফালে যেতিয়া নিজ নিজ ঠাইত থিয় হৈ থাকিল। তেতিয়া সকলো মিদিয়নীয়া সৈন্যই লৰা-ঢাপৰা কৰি চিঞঁৰি পলাবলৈ ধৰিলে।
|
||
\s5
|
||
\v 22 তিনিশ শিঙা বজাই দিওঁতে, যিহোৱাই এনে কৰিলে যাৰ ফলত প্ৰতিজন মিদিয়নীয়াৰ তৰোৱাল তেওঁলোকৰ নিজৰ লগৰীয়া আৰু সৈন্যসকলৰে বিৰুদ্ধে চলিল; তাতে মিদিয়নীয়া সৈন্যসকলে টব্বতৰ ওচৰত থকা আবেল-মহোলাৰ সীমা পর্যন্ত আৰু চৰেৰাৰ ফালে বৈৎচিত্তালৈকে পলাই গ’ল।
|
||
\v 23 তেতিয়া নপ্তালী, আচেৰ, আৰু মনচি জনগোষ্ঠীৰ পৰা ইস্ৰায়েলৰ লোকসকল একগোট হৈ মিদিয়নীয়াসকলৰ পাছে পাছে খেদি গ’ল।
|
||
\p
|
||
\s5
|
||
\v 24 পাছত গিদিয়োনে ইফ্ৰয়িমৰ পাহাৰীয়া এলেকাৰ সকলো ফালে বার্তাবাহক পঠাই ক’লে, “আপোনালোক নামি আহঁক আৰু মিদিয়নৰ বিৰুদ্ধে আক্রমণ কৰক। মিদিয়নীয়াসকল গৈ পোৱাৰ আগেয়ে সিহঁতক ভেটিবলৈ বৈৎ-বাৰা পর্যন্ত আৰু যৰ্দ্দন নদী দখল কৰি লওঁক।” তেতিয়া ইফ্ৰয়িমৰ সকলো লোকে গোট খাই বৈৎ-বাৰালৈকে সকলো সৰু সৰু নদী আৰু যৰ্দ্দনৰ পাৰ-ঘাট দখল কৰি ল’লে।
|
||
\v 25 তেওঁলোকে ওৰেব আৰু জেব নামৰ দুজন মিদিয়নীয়া নেতাক ধৰিলে; ওৰেবক ‘ওৰেবৰ শিলত’ বধ কৰিলে আৰু জেবক ‘জেবৰ দ্ৰাক্ষাগুটি মৰা ক্ষেত্র’ত বধ কৰিলে। তেওঁলোকে মিদিয়নীয়াসকলক খেদি পঠালে আৰু যৰ্দ্দনৰ সিপাৰে থকা গিদিয়োনৰ ওচৰলৈ ওৰেব আৰু জেবৰৰ মূৰ লৈ আহিল।
|
||
|
||
\s5
|
||
\c 8
|
||
\p
|
||
\v 1 ইফ্ৰয়িম জনগোষ্ঠীৰ লোকসকলে গিদিয়োনক সুধিলে, “আপুনি আমাৰ লগত কিয় এনে ব্যৱহাৰ কৰিলে? মিদিয়নীয়াৰ সৈতে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত আপুনি আমাক নামাতিলে।” এইদৰে তেওঁলোকে গিদিয়োনৰ সৈতে বিবাদ কৰিবলৈ ধৰিলে।
|
||
\s5
|
||
\v 2 তেওঁ তেওঁলোকক ক’লে, “এতিয়া আপোনালোকৰ তুলনাত মইনো এনে কি কাম কৰিলোঁ? অবীয়েজৰ বংশধৰৰ মাজত তোলা সমস্ত আঙুৰৰ খেতিৰ শস্যতকৈ জানো ইফ্রয়িমৰ ভূমিত তোলা আঙুৰবোৰ উত্তম নহয়?
|
||
\v 3 ঈশ্বৰে আপোনালোকৰ হাতত মিদিয়নীয়াসকলৰ নেতা ওৰেব আৰু জেবক সমৰ্পণ কৰিলে। আপোনালোকৰ তুলনাত মইনো বিশেষ কি কৰিব পাৰিলো?” গিদিয়োনৰ এনে কথা শুনাৰ পাছত তেওঁৰ প্রতি থকা তেওঁলোকৰ খং নাইকিয়া হ’ল।
|
||
\s গিদিয়োনে মিদিয়নৰ দুজন ৰজাক ধৰা
|
||
\p
|
||
\s5
|
||
\v 4 গিদিয়োন আৰু তেওঁৰ লগত থকা তিনি শ লোকে মিদিয়নীয়াসকলক খেদি খেদি গৈ যর্দ্দন নদীৰ ওচৰলৈকে আহি নদীখন পাৰ হ’ল। তেতিয়া তেওঁলোক অতি ক্লান্ত হৈ পৰিছিল।
|
||
\v 5 সেয়ে গিদিয়োনে চুক্কুতৰ অধিবাসীসকলক ক’লে, “দয়া কৰি মোৰ পাছে পাছে অহা সৈন্যবোৰক কিছু পিঠা খাবলৈ দিয়ক; কিয়নো তেওঁলোক অতিশয় পৰিশ্রান্ত হৈ পৰিছে। মই মিদিয়নীয়াসকলৰ ৰজা জেবহ আৰু চলমুন্নাৰ পাছে পাছে খেদি আহিছোঁ।”
|
||
\s5
|
||
\v 6 তেতিয়া চুক্কুতৰ নেতাসকলে ক’লে, “আমি বুজা নাই কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে? জেবহ আৰু চলমুন্না জানো এতিয়া তোমাৰ হাতত আহিল?”
|
||
\v 7 তেতিয়া গিদিয়োনে ক’লে, “যেতিয়া যিহোৱাই জেবহ আৰু চলমুন্নাক মোৰ হাতত তুলি দিব, তেতিয়া মই মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছৰ আঘাটেৰে আপোনালোকৰ গাৰ মঙহ ছিৰি পেলাম।”
|
||
\p
|
||
\s5
|
||
\v 8 তাৰ পাছত গিদিয়োন তাৰ পৰা পনুয়েললৈ উঠি গ’ল আৰু সেই ঠাইৰ লোকসকলৰ ওচৰতো একেদৰে ক’লে। তাতে চুক্কুতৰ লোকসকলে যেনেকৈ কৈছিল, তেওঁলোকেও একে উত্তৰ দিলে।
|
||
\v 9 তেতিয়া তেওঁ পনুৱেলৰ লোকসমূহক ক’লে, “কুশলে যেতিয়া পুণৰ উলটি আহিম, মই এই কোঁঠ ভাঙি পেলাম।”
|
||
\p
|
||
\s5
|
||
\v 10 সেই সময়ত জেবহ আৰু চলমুন্না প্রায় পোন্ধৰ হাজাৰ সৈন্যৰ দল লৈ কৰ্কোৰত আছিল; পুর্বদেশৰ সৈন্যসকলৰ মাজত কেৱল এওঁলোকেই তেতিয়া অৱশিষ্ট আছিল; কিয়নো তেওঁলোকৰ তৰোৱাল ধৰা এক লাখ বিশ হাজাৰ সৈন্য হত হ’ল।
|
||
\s5
|
||
\v 11 পাছত গিদিয়োনে নোবহ আৰু যগবেহাৰ চহৰৰ পুবফালে তম্বুবাসী লোকসকলৰ নমাদ বাটেদি উঠি গৈ শত্রুপক্ষৰ ছাউনি পালে। সেই সময়ত শত্রুসকল আক্রমণৰ বাবে প্রস্তুত নাছিল আৰু গিদিয়োনে গৈ তেওঁলোকক পৰাস্ত কৰিলে।
|
||
\v 12 জেবহ আৰু চলমুন্না পলাই গ’ল; কিন্তু গিদিয়োনে মিদিয়নীয়াসকলৰ সেই দুজন ৰজা জেবহ আৰু চলমুন্নাক খেদি খেদি ধৰিলে। তেতিয়া তেওঁলোকৰ সৈন্যদলৰ সকলোৱে গিদিয়োনৰ ভয়ত আতঙ্কিত হ’ল।
|
||
\p
|
||
\s5
|
||
\v 13 তাৰ পাছত যোৱাচৰ পুত্ৰ গিদিয়োনে হেৰচৰ গিৰিপথেদি যুদ্ধৰ পৰা উলটি আহিছিল।
|
||
\v 14 গিদিয়োনে চুক্কত নিবাসীসকলৰ এজন যুৱকক ধৰি আনিলে আৰু তেওঁৰ পৰা পৰামর্শ বিচাৰিলে; যুৱকজনে চুক্কতৰ সাতসত্তৰজন নেতা আৰু জ্যেষ্ঠলোকৰ নাম ক’লে।
|
||
\s5
|
||
\v 15 গিদিয়োনে চুক্কুতবাসীসকলৰ ওচৰলৈ আহি ক’লে, “এইয়া চোৱা, জেবহ আৰু চলমুন্না! এওঁলোকৰ বাবেই আপোনালোকে মোক ঠাট্টা কৰি কৈছিলে, ‘আমি বুজা নাই, কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে। আপুনি জানো জেবহ আৰু চলমুন্নাক জয় কৰিলে’?”
|
||
\v 16 এইবুলি কৈ তেওঁ চুক্কতৰ জ্যেষ্ঠসকলক ধৰি আনি মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছেৰে আঘাট কৰি শাস্তি দিলে।
|
||
\v 17 তেওঁ পনুৱেলৰ কোঁঠটোও ভাঙি পেলালে আৰু সেই নগৰৰ লোকসকলক বধ কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 18 তাৰ পাছত তেওঁ জেবহ আৰু চলমুন্নাক সুধিলে, “তাবোৰত আপোনালোকে কেনে লোকসকলক বধ কৰিছিলে?” তেওঁলোকে উত্তৰ দিলে, “আপুনি যেনেকুৱা, তেওঁলোকো তেনেকুৱা আছিল; তেওঁলোক প্ৰতিজন দেখাত ৰাজপুত্র সদৃশ আছিল।”
|
||
\v 19 গিদিয়োনে ক’লে, “সেইসকল মোৰ ভাই আছিল; মোৰ আইৰ সন্তান; জীৱন্ত ঈশ্বৰৰ শপত, আপোনালোকে যদি তেওঁলোকক জীয়াই ৰাখিলেহেতেঁন, তেন্তে মই আপোনালোকক বধ নকৰিলোঁহেঁতেন।”
|
||
\s5
|
||
\v 20 তাৰ পাছত তেওঁ নিজৰ বৰ পুতেক যেথৰক ক’লে, “উঠ, ইহঁতক বধ কৰ!” কিন্তু সেই কুমলীয়া ল’ৰাজনে নিজৰ তৰোৱাল নুলিয়ালে; সি তেতিয়া অল্পবয়সীয়া ল’ৰা আছিল বাবে ভয় কৰিলে।
|
||
\v 21 তেতিয়া জেবহ আৰু চলমুন্নাই গিদিয়োনক ক’লে, “আপুনিয়েই উঠি আমাক বধ কৰক! কিয়নো যি যেনে মানুহ, তাৰ শক্তিও তেনে।” তেতিয়া গিদিয়োনে উঠি জেবহ আৰু চলমুন্নাক বধ কৰিলে, আৰু তেওঁলোকৰ উটৰ ডিঙিৰ পৰা চন্দ্ৰহাৰবোৰ খুলি ল’লে।
|
||
\s গিদিয়োনে এফোদ তৈয়াৰ কৰা
|
||
\p
|
||
\s5
|
||
\v 22 পাছত ইস্ৰায়েলৰ লোকসকলে গিদিয়োনক ক’লে, “আপুনি মিদিয়নীয়াসকলৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰিলে; এতিয়া আপুনি, আপোনাৰ পুত্র, নাতি সকলোৱে আমাৰ ওপৰত শাসন কৰক।”
|
||
\v 23 তেতিয়া গিদিয়োনে তেওঁলোকক ক’লে, “মই বা মোৰ পুত্রই আপোনালোকৰ ওপৰত শাসন নকৰিব; যিহোৱাইহে আপোনালোকৰ ওপৰত শাসন কৰিব।”
|
||
\p
|
||
\s5
|
||
\v 24 গিদিয়োনে তেওঁলোকক পুণৰ ক’লে, “কিন্তু আপোনালোকৰ ওচৰত মোৰ এটি অনুৰোধ আছে, আপোনালোকৰ লুটৰ ভাগৰ পৰা প্ৰতিজনে মোক এটাকৈ কাণৰ গহনা দিয়ক।” কিয়নো মিদিয়নীয়াসকল আছিল ইস্মায়েলৰ বংশৰ লোক আৰু তেওঁলোকে কাণত সোনৰ গহনা পিন্ধা প্রচলিত আছিল।
|
||
\v 25 তেওঁলোকে উত্তৰ দিলে, “আমি আনন্দ মনেৰে আপোনাক সেয়া দিম।” তাৰ পাছত তেওঁলোকে এখন কাপোৰ পাৰি তাৰ মাজত প্ৰতিজনে লুটি অনা নিজ নিজ কাণৰ গহনা পেলালে।
|
||
\s5
|
||
\v 26 তাতে তেওঁ অনুৰোধ কৰি পোৱা সেই সোনৰ কাণফুলিবোৰৰ ওজন এক হাজাৰ সাত শ চেকল
|
||
\f +
|
||
\fr 8:26
|
||
\ft চেকল: সেই সময়ত ওজন জোখাৰ এক মানদণ্ডৰ একক- আনুমাণিক ৰূপৰ 14.5 গ্রাম।
|
||
\f* হ’ল; তাৰ বাহিৰেও চন্দ্ৰহাৰ, ‘লকেট’, মিদিয়নীয়া ৰজাসকলে পিন্ধা বেঙেনা বৰণীয়া বস্ত্ৰ আৰু তেওঁলোকৰ উটবোৰে পিন্ধা ডিঙিৰ হাৰ আছিল।
|
||
\p
|
||
\s5
|
||
\v 27 তাৰ পাছত গিদিয়োনে সেই সোণবোৰ লৈ এখন এফোদ
|
||
\f +
|
||
\fr 8:27
|
||
\ft এফোদ: পবিত্র বস্ত্র
|
||
\f* তৈয়াৰ কৰি তেওঁ নিজৰ নগৰ অফ্ৰাত ৰাখিলে; ইস্রায়েলীয়াসকলে সেই ঠাইত একমাত্র ঈশ্বৰৰ পৰিবর্তে এফোদৰ পূজা কৰি নিজকে ব্যভিচাৰী কৰিলে; এয়ে গিদিয়োন আৰু তেওঁৰ পৰিয়াললৈ এক ফান্দস্বৰূপ হ’ল।
|
||
\v 28 এইদৰেই মিদিয়নীয়াসকল ইস্ৰায়েলৰ লোকসকলৰ তলতীয়া হৈ থাকিল; তেওঁলোকে পুণৰ মূৰ দাঙিব নোৱাৰিলে। গিদিয়োনৰ কালত দেশ চল্লিশ বছৰলৈকে সুস্থিৰে থাকিল।
|
||
\s গিদিয়োনৰ মৃত্যু
|
||
\p
|
||
\s5
|
||
\v 29 তাৰ পাছত যোৱাচৰ পুত্ৰ যিৰুব্বালে (গিদিয়োন) নিজৰ ঘৰলৈ গৈ তাতে বাস কৰিলে।
|
||
\v 30 গিদিয়োনৰ বহুতো ভার্য্যা আছিল আৰু সেয়ে তেওঁ সত্তৰজন পুত্রৰ পিতৃ আছিল।
|
||
\v 31 চিখিমত তেওঁৰ এগৰাকী উপপত্নী আছিল। তেওঁৰ ঔৰসতো গিদিয়োনৰ এটি পুত্ৰ আছিল। গিদিয়োনে তেওঁৰ নাম অবীমেলক দিছিল।
|
||
\s5
|
||
\v 32 যোৱাচৰ পুত্ৰ গিদিয়োনৰ অতি বৃদ্ধ বয়সত মৃত্যু হ’ল। অবীয়েজ্ৰীয়াসকলৰ অফ্ৰাত তেওঁৰ পিতৃ যোৱাচৰ সমাধিস্থলত তেওঁক কবৰ দিয়া হ’ল।
|
||
\p
|
||
\v 33 গিদিয়োনৰ মৃত্যুৰ পাছতেই ইস্ৰয়েলৰ সন্তানসকল পুনৰায় ঈশ্বৰৰ অবিশ্বাসী হ’ল আৰু তেওঁলোকে বাল-দেৱতাবোৰক পূজা-অর্চনা কৰি নিজক ব্যভিচাৰী কৰিলে। তেওঁলোকে বাল-বৰীৎক নিজৰ দেৱতা বুলি মানিলে।
|
||
\s5
|
||
\v 34 তেওঁলোকৰ চাৰিওফালে থকা সকলো শত্ৰুবোৰৰ হাতৰ পৰা যি জনা ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিছিল, ইস্রায়েলে তেওঁলোকৰ সেই ঈশ্বৰ যিহোৱাক সন্মান দিবলৈ পাহৰি গ’ল।
|
||
\v 35 যিৰুব্বাল অর্থাৎ গিদিয়োনে ইস্রায়েলত যি সকলো উপকাৰ সাধি গ’ল, তাৰ বিপৰীতে লোকসমূহে তেওঁৰ বংশৰ প্রতি কৰা প্রতিজ্ঞাত বিশ্বস্ত হৈ নাথাকিল।
|
||
|
||
\s5
|
||
\c 9
|
||
\s অবীমেলকৰ বিৱৰণ
|
||
\p
|
||
\v 1 যিৰুব্বালৰ পুত্র অবীমেলকে চিখিমলৈ নিজৰ মোমায়েকহঁতৰ গুৰিলৈ গ’ল আৰু তেওঁলোকৰ সৈতে মাকৰ পৰিয়ালৰ আন সকলো জনগোষ্ঠীকে ক’লে,
|
||
\v 2 “দয়া কৰি চিখিমৰ সকলো নেতাকে আপোনালোকে এই কথা সোধক: ‘আপোনালোকৰ কাৰণে কোনটো ভাল? যিৰুব্বালৰ সত্তৰজন পুত্র আপোনালোকৰ শাসনকর্তা হ’ব নে এজনে শাসন কৰা ভাল?’ পাহৰি নাযাব, মই আপোনালোকৰে হাড় আৰু মঙহ।”
|
||
\s5
|
||
\v 3 তেতিয়া অবীমেলকৰ মাকৰ পৰিয়ালবোৰে তেওঁৰ হৈ চিখিমৰ নেতাসকলৰ আগত কথা কোৱাত তেওঁলোকে অবীমেলকৰ পক্ষত থাকিবলৈ একমত হ’ল। তেওঁলোকে ক’লে “অবীমেলক আমাৰে ভাই।”
|
||
\v 4 তেওঁলোকে বাল-বৰীৎৰ মন্দিৰৰ পৰা তেওঁক সত্তৰ ডোখৰ ৰূপ দিলে; অবীমেলকে তাৰে কেইজনমান বেপৰোৱা দু:সাহসী লোকক ভাড়া কৰিলে অৰু এওঁলোক তেওঁৰ সঙ্গী হ’ল।
|
||
\p
|
||
\s5
|
||
\v 5 অবীমেলকে অফ্ৰাত নিজৰ বাপেকৰ ঘৰলৈ গৈ তেওঁৰ সত্তৰজন ভাইক অর্থাৎ যিৰুব্বালৰ পুতেকসকলক একেটা শিলৰ ওপৰত হত্যা কৰিলে। কেৱল, যিৰুব্বালৰ সৰু পুতেক যোথম লুকাই থকা বাবে সি বাচি গ’ল।
|
||
\p
|
||
\v 6 তাৰ পাছত চিখিমৰ আৰু বৈৎ-মিল্লোৰ নেতাসকলে একেলগে আহি চিখিমৰ স্তম্ভৰ ওচৰত থকা ওক গছজোপাৰ কাষলৈ গৈ অবীমেলকক ৰজা পাতিলে।
|
||
\p
|
||
\s5
|
||
\v 7 যোথমক এই কথা জনোৱাত তেওঁ গৰিজ্জীম পৰ্ব্বতৰ টিঙলৈ উঠি গৈ চিঞঁৰি চিঞঁৰি ক’বলৈ ধৰিলে, “হে চিখিমৰ নেতাসকল, মোৰ কথা শুনা, তাতে ঈশ্বৰেও আপোনালোকৰ কথা শুনিব।
|
||
\v 8 এবাৰ গছবোৰে নিজৰ কাৰণে এজন ৰজাক অভিষেক কৰিবৰ অৰ্থে বাহিৰ ওলাই গ’ল। সিহঁতে জলপাই গছক ক’লে, ‘তুমি আমাৰ ৰজা হোৱা।’
|
||
\s5
|
||
\v 9 কিন্তু জলপাই গছে সিহঁতক ক’লে, ‘মোৰ যি তেল ঈশ্বৰ আৰু মানুহক সন্মান কৰিবলৈ ব্যৱহাৰ হয়, তাক এৰি মই কি আন গছবোৰৰ ওপৰত কেৱল দুলি থাকিবলৈকে যামনে?’
|
||
\v 10 গছবোৰে ডিমৰু গছক ক’লে, ‘আহাঁ তুমিয়েই আমাৰ ৰজা হোৱা।’
|
||
\v 11 কিন্তু ডিমৰু গছে সিহঁতক ক’লে, ‘মই জানো মোৰ মিঠা সোৱাদ আৰু উত্তম ফল ত্যাগ কৰি আন গছবোৰৰ ওপৰত দুলি থাকিবলৈ যাম?’
|
||
\s5
|
||
\v 12 পাছে গছবোৰে দ্ৰাক্ষালতাক ক’লে, ‘তুমিয়েই আহি আমাৰ ৰজা হোৱা।’
|
||
\v 13 কিন্তু দ্ৰাক্ষালতাই সিহঁতক ক’লে, ‘মোৰ যি ন-ৰসে ঈশ্বৰ আৰু মানুহক সন্তোষ দিয়ে, তাক এৰি মই আন গছবোৰৰ ওপৰত দুলি থাকিবলৈ যামনে?
|
||
\v 14 তেতিয়া আটাই গছবোৰে কাঁইট গছক ক’লে, ‘তুমিয়েই আহি আমাৰ ৰজা হোৱা।’
|
||
\s5
|
||
\v 15 কাঁইট গছে গছবোৰক ক’লে, ‘তোমালোকে তোমালোকৰ ৰজা হ’বলৈ মোক যদি সচাঁকৈ অভিষেক কৰিব বিচাৰা, তেন্তে আহাঁ আৰু মোৰ ছাঁত আশ্ৰয় লোৱা। তাকে যদি নকৰা, তেন্তে কাঁইট গছৰ পৰা জুই ওলাব আৰু লিবাননৰ এৰচ গছবোৰকো পুৰি পেলাব।’
|
||
\p
|
||
\v 16 এতিয়া সেয়ে শুনক, অবীমেলকক ৰজা পাতি আপোনালোকে জানো সত্যতা আৰু বিশ্বস্ততাৰ কার্য কৰিছে? আপোনালোকে জানো যিৰুব্বাল আৰু তেওঁৰ পৰিয়ালৰ প্রতি সুবিচাৰ কৰিছে?
|
||
\s5
|
||
\v 17 মোৰ পিতৃয়ে আপোনালোকৰ কাৰণে যুদ্ধ কৰিলে, তেওঁ নিজৰ প্ৰাণকো তুচ্ছজ্ঞান কৰি মিদিয়নীয়াসকলৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিলে;
|
||
\v 18 কিন্তু আজি আপোনালোকে মোৰ পিতৃ-বংশৰ বিৰুদ্ধে বিদ্রোহ কৰিছে; একেটা শিলৰ ওপৰতে তেওঁৰ সত্তৰজন পুত্রক বধ কৰিলে আৰু তেওঁৰ দাসীৰ পুত্র অবীমেলকক চিখিমৰ লোকসমূহৰ ওপৰত ৰজা পাতিলে, কাৰণ তেওঁ আপোনালোকৰ আত্মীয়।
|
||
\s5
|
||
\v 19 আজি যদি আপোনালোকে যিৰুব্বাল আৰু তেওঁৰ বংশলৈ ন্যায়পৰাণতা আৰু সততাৰে কার্য কৰি থাকে, তেন্তে অবীমেলকত যেন আপোনালোকে আনন্দ কৰে আৰু তেৱোঁ আপোনালোকত আনন্দ কৰক।
|
||
\v 20 কিন্তু আপোনালোকে যদি ইয়াকে নকৰে, তেনেহ’লে অবীমেলকৰ পৰা যেন জুই ওলাই আহি আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলক পুৰি পেলাওক; আৰু আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলৰ মাজৰ পৰাও যেন জুই বাহিৰ হৈ অবীমেলকক পুৰি পেলাওক।”
|
||
\p
|
||
\v 21 ইয়াকে কৈ যোথমে ল’ৰ মাৰি বেৰ নামৰ এখন ঠাইলৈ পলাই গ’ল। তেওঁ নিজৰ ভায়েক অবীমেলকৰ ভয়ত সেই ঠাইতে বাস কৰিলে।
|
||
\s চিখিমৰ লগত অববিমেলকৰ যুদ্ধ
|
||
\p
|
||
\s5
|
||
\v 22 অবীমেলকে ইস্ৰায়েলৰ ওপৰত তিনিবছৰ শাসন কৰিলে।
|
||
\v 23 তাৰ পাছত ঈশ্বৰে অবিমেলক আৰু চিখিমৰ নেতাসকলৰ মাজত এক দুষ্ট আত্মা পঠাই দিলে। তাতে চিখিমৰ নেতাসকলে অবীমেলকলৈ থকা ভাৰসাক বিশ্বাসঘাটকতা কৰিলে।
|
||
\v 24 ঈশ্বৰে এই কার্য কৰিলে যাতে যিৰুব্বালৰ সত্তৰজন পুত্রলৈ ৰক্তপাতৰ যি অন্যায় কৰা হ’ল, তাৰ দ্বাৰা তেওঁলোকৰ ভায়েক অবীমেলকৰ ওপৰত আৰু তেওঁলোকক বধ কৰা কার্যত তেওঁৰ আৰু তেওঁৰ সহায়কাৰী চিখিমৰ লোকসকলৰ ওপৰত প্রতিশোধ লোৱা হয়।
|
||
\s5
|
||
\v 25 সেয়ে চিখিমৰ লোকসকলে অবীমেলকৰ বিৰুদ্ধে পাহাৰৰ ওপৰত মানুহ ৰাখিলে আৰু তেওঁলোকে লুকাই থাকি সেই পথেৰে যিসকল লোক যায় তেওঁলোকক লুট-পাট কৰে। এই বিষয়ে অবীমেলকক জনোৱা হ’ল।
|
||
\p
|
||
\s5
|
||
\v 26 সেই সময়ত এবদৰ পুত্ৰ গালে নিজৰ জ্ঞাতি-কুতুম্বসকলৰ সৈতে চিখিমলৈ আহিল আৰু চিখিমৰ নেতাসকলে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে।
|
||
\v 27 তেওঁলোকে খেতিলৈ গৈ দ্রাক্ষাবাৰীৰ পৰা আঙুৰ চপাই গছকিলে আৰু তাৰ ৰসেৰে উৎসৱ কৰিলে। তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰলৈ গৈ ভোজন-পান কৰি অবীমেলকক শাও দিলে।
|
||
\s5
|
||
\v 28 এবদৰ পুতেক গালে ক’লে, “অবীমেলক কোন যে আমি চিখিমৰ লোকসকল তেওঁৰ অধীনত থাকিম? তেওঁ জানো যিৰুব্বালৰ পুতেক নহয়? জবুল জানো তেওঁৰ শাসনাধিপতি নহয়? আপোনালোকে বৰং চিখিমৰ বাপেক হমোৰৰ বংশধৰসকলৰ অধীন হৈ থাকক; কিয় আমি অবীমেলকৰ অধীনত থাকিম?
|
||
\v 29 এই লোকসকল মোৰ বশত থকাহেতেঁন কেনে ভাল হ’লহেতেন! তেতিয়াতো মই অবীমেলকক দুৰ কৰি দিলোঁহেতেন। অবীমেলকক মই ক’ম, ‘আপোনাৰ সৈন্য-সামন্ত সকলোকে মাতি আনি ওলাই আহঁক’।”
|
||
\p
|
||
\s5
|
||
\v 30 এবদৰ পুতেক গালৰ সেই কথা নগৰৰ শাসনাধিপতি জবুলৰ কাণত পৰিল আৰু তেওঁ ক্ৰোধত জ্বলি উঠিল।
|
||
\v 31 তেতিয়া তেওঁ অবীমেলকৰ গুৰিলৈ বার্তাবাহকৰ দ্বাৰাই কৈ পঠালে, “এবদৰ পুতেক গাল আৰু তেওঁৰ জ্ঞাতি-কুতুম্বসকলে চিখিমলৈ আহি আপোনাৰ বিৰুদ্ধে নগৰৰ লোকসকলক উত্তেজিত কৰি তুলিছে।
|
||
\s5
|
||
\v 32 সেয়ে, আপুনি আৰু আপোনাৰ সৈন্যসকলে ৰাতিতে উঠি আহি খেতিৰ মাজত লুকাই থাকিব।
|
||
\v 33 পাছদিনা ৰাতিপুৱা সুৰ্য্য উদয় হোৱা মাত্ৰেই আপোনালোকে উঠি আহি নগৰ আক্ৰমণ কৰিব; যেতিয়া গাল আৰু তেওঁৰ লোকসকল আপোনাৰ বিৰুদ্ধে ওলাই আহিব, তেতিয়া আপোনালোকে যিহকে কৰিব পাৰে তাকে তেওঁলোকলৈ কৰিব।”
|
||
\p
|
||
\s5
|
||
\v 34 যেতিয়া, অবীমেলক আৰু তেওঁৰ সকলো সৈন্যদলে ৰাতিতে উঠিল আৰু চাৰিটা দলত ভাগ হৈ চিখিমৰ ওচৰত লুকাই থকিল।
|
||
\v 35 নগৰৰ পৰা ওলাই আহি এবদৰ পুতেক গাল প্রৱেশদ্বাৰৰ ওচৰত থিয় হৈ আছিল। তেনেতে অবীমেলক আৰু তেওঁৰ সৈন্যসকল লুকাই থকা ঠাইৰ পৰা ওলাই আহিল।
|
||
\s5
|
||
\v 36 গালে তেওঁলোকক দেখি জবুলক ক’লে, “চাওঁক, পাহাৰৰ ওপৰৰ পৰা লোকসমূহ নামি আহিছে!” জবুলে উত্তৰত ক’লে, “আপুনি পাহাৰৰ ছাঁবোৰকে মানুহ যেন দেখিছে।”
|
||
\v 37 কিন্তু গালে পুনৰায় ক’লে, “চাওঁক, লোকসকল দেশৰ মধ্যস্থানলৈ নামি আহিছে; আৰু এটা দল গণকসকলৰ ওক গছজোপাৰ বাটেদি আহিছে।”
|
||
\s5
|
||
\v 38 তেতিয়া জবুলে তেওঁক ক’লে, “এতিয়া আপোনাৰ সেই ডাঙৰ ডাঙৰ কথাবোৰ কলৈ গ’ল? আপুনিয়ে কৈছিলে, ‘অবীমেলক কোন যে আমি তেওঁৰ অধীনত থাকিম?’ এই সকল লোককেই আপুনি তুচ্ছ জ্ঞান কৰা নাছিল নে? এতিয়া ওলাই গৈ তেওঁলোকৰে সৈতে যুদ্ধ কৰক।”
|
||
\p
|
||
\v 39 গালে তেতিয়া চিখিমৰ লোকসকলক পৰিচালনা কৰি বাহিৰলৈ ওলাই গ’ল আৰু অবীমেলকেৰে সৈতে যুদ্ধ কৰিলে।
|
||
\v 40 অবীমেলকে গালৰ পাছে পাছে খেদি যোৱাত তেওঁ পলাই গ’ল; আৰু তেওঁৰ দলৰ অনেকেই নগৰৰ প্ৰৱেশ দুৱাৰত সোমোৱাৰ আগতেই আঘাত পাই ঢলি পৰিল।
|
||
\p
|
||
\s5
|
||
\v 41 অবীমেলক অৰূমাত থাকিল আৰু জবুলে চিখিমৰ পৰা গাল আৰু তেওঁৰ জ্ঞাতি-কুটুম্ব সকলক খেদি বাহিৰ কৰি দিলে।
|
||
\v 42 পাছদিনাখন চিখিমৰ লোকসকলে নগৰৰ বাহিৰ ওলাই খেতিলৈ গ’ল আৰু এই বাতৰি অবীমেলকক জনোৱা হ’ল।
|
||
\v 43 অবীমেলকে তেওঁৰ লোকসকলক লৈ তিনিটা দলত ভাগ কৰি খেতিৰ মাজত লুকাই থাকিল; যেতিয়া নগৰৰ পৰা লোকসমুহক বাহিৰ হৈ অহা দেখিলে, তেতিয়া তেওঁ তেওঁলোকক আক্রমণ কৰি বধ কৰিলে।
|
||
\s5
|
||
\v 44 অবীমেলকে তেওঁৰ দলটোৰে সৈতে গৈ নগৰৰ প্রৱেশ-দুৱাৰৰ ওচৰত থিয় হৈ থাকিল; আন দুটা দলে খেতিত থকা সকলো লোকক আক্ৰমণ কৰি বধ কৰিলে।
|
||
\v 45 সেইদিনা ওৰে দিনটো অবীমেলকে নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিলে আৰু সেই ঠাইৰ লোকসমূহক বধ কৰি নগৰ অধিকাৰ কৰিলে। তাৰ পাছত নগৰৰ দেৱাল ধ্বংস কৰি তাৰ ওপৰত নিমখ চতিয়াই দিলে।
|
||
\p
|
||
\s5
|
||
\v 46 এই খবৰ শুনি চিখিমৰ দুৰ্গৰ নেতাসকলে এল-বৰীৎ দেৱতাৰ মন্দিৰৰ ভিতৰত সোমালগৈ।
|
||
\v 47 অবীমেলকে যেতিয়া শুনিলে যে লোকসকলে চিখিমৰ দুৰ্গলৈ গৈ একেলগ হৈছে,
|
||
\s5
|
||
\v 48 তেতিয়া তেওঁ নিজৰ লোকসকলক লগত লৈ চলমোন পৰ্ব্বতলৈ উঠি গ’ল। তেওঁ কুঠাৰ ললে আৰু গছৰ পৰা এটা ডাল কাটি নিজৰ কান্ধত তুলি ল’লে। তাৰ পাছত তেওঁৰ লগত থকা লোকসকলক আদেশ দিলে, “তোমালোকে মোক যি যি কৰা দেখিলা, তোমালোকেও শীঘ্রে তেনেকুৱা কৰিবা।”
|
||
\v 49 সেয়ে সকলোৱে এটা এটা ডাল কাটি লৈ অবীমেলকৰ পাছে পাছে গ’ল। তাৰ পাছত তেওঁলোকে সেই ডালবোৰ আনি মন্দিৰৰ মাটিৰ তলত থকা সেই ঘৰটোৰ ওপৰত জাপি দি জুই লগাই দিলে; এইদৰে চিখিমৰ দুৰ্গত থকা সকলো লোক মৰিল; তাত প্রায় এক হাজাৰ পুৰুষ আৰু মহিলা আছিল।
|
||
\s অবীমেলকৰ মৃত্যু
|
||
\p
|
||
\s5
|
||
\v 50 তাৰ পাছত অবীমেলক তেবেচলৈ গৈ তাৰ বিৰুদ্ধে ছাউনি পাতি তাক অধিকাৰ কৰি ল’লে।
|
||
\v 51 সেই নগৰৰ ভিতৰত এটা দৃঢ় দুর্গ আছিল; সকলো পুৰুষ, মহিলা আৰু নগৰৰ নেতাসকল তালৈ পলাই গৈ দুৱাৰ বন্ধ কৰি নিজকে ভিতৰত আবদ্ধ কৰিলে। তাৰ পাছত তেওঁলোক দুর্গৰ চালৰ ওপৰত উঠিলগৈ।
|
||
\s5
|
||
\v 52 অবীমেলকে সেই দুর্গৰ ওচৰলৈ আহি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে; তেওঁ দুর্গত জুই লগাবৰ বাবে দুর্গৰ দুৱাৰৰ ওচৰলৈকে আহিল।
|
||
\v 53 কিন্তু তাত এগৰাকী মহিলাই জাঁতৰ ওপৰৰ শিলচটা লৈ অবীমেলকৰ মূৰৰ ওপৰত পেলাই দি তেওঁৰ মূৰৰ খোলা ভাঙিলে।
|
||
\v 54 তেতিয়া অবীমেলকে ততাতৈয়াকৈ নিজৰ অস্ত্রবহনকাৰী যুবকক মাতি ক’লে, “তোমাৰ তৰোৱাল উলিয়াই মোক বধ কৰা যাতে কোনেও মোৰ বিষয়ে এইদৰে ক’ব নোৱাৰে যে ‘এগৰাকী মহিলাই মোক বধ কৰিলে’।” তেতিয়া সেই যুবকে তেওঁক তৰোৱালেৰে খুচিলে আৰু তেওঁৰ মৃত্যু হ’ল।
|
||
\s5
|
||
\v 55 অবীমেলকৰ মৃত্যু হোৱা দেখি ইস্ৰায়েলীয়াসকলে নিজৰ ঘৰলৈ উলটি গ’ল।
|
||
\p
|
||
\v 56 এই দৰে সত্তৰজন ভায়েকক বধ কৰি অবীমেলকে নিজৰ বাপেকৰ বিৰুদ্ধে যি কু-কৰ্ম্ম কৰিলে, ঈশ্বৰে তাৰ সমুচিত দণ্ড তেওঁক দিলে।
|
||
\v 57 চিখিমৰ লোকসকলে যি সকলো অন্যায় কৰিছিল, তেওঁলোকৰ নিজৰ মূৰৰ ওপৰত ঈশ্বৰে দণ্ড আনিলে; যিৰুব্বালৰ পুতেক যোথমৰ শাও তেওঁলোকৰ ওপৰত পৰিল।
|
||
|
||
\s5
|
||
\c 10
|
||
\s বিচাৰকর্তা তোলা
|
||
\p
|
||
\v 1 অবীমেলকৰ পাছত তোলা নামৰ ইচাখৰ বংশৰ এজন লোকে ইস্রায়েলী লোকসকলক উদ্ধাৰ কৰিবলৈ আহিল। তোলা পোৱাৰ পুত্ৰ আৰু দোদোৰ নাতি তেওঁ ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলৰ চামীৰত বাস কৰিছিল।
|
||
\v 2 তেওঁ তেইশ বছৰ ধৰি ইস্ৰায়েলৰ বিচাৰকর্তা আছিল। তাৰ পাছত তেওঁৰ মৃত্যু হ’ল আৰু চামীৰত তেওঁক মৈদাম দিয়া হ’ল।
|
||
\s বিচাৰকর্তা যায়ীৰ
|
||
\p
|
||
\s5
|
||
\v 3 তোলাৰ পাছত গিলিয়দীয়া যায়ীৰ বাইশ বছৰ ইস্ৰায়েলী লোকসকলৰ বিচাৰকর্তা আছিল।
|
||
\v 4 যায়ীৰৰ ত্ৰিশ জন পুতেক আছিল আৰু তেওঁলোকে ত্ৰিশটা গাধত উঠি ফুৰিছিল: তেওঁলোকৰ ত্ৰিশখন নগৰ আছিল; আজিও সেই নগৰবোৰক হব্বোৎ-যায়ীৰ বোলা হয়।
|
||
\v 5 যায়ীৰৰ মৃত্যুৰ পাছত কামোনত তেওঁক মৈদাম দিয়া হ’ল।
|
||
\s বিচাৰকর্তা যিপ্তহ
|
||
\p
|
||
\s5
|
||
\v 6 ইস্ৰায়েলী লোকসকলে যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিবলৈ ধৰিলে; তেওঁলোকে বাল-দেৱতা, অষ্টাৰেৎ দেবী আৰু অৰাম, চীদোন, মোৱাব, অম্মোন আৰু ফিলিস্তীনীয়াসকলৰ দেৱ-দেৱীসকলৰ পূজা কৰিবলৈ ধৰিলে। এইদৰে তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে আৰু তেওঁৰ উপাসনা নকৰিলে।
|
||
\v 7 সেয়ে তেওঁলোকৰ বিৰুদ্ধে তেওঁ খঙত জ্বলি উঠিল আৰু ফিলিষ্টীয়া আৰু অম্মোনীয়াসকলৰ হাতত তেওঁলোকক তুলি দিলে।
|
||
\s5
|
||
\v 8 তেওঁলোকে সেই বছৰত ইস্ৰায়েলীয়াসকলক উপদ্রৱ কৰি জয় কৰিলে; ওঠৰ বছৰ ধৰি যৰ্দ্দনৰ সিপাৰে থকা গিলিয়দৰ ইমোৰীয়া দেশত বাস কৰা সকলো ইস্ৰায়েলীয়া লোকক তেওঁলোকে উপদ্রৱ কৰিছিল।
|
||
\v 9 অম্মোনীয়াসকলে যিহূদা, বিন্যামীন আৰু ইফ্রয়িম জনগোষ্ঠীৰ বিপক্ষে যুদ্ধ কৰিবলৈ যর্দ্দন পাৰ হৈ গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে অতিশয় কষ্ট ভোগ কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 10 তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, “আমি নিজ ঈশ্বৰক ত্যাগ কৰি বাল-দেৱতাবোৰক পূজা কৰি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।”
|
||
\v 11 যিহোৱাই তেওঁলোকক ক’লে, “মই জানো মিচৰীয়া, ইমোৰীয়া, অম্মোনীয়া আৰু ফিলিষ্টীনীয়াসকলৰ পৰা তোমলোকক উদ্ধাৰ কৰা নাছিলো?
|
||
\v 12 যেতিয়া চীদোনীয়া, অমালেকীয়া আৰু মায়োনীয়াসকলে তোমালোকক উপদ্ৰৱ কৰিছিল, তেতিয়া তোমালোকে মোৰ আগত কাতৰোক্তি কৰিছিলা আৰু মই তোমলোকক তেওঁলোকৰ অধীনৰ পৰা উদ্ধাৰ কৰিছিলোঁ।
|
||
\s5
|
||
\v 13 তথাপিও তোমালোকে মোক পুণৰ ত্যাগ কৰিলা আৰু আন দেৱ-দেৱীসকলক পূজা কৰিবলৈ ধৰিলা; গতিকে মই তোমালোকক বাৰে বাৰে ৰক্ষা কৰি নাথাকিম।
|
||
\v 14 যি দেৱতাসকলক তোমালোকে পূজা কৰিছিলা তেওঁলোকৰ ওচৰলৈ গৈ কাতৰোক্তি কৰা; সঙ্কটৰ সময়ত তেওঁলোকেই তোমালোকক ৰক্ষা কৰক।”
|
||
\p
|
||
\s5
|
||
\v 15 কিন্তু ইস্ৰায়েলীয়াসকলে যিহোৱাক ক’লে,“আমি পাপ কৰিলো; আপোনাৰ দৃষ্টিত যি ভাল দেখে তাকেই আমালৈ কৰক; অনুগ্রহ কৰি কেবল এইবাৰ আপুনি আমাক উদ্ধাৰ কৰক।”
|
||
\v 16 তাৰ পাছত তেওঁলোকৰ মাজত ভিন্ন দেশীয় যি দেৱতাবোৰ আছিল, সেইসকলো দূৰ কৰি তেওঁলোকে যিহোৱাৰ সেৱা কৰিলে; তাতে ইস্ৰায়েলৰ কষ্ট দেখি যিহোৱাই দূখ কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 17 তেতিয়া অম্মোনীয়াসকলে একগোট হৈ গিলিয়দত ছাউনি পাতিলে আৰু ইস্ৰায়েলী লোকসকলেও লগ হৈ মিস্পাত ছাউনি পাতিলে।
|
||
\v 18 গিলিয়দৰ নেতাসকলে এজনে আনজনক ক’লে, “অম্মোনীয়াসকলৰ লগত প্রথমে কোনে যুদ্ধ আৰম্ভ কৰিব? যিজনে কৰিব, তেঁৱেই গিলিয়দ-নিবাসী সকলো লোকৰ ওপৰত নেতা হ’ব।
|
||
|
||
\s5
|
||
\c 11
|
||
\p
|
||
\v 1 সেই কালত গিলিয়দীয়া যিপ্তহ এজন শক্তিশালী যোদ্ধা আছিল; তেওঁৰ মাক এগৰাকী বেশ্যা আছিল আৰু তেওঁৰ পিতৃৰ নাম গিলিয়দ আছিল।
|
||
\v 2 গিলিয়দৰ ভাৰ্য্যাই তেওঁলৈ আন কেইবাজনো পুত্রৰ জন্ম দিছিল। তেওঁৰ ভাৰ্য্যাৰ পুত্রসকল যেতিয়া ডাঙৰ হ’ল, তেওঁলোকে যিপ্তহক ঘৰৰ পৰা খেদি দি ক’লে, “তুমি আমাৰ পৰিয়ালৰ সম্পত্তিৰ কোনো অধিকাৰ নাপাবা; কিয়নো তুমি আন এগৰাকী মহিলাৰ সন্তান।”
|
||
\v 3 সেয়ে যিপ্তহ নিজৰ ভাইসকলৰ কাষৰ পৰা পলাই গৈ টোব দেশত বাস কৰিবলৈ ধৰিলে। তাত কেইজনমান উদণ্ড লোকে আহি যিপ্তহেৰে সৈতে যোগ দিলে আৰু তেওঁৰ লগত চলা-ফুৰা কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 4 কিছু কালৰ পাছত অম্মোনীয়াসকলে ইস্ৰায়েলেৰে সৈতে যুদ্ধ কৰিবলৈ ধৰিলে।
|
||
\v 5 যেতিয়া অম্মোনীয়াসকলে ইস্ৰায়েলীসকলৰ সৈতে যুদ্ধ কৰিছিল, তেতিয়া গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক টোব দেশৰ পৰা আনিবলৈ গ’ল।
|
||
\v 6 তেওঁলোকে যিপ্তহক ক’লে, “আমি অম্মোনীয়াসকলৰ লগত যুদ্ধ কৰিম, সেয়ে তুমি আহি আমাৰ সেনাপতি হোৱা।”
|
||
\s5
|
||
\v 7 যিপ্তহে গিলিয়দৰ নেতাসকলক ক’লে, “তোমালোকেই ঘিণ কৰি পিতৃ-বংশৰ মাজৰ পৰা মোক খেদি দিছিলা। এতিয়া সঙ্কটত পৰি কিয় মোৰ ওচৰলৈ আহিছা?”
|
||
\v 8 গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক ক’লে, “সেই কাৰণেই আমি এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ; তুমি আমাৰ লগত গৈ অম্মোনীয়াসকলৰ সৈতে যুদ্ধ কৰা আৰু তুমিয়েই গিলিয়দনিবাসী সকলো লোকৰ ওপৰত নেতা হবা।”
|
||
\s5
|
||
\v 9 তেতিয়া যিপ্তহে গিলিয়দৰ বৃদ্ধসকলক ক’লে, “আপোনালোকে যদি অম্মোনৰ সৈন্যবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোক ঘৰলৈ পুণৰ ওলোটাই নিয়ে আৰু যিহোৱায়ো যদি তেওঁলোকৰ ওপৰত আমাক বিজয়ী কৰে, তেন্তে মইয়ে আপোনালোকৰ নেতা হ’ম।”
|
||
\v 10 গিলিয়দৰ বৃদ্ধসকলে ক’লে, “আমি যদি আমাৰ কথামতে কাম নকৰো, তেন্তে যিহোৱা আমাৰ মাজত সাক্ষী হৈ থাকক !
|
||
\v 11 তেতিয়া যিপ্তহ গিলিয়দৰ বৃদ্ধ নেতাসকলৰ সৈতে গ’ল আৰু লোকসমূহে তেওঁকে তেওঁলোকৰ নেতা আৰু সেনাপতি পাতিলে; তাৰ পাছত যিপ্তহে মীস্পাত গৈ যিহোৱাৰ সন্মুখত তেওঁৰ প্রতিজ্ঞাবোৰৰ কথা জনালে।
|
||
\s অম্মোনৰ ৰজাৰ ওচৰলৈ যিপ্তহৰ বার্তা
|
||
\p
|
||
\s5
|
||
\v 12 তাৰ পাছত যিপ্তহে মানুহ পঠাই অম্মোনীয়াসকলৰ ৰজালৈ এই কথা সুধিলে, “আপোনাৰ আৰু আমাৰ মাজত কি সমস্যা হৈছে? কিয় আমাৰ দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছে?”
|
||
\v 13 অম্মোনীয়াসকলৰ ৰজাই যিপ্তহে পঠোৱা লোকসকলক কৈ পঠালে, “ইস্ৰায়েলীয়াসকলে মিচৰ দেশৰ পৰা বাহিৰ হৈ আহি অৰ্ণোন নদীৰ পৰা যব্বোকলৈ আৰু যৰ্দ্দনলৈকে মোৰ মাটি কাঢ়ি ল’লে; গতিকে এতিয়া অশান্তি নকৰাকৈ তাক ওলোটাই দিয়ক।”
|
||
\p
|
||
\s5
|
||
\v 14 পুণৰ যিপ্তহে অম্মোনীয়াসকলৰ ৰজাৰ ওচৰলৈ লোক পঠালে।
|
||
\v 15 তেওঁ এই বাৰ্তা দিলে,
|
||
\pc “যিপ্তহে কৈছে: ‘ইস্রায়েলে মোৱাব আৰু অম্মোনৰ লোকসকলৰ মাটি কাঢ়ি লোৱা নাছিল।
|
||
\v 16 কিন্তু মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত ইস্ৰায়েলী লোকসকলে মৰুপ্রান্তৰৰ মাজেদি ভ্ৰমণ কৰি লোহিত সাগৰলৈকে গৈছিল আৰু তাৰ পাছতে কাদেচলৈ গৈছিল।
|
||
\s5
|
||
\v 17 তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইদোমৰ ৰজাৰ ওচৰলৈ লোক পঠিয়াই বিনয় কৰি কৈছিল, “আপোনালোকৰ ভূমিৰ মাজেদি আমাক যাবলৈ অনুমতি দিয়ক।” কিন্তু ইদোমৰ ৰজাই সেই কথা নুশুনিলে। পাছত তেওঁলোকে মোৱাবৰ ৰজাৰ ওচৰলৈকো লোক পঠিয়াইছিল, কিন্তু তেৱোঁ সন্মত নহ’ল। সেয়েহে ইস্ৰায়েলী লোকসকল কাদেচতে থাকিল।
|
||
\v 18 তাৰ পাছত তেওঁলোকে মৰুপ্রান্তৰৰ মাজেদি গৈ ইদোম আৰু মোৱাব দেশৰ পৰা ঘূৰি মোৱাব দেশৰ পূৱ ফালেদি আহি অৰ্ণোন নদীৰ সিপাৰে ছাউনি পাতিলে; তেওঁলোকে মোৱাবৰ সীমাৰ ভিতৰত নোসোমাল, কিয়নো অৰ্ণোন নদী মোৱাবৰ সীমা আছিল।
|
||
\p
|
||
\s5
|
||
\v 19 তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইমোৰীয়াসকলৰ ৰজা চিহোন, যিজনে হিচবোনত ৰাজত্ব কৰিছিল, তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে “অনুগ্রহ কৰি আপোনালোকৰ দেশৰ মাজেদি আমাক আমি যাব লগা ঠাইলৈ যাব দিয়ক।”
|
||
\v 20 কিন্তু চিহোনেও তেওঁলোকক বিশ্বাস নকৰিলে আৰু নিজৰ অঞ্চলৰ মাজেদি যোৱাৰ অনুমতি নিদিলে। তেওঁ নিজৰ সৈন্যসকলক গোট খুৱাই যহচত ছাউনি পাতিলে আৰু তাত ইস্ৰায়েলী লোকসকলৰ সৈতে যুদ্ধ কৰিলে।
|
||
\s5
|
||
\v 21 তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই চিহোন আৰু তেওঁৰ সকলো লোকক ইস্রায়েলী লোকসকলৰ হাতত তুলি দি তেওঁলোকৰ অধীন কৰিলে। এইদৰে ইস্ৰায়েলে সেই দেশত নিবাস কৰা ইমোৰীয়াসকলৰ গোটেই দেশ অধিকাৰ কৰিলে।
|
||
\v 22 তেওঁলোকে অৰ্ণোনৰ পৰা যাব্বোক পর্যন্ত আৰু মৰুপ্রান্তৰ পৰা যর্দ্দনলৈকে ইমোৰীয়াসকলৰ সীমাৰ ভিতৰৰ সমগ্র অঞ্চল অধিকাৰ কৰিলে।
|
||
\s5
|
||
\v 23 এইদৰে ইস্ৰায়েল জাতিৰ ঈশ্বৰ যিহোৱাই যেতিয়া নিজে ইস্ৰায়েলৰ সন্মুখত ইমোৰীয়াসকলক খেদাই পঠালে, তেন্তে এতিয়া সেই লোকসকলৰ ভূমি জানো আপুনি অধিকাৰ কৰা উচিত?
|
||
\v 24 আপোনাৰ কমোচ দেৱতাই আপোনাক যি ভূমিৰ অধিকাৰ দিছে, আপুনি জানো তাক অধিকাৰ নকৰিব? ঠিক সেইদৰে আমাৰ ঈশ্বৰ যিহোৱাই যি ঠাইৰ অধিকাৰ আমাক দিছে, আমি সেই ঠাইকে অধিকাৰ কৰিম।
|
||
\v 25 এতিয়া আপুনি কি মোৱাবৰ ৰজা চিপ্পোৰৰ পুতেক বালাকতকৈও উত্তম? তেওঁ ইস্ৰায়েলৰ অহিতে বিবাদ কৰিবলৈ জানো সাহস কৰিছিল? তেওঁলোকৰ বিৰুদ্ধে তেওঁ জানো কেতিয়াবা যুদ্ধ কৰিছিল?
|
||
\s5
|
||
\v 26 তিনিশ বছৰ কাল ইস্রায়েলী লোকসকলে হিচবোন আৰু অৰোয়েৰ চহৰত, তাৰ গাওঁবোৰত আৰু অৰ্ণোনৰ নদীৰ পাৰৰ ওচৰত থকা সকলো চহৰত বাস কৰিছিল; সেই সময়তে আপোনালোকে কিয় সেইবোৰ ঠাই দখল কৰি নললে?
|
||
\v 27 এই বিষয়ত মই আপোনাৰ প্রতি কোনো অন্যায় কৰা নাই; বৰং মোৰ বিৰুদ্ধে যুদ্ধ কৰি আপুনিহে মোলৈ অন্যায় কৰিছে; বিচাৰকৰ্ত্তা যিহোৱায়ে এতিয়া ইস্ৰায়েলীয়া আৰু অম্মোনীয়াসকলৰ মাজত বিচাৰ কৰক’।”
|
||
\v 28 তথাপি যিপ্তহে কৈ পঠোৱা এই সকলো বার্তাক অম্মোনীয়াসকলৰ ৰজাই অগ্রাহ্য কৰিলে।
|
||
\s যিপ্তহৰ সঙ্কল্প
|
||
\p
|
||
\s5
|
||
\v 29 তেতিয়া যিহোৱাৰ আত্মা যিপ্তহৰ ওপৰত আছিল। তাতে তেওঁ গিলিয়দ আৰু মনচিৰ মাজেদি গৈ গিলিয়দৰ মিস্পালৈ আহিল আৰু তাৰ পৰা অম্মোনীয়াসকলৰ ওচৰলৈ গ’ল।
|
||
\v 30 যিপ্তহে যিহোৱাৰ ওচৰত সঙ্কল্প কৰি ক’লে, “তুমি যদি মোক অম্মোনীয়াসকলৰ বিৰুদ্ধে বিজয়ী কৰোৱা,
|
||
\v 31 তেন্তে অম্মোনীয়াসকলৰ সৈতে যুদ্ধত জয়লাভ কৰি ঘূৰি যোৱাৰ সময়ত মোক আগবঢ়াই নিবৰ কাৰণে যেয়ে দুৱাৰ মেলি ঘৰৰ বাহিৰলৈ আহিব, সেয়ে যিহোৱাৰ হ’ব আৰু মই তাক হোমবলিৰূপে উৎসৰ্গ কৰিম।”
|
||
\s5
|
||
\v 32 তাৰ পাছত যিপ্তহে অম্মোনীয়সকলৰ লগত যুদ্ধ কৰিবলৈ মিস্পাৰ পৰা গ’ল আৰু যিহোৱাই তেওঁৰ হাতত অম্মোনিয়াসকলক তুলি দিলে।
|
||
\v 33 তেওঁ অৰোয়েৰৰ পৰা মিন্নীতৰ ওচৰত নগৰবোৰত আক্রমণ কৰি হত্যা কৰিলে আৰু আবেল-কৰামীমলৈকে বিশখন নগৰ জয় কৰিলে। এইদৰে অম্মোনীয়াসকলক ইস্ৰায়েলৰ অধীন কৰা হ’ল।
|
||
\p
|
||
\s5
|
||
\v 34 যিপ্তহে যেতিয়া মিস্পাত নিজৰ ঘৰলৈ উলটি আহিল, তেতিয়া তেওঁক আগবঢ়াই নিবলৈ তেওঁৰ জীয়েক ওলাই আহিল। তাই খঞ্জৰী বজাই তালে তালে নাচি নাচি ওলাই আহিল; তাই যিপ্তহৰ একেজনী মাথোন জীয়েক আছিল আৰু তাইৰ বাহিৰে তেওঁৰ কোনো পুতেক বা জীয়েক নাছিল।
|
||
\v 35 যিপ্তহে নিজৰ জীয়েকক দেখা পোৱা মাত্ৰে নিজৰ কাপোৰ ফালি ক’লে, “হায়, মোৰ মাজনী! তুমি মোলৈ এয়া কি সর্বনাশ কৰিলা! তুমি যে মোক অতিশয় বেজাৰ দিলা! কিয়নো মই যিহোৱাৰ উদ্দেশ্যে যি শপত খালো, মই তাৰ পৰা ঘূৰিব নোৱাৰোঁ।”
|
||
\p
|
||
\s5
|
||
\v 36 তাই বাপেকক ক’লে, “পিতা, তুমি যিহোৱাক কথা দিলা, সেয়ে তোমাৰ কথা অনুসাৰে মোৰ প্রতি সকলো কৰা। কিয়নো যিহোৱাই তোমাৰ শত্ৰু অম্মোনীয়াসকলৰ ওপৰত তোমাৰ হৈ প্ৰতিকাৰ সাধিলে।”
|
||
\v 37 তাৰ পাছত তাই ক’লে, “মোৰ বাবে এটা অনুৰোধ ৰাখক। মোক দুমাহৰ বাবে অকলে থাকিবলৈ দিয়ক; মোক পাহাৰে পাহাৰে ঘূৰি মোৰ কুমাৰীত্বৰ অৰ্থে সখীবোৰেৰে সৈতে বিলাপ কৰিবলৈ দিয়ক।”
|
||
\s5
|
||
\v 38 যিপ্তহে ক’লে, “যোৱা।” এইবুলি তেওঁ তাইক দুমাহলৈ বিদায় দিলে; তেতিয়া তাই নিজ সখীসকলৰ সৈতে গৈ পাহাৰবোৰৰ ওপৰত নিজ কুমাৰীত্বৰ অৰ্থে বিলাপ কৰিবলৈ ধৰিলে।
|
||
\v 39 দুমাহৰ মূৰত তাই বাপেকৰ ওচৰলৈ উলটি আহিল; তাইৰ বাপেকে নিজে কৰা সঙ্কল্পৰ দৰে তাইলৈ কৰিলে; তাই কেতিয়াও কোনো পুৰুষৰ সৈতে সম্বন্ধ নকৰিলে। এই ঘটনাৰ পৰা ইস্ৰায়েলৰ মাজত এটা ৰীতি প্ৰচলিত হ’বলৈ ধৰিলে।
|
||
\v 40 ইস্ৰায়েলীয়া যুৱতীসকলে প্রত্যেক বছৰে চাৰি দিনৰ বাবে গিলিয়দীয়া যিপ্তহৰ জীয়েকৰ কথা কৈ বিলাপ কৰে।
|
||
|
||
\s5
|
||
\c 12
|
||
\p
|
||
\v 1 তাৰ পাছত ইফ্ৰয়িমৰ বংশৰ লোকসকলে গোট খাই সৈন্যসকলক মাত দিলে, তাৰ পাছত নদী পাৰহৈ চাফোন চহৰলৈ গৈ যিপ্তহক ক’লে, “কিয় তুমি আম্মোনৰ লগত যুদ্ধ কৰিবলৈ আমাক মতা নাই বা আমাৰ সহায় বিচৰা নাই? আমি তোমাৰ সৈতে তোমাৰ ঘৰো জুইৰে পুৰিম”।
|
||
\v 2 তেতিয়া যিপ্তহে তেওঁলোকক উত্তৰ দি ক’লে, “অম্মোনৰ সন্তানসকলে আমাক নানা সমস্যাত পেলাইছিল সেই বাবে আমি তেওঁলোকৰ লগত যুদ্ধ কৰিছো, মই আৰু মোৰ লোকসকলে তোমালোকৰ সহায় বিচাৰি তোমালোকক মাতিছিলোঁ, কিন্তু তোমালোকৰ কোনো এজনো সহায় কৰিবলৈ আগবাঢ়ি নাহিলা;
|
||
\s5
|
||
\v 3 যেতিয়া দেখিলো তোমালোকে মোক কোনেওঁ সহায় নকৰা, তেতিয়া মই নিজে নদী পাৰ হৈ প্ৰাণ আঁচলৰ আগত বান্ধি লৈ অম্মোনৰ সন্তানসকলৰ বিৰুদ্ধে যুদ্ধত নামি পৰিলো। তাতে যিহোৱাই মোৰ হাতত সিহঁতক সমৰ্পণ কৰিলে; এতেকে তোমালোকে মোৰে সৈতে যুদ্ধ কৰিবলৈ আজি কিয় মোৰ ওচৰলৈ আহিছা?”
|
||
\v 4 পাছত যিপ্তহে গিলিয়দৰ সকলো লোকক গোটাই ইফ্ৰয়িমীয়া লোকসকলৰ সৈতে যুদ্ধ কৰিলে; কিয়নো সিহঁতে কৈছিল, “হেৰৌ গিলিয়দীয়াসকল, তহঁত ইফ্ৰয়িমৰ আৰু মনচিৰ মাজৰ পৰা পলাই অহা ইফ্ৰয়িমীয়া মানুহ।” সেই যুদ্ধত গিলিয়দৰ লোকসকলে ইফ্রয়িমীয়া লোকসকলক পৰাস্ত কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 5 পাছত গিলিয়দীয়াসকলে ইফ্ৰয়িমৰ মানুহৰ আগেয়ে গৈ যৰ্দ্দনৰ পাৰ-ঘাটবোৰ দখল কৰি ল’লে; তাতে ইফ্ৰয়িমৰ পলাই যোৱা কোনো মানুহে যদি কয়, “আমক নদী পাৰ হ’বলৈ দিয়া”, তেতিয়া গিলিয়দৰ মানুহে তেওঁলোকক সোধে, ‘তুমি জানো ইফ্ৰয়িমীয়া মানুহ নোহোৱা?” আৰু তেওঁ যদি কয় “নহয়”,
|
||
\v 6 তেতিয়া তেওঁলোকে কয়, ‘এবাৰ “শ্যিব্বোলেৎ” কোৱাচোন’; তেতিয়া ইফ্রয়িমৰ লোকসকলে শুদ্ধৰূপে উচ্চাৰণ কৰিব নোৱাৰি “চিব্বোলেৎ” বুলি ক’লেই, তেওঁলোকে ধৰি যৰ্দ্দনৰ পাৰৰ ঘাটত বধ কৰে। সেই সময়ত ইফ্ৰয়িমৰ বিয়াল্লিশ হাজাৰ লোকক হত্যা কৰা হ’ল।
|
||
\p
|
||
\s5
|
||
\v 7 যিপ্তহে ছবছৰলৈকে ইস্ৰায়লৰ বিচাৰ কৰিলে। পাছত গিলিয়দীয়া যিপ্তহৰ মৃত্যু হোৱাত তেওঁক গিলিয়দৰ কোনো এখন নগৰত মৈদাম দিয়া হ’ল।
|
||
\p
|
||
\s5
|
||
\v 8 তেওঁৰ পাছত বৈৎলেহমীয়া ইবচন ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা হ’ল।
|
||
\v 9 তেওঁৰ ত্ৰিশ জন পুতেক আছিল; আৰু তেওঁ ত্ৰিশজনী জীয়েকক উলিয়াই দি, নিজ পুতেকহঁতৰ বাবে ত্ৰিশ জনী ছোৱালী বাহিৰৰ পৰা আনিলে। তেওঁ সাত বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 10 পাছত ইবচনৰ মৃত্যু হোৱাত, তেওঁক বৈৎলেহেমত মৈদাম দিয়া হ’ল।
|
||
\v 11 তেওঁৰ পাছত জবুলুনীয়া এলোন ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা হ’ল; তেওঁ দহ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।
|
||
\v 12 জবুলুনীয়া এলোনৰ মৃত্যু হোৱাৰ পাছত তেওঁক জবুলুন দেশত থকা অয়ালোণত মৈদাম দিয়া হ’ল।
|
||
\p
|
||
\s5
|
||
\v 13 তেওঁৰ পাছত পিৰিয়াথোনীয়া হিল্লোলৰ পুত্ৰ অব্দোন ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা হ’ল।
|
||
\v 14 তেওঁৰ চল্লিশ জন পুতেক, আৰু ত্ৰিশজন নাতিয়েক আছিল; তেওঁলোকে সত্তৰটা গাধত উঠি ফুৰে; অব্দোনে আঠ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰক আছিল।
|
||
\v 15 পাছত পিৰিয়াথোনীয়া হল্লোলৰ পুত্ৰ অব্দোনৰ মৃত্যু হোৱাত, অমালেকীয়াসকলৰ পৰ্ব্বতীয়া অঞ্চল ইফ্ৰয়িম দেশৰ পিৰিয়াথোনত তেওঁক মৈদাম দিয়া হ’ল।
|
||
|
||
\s5
|
||
\c 13
|
||
\s চিমচোনৰ জন্ম।
|
||
\p
|
||
\v 1 পাছত ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ সাক্ষাতে পুনৰাই কু-আচৰণ কৰিব ধৰিলে; তাতে যিহোৱাই চল্লিশ বছৰলৈকে তেওঁলোকক ফিলিস্তীয়াসকলৰ হাতত শোধাই দিলে।
|
||
\p
|
||
\v 2 সেই কালত দানীয়া গোষ্ঠীৰ মাজত চৰা-নিবাসী মানোহ নামেৰে এজন মানুহ আছিল; তেওঁৰ পত্নী বাঁজী হোৱা বাবে সন্তান প্ৰসৱ কৰিব নোৱাৰিলে।
|
||
\s5
|
||
\v 3 পাছত যিহোৱাৰ দূতে সেই মহিলাক দৰ্শন দি ক’লে, “চোৱা, তুমি বাঁজী আৰু সন্তান প্ৰসৱ কৰা নাই; তথাপি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা।
|
||
\v 4 এই হেতুকে তুমি সাৱধান হোৱা; দ্ৰাক্ষাৰস কি সুৰা পান নকৰিবা, কোনো অশুচি বস্তুকো ভোজন নকৰিবা।
|
||
\v 5 কাৰণ চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; তাৰ মুৰত খুৰ লগোৱা নহ’ব; কিয়নো সেই লৰা গৰ্ভৰে পৰা ঈশ্বৰৰ উদ্দেশ্যে নাচৰতীয়া হ’ব; আৰু ফিলিস্তীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ তেওঁ আৰম্ভ কৰিব।
|
||
\p
|
||
\s5
|
||
\v 6 তেতিয়া সেই মহিলা গৰাকীয়ে গৈ নিজ স্বামীক ক’লে ‘ঈশ্বৰৰ এজন লোক মোৰ ওচৰলৈ আহিছিল; তেওঁৰ সৌন্দর্য ঈশ্বৰৰ দূতৰ নিচিনা, তেওঁক দেখি মই বহুত ভয় খালো, কিন্তু তেওঁ ক’ৰ পৰা আহিল, সেই বিষয়ে মই সুধিবলৈ নহ’ল আৰু তেৱোঁ নিজৰ নাম মোক নক’লে।
|
||
\v 7 কিন্তু তেওঁ মোক ক’লে, ‘চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; এই হেতুকে তুমি দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা, কোনো অশুচি বস্তুও ভোজন নকৰিবা; কিয়নো সেই ল’ৰা জন্মৰে পৰা মৰণৰ দিনলৈকে ঈশ্বৰৰ উদ্দেশ্যে নাচৰতীয়া হ’ব’।
|
||
\p
|
||
\s5
|
||
\v 8 তেতিয়া মানোহে যিহোৱাৰ আগত বিনয় কৰি ক’লে, “হে প্ৰভূ, মিনতি কৰোঁ, আপুনি পঠোৱা ঈশ্বৰৰ সেই লোকক আমাৰ ওৰচলৈ পুনৰাই আহিব দিয়ক, যি ল’ৰা জন্মিব, তালৈ আমি কি কৰিব লাগিব, তেওঁ আমাক পুনৰাই বুজাই দিয়ক।”
|
||
\v 9 তেতিয়া ঈশ্বৰে মানোহৰ কথা শুনাৰ পাছত, ঈশ্বৰৰ দূত আকৌ সেই মহিলাৰ ওচৰিলৈ আহিল। সেই সময়ত তাই পথাৰত বহি আছিল, কিন্তু তাইৰ স্বামী মানোহ তাইৰ লগত নাছিল।
|
||
\p
|
||
\s5
|
||
\v 10 পাছত সেই মহীলা গৰাকীয়ে বেগাই গৈ নিজ স্বামীক সম্বাদ দি ক’লে, “চোৱা, সেইদিনা যিজন লোক মোৰ ওচৰলৈ আহিছিল, তেওঁ পুণৰ মোক দৰ্শন দিছে।”
|
||
\v 11 তেতিয়া মানোহে উঠি নিজৰ পত্নীৰ পাছে পাছে সেই পুৰুষজনৰ ওচৰলৈ গৈ তেওঁক সুধিলে, “এই মহিলাৰ সৈতে যিজনাই কথা কৈছিল, সেইজনা আপুনিয়েই নে?” তেওঁ ক’লে, “হয়, ময়েই হওঁ।”
|
||
\p
|
||
\s5
|
||
\v 12 তেতিয়া মানোহে ক’লে, “আশা কৰো আপোনাৰ কথা সত্য হওঁক; কিন্তু সেই ল’ৰাজনে কিদৰে জীৱন কটাব আৰু কি কর্ম কৰিব?”
|
||
\v 13 তেতিয়া যিহোৱাৰ দূতে মানোহক ক’লে, “মই এই মহিলাক যিবোৰ কথা ক’লো, সেই সকলো বিষয়ত তেওঁ সাৱধানে থাকক।
|
||
\v 14 তেওঁ দ্ৰাক্ষালতাৰ পৰা উৎপন্ন হোৱা কোনো বস্তু ভোজন নকৰক আৰু দ্ৰাক্ষাৰস কি সুৰা পান নকৰক আৰু কোনো অশুচি বস্তু নাখাওক; মই তেওঁক যি যি আজ্ঞা কৰিলোঁ, তেওঁ সেই সকলোকে পালন কৰক।”
|
||
\p
|
||
\s5
|
||
\v 15 পাছত মানোহে যিহোৱাৰ দূতক ক’লে, “আপুনি আমাৰ মিনতি গ্ৰহণ কৰি ইয়াতে অলপ সময় থাকক, আমি আপোনাৰ বাবে এটি ছাগলী পোৱালি যুগুত কৰো।”
|
||
\v 16 তেতিয়া যিহোৱাৰ দূতে মানোহক ক’লে, “যদিও মই ইয়াত থাকো তথাপি মই তোমাৰ আহাৰ ভোজন নকৰিম; কিন্তু তুমি যদি হোম-বলি যুগুত কৰা, তেনেহলে সেয়া যিহোৱাৰ উদ্দেশ্যেই উৎসৰ্গ কৰিবা।” কিয়নো তেওঁ যে যিহোৱাৰ দূত, সেই বিষয়ে মনোহে নাজানিছিল।
|
||
\p
|
||
\s5
|
||
\v 17 তেতিয়া মানোহে যিহোৱাৰ দূতক সুধিলে, “আপোনাৰ বাক্য সিদ্ধ হ’লে আমি আপোনাক মৰ্যদা কৰিবলৈ, আপোনাৰ নাম কি কওকচোন?”
|
||
\v 18 তেতিয়া যিহোৱাৰ দূতে ক’লে, “মোৰ নাম কেলেই সুধিছা? কিয়নো এই নাম অতি আশ্চৰ্য্য!”
|
||
\p
|
||
\s5
|
||
\v 19 পাছত মনোহে ভক্ষ্য নৈবেদ্যেৰে সৈতে সেই ছাগলী লৈ, যিহোৱাৰ উদ্দেশ্যে শিলটোৰ ওপৰত উৎসৰ্গ কৰিলে; তাতে মনোহ আৰু তেওঁৰ পত্নিৰ চকুৰ আগতে সেই দূতে আচৰিত কার্য সাধন কৰিলে।
|
||
\v 20 কিয়নো যেতিয়া অগ্নিশিখা যজ্ঞ-বেদিৰ পৰা আকাশৰ ফালে ওপৰলৈ উঠিল তেতিয়া মানোহ আৰু তেওঁৰ পত্নিয়ে দেখাতে যিহোৱাৰ দূত সেই যজ্ঞ-বেদিৰ শিখাত ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকে এই দৃশ্য দেখি দুজনে মাটিত উবুৰিহৈ প্রণাম কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 21 তাৰ পাছত যিহোৱাৰ দূতে মানোহ আৰু তেওঁৰ পত্নিক পুনৰাই দৰ্শন নিদিলে। তেওঁ যে যিহোৱাৰ দূত, সেই বিষযে তেতিয়াহে মানোহে জানিলে।
|
||
\v 22 পাছত মানোহে তেওঁৰ পত্নিক ক’লে, “আমি নিশ্চয়ে মৰিম; কিয়নো আমি ঈশ্বৰক দেখা পালোঁ।”
|
||
\p
|
||
\s5
|
||
\v 23 কিন্তু তেওঁৰ পত্নিয়ে তেওঁক ক’লে, “আমাক বধ কৰিবলৈ যদি ঈশ্বৰৰ ইচ্ছা হ’লহেঁতেন, তেন্তে তেওঁ আমাৰ পৰা হোম-বলি আৰু নৈবেদ্য গ্ৰহণ নকৰিলেহেঁতেন, আৰু এই সকলো আমাক নেদেখুৱালেহেঁতেন আৰু এই সময়ত আমাক এনে কথাও নুশুনালেহেঁতেন।”
|
||
\s5
|
||
\v 24 পাছত মহিলা গৰাকীয়ে এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু তেওঁৰ নাম চিমচোন ৰাখিলে। তাৰ পাছত সেই ল’ৰা বাঢ়ি ডাঙৰ হ’ল আৰু যিহোৱাই তাক আশীৰ্ব্বাদ কৰিলে।
|
||
\v 25 প্ৰথমে যিহোৱাৰ আত্মাই চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত থকা মহনেদানত চিমচোনক কার্য্য কৰিবলৈ সক্রিয় কৰিলে।
|
||
|
||
\s5
|
||
\c 14
|
||
\s চিমচোনৰ বিবাহ।
|
||
\p
|
||
\v 1 পাছত চিমচোনে তিম্নালৈ নামি গ’ল আৰু সেই ঠাইত ফিলিস্তীয়াসকলৰ জীয়াৰীবোৰৰ মাজত এজনী ছোৱালী দেখা পালে।
|
||
\v 2 আৰু উলটি আহি নিজৰ মাক-বাপেকক ক’লে, “মই তিম্নাত ফিলিস্তীয়াসকলৰ জীয়াৰীবোৰৰ মাজত এজনী ছোৱালী দেখিলোঁ; তোমালোকে তেওঁক আনি মোৰে সৈতে বিয়া কৰাই মোৰ পত্নী হ’বলৈ দিয়া।”
|
||
\p
|
||
\s5
|
||
\v 3 তেতিয়া তেওঁৰ বাপেক-মাকে তেওঁক ক’লে, “তোমাৰ ভাইসকলৰ মাজত আৰু মোৰ স্ব-জাতীয় লোকসকলৰ মাজত জানো ছোৱালী নাই যে, তুমি সেই অচুন্নৎ ফিলিস্তীয়াসকলৰ ছোৱালী আনিবলৈ যাব খুজিছা।” চিমচোনে তেওঁৰ বাপেকক ক’লে, “তুমি মোৰ কাৰণে তেওঁকেই আনিবলৈ দিয়া; কিয়নো যেতিয়া মই তেওঁক চালো, তেতিয়া তেৱেঁই মোক সন্তোষ দিলে।”
|
||
\v 4 কিন্তু তেওঁৰ মাক বাপেকে নাজানিলে, যে সেয়ে যিহোৱাৰ পৰা হৈছে; কাৰণ তেওঁ ফিলিস্তীয়াসকলৰ বিৰুদ্ধে ছিদ্ৰ বিচাৰিছিল। সেই কালত ফিলিস্তীয়াসকলে ইস্ৰায়েলক শাসন কৰিছিল।
|
||
\p
|
||
\s5
|
||
\v 5 পাছত চিমচোন আৰু তেওঁৰ বাপেক-মাক তিম্নালৈ নামি গৈ তিম্নাত থকা দ্ৰাক্ষাবাৰী পোৱাত, এটা ডেকা সিংহই চিমচোনৰ বিৰুদ্ধে গৰ্জ্জন কৰি খেদি আহিল।
|
||
\v 6 তেতিয়া যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হ’ল, তেওঁৰ হাতত একো নথকাটো, ছাগলী পোৱালী ছিৰা নিচিনাকৈ তেওঁ সেই সিংহক ছিৰি পেলালে; কিন্তু তেওঁ কি কৰিলে সেই বিষয়ে নিজৰ মাক-বাপেকক নক’লে।
|
||
\p
|
||
\s5
|
||
\v 7 পাছত চিমচোনে গৈ সেই ছোৱালীৰ লগত কথা বতৰা হ’ল আৰু যেতিয়া তেওঁ সেই ছোৱালী জনীক চালে তেওঁক চাই সন্তুষ্ট হ’ল।
|
||
\v 8 কিছু কালৰ পাছত, তেওঁ যেতিয়া সেই ছোৱালীক বিয়া কৰাই আনিবলৈ পুনৰাই সেই ঠাইলৈ গৈছিল, তেতিয়া সেই সিংহৰ শৱ চাবলৈ বাট এৰি গৈ দেখিলে যে, সিংহৰ শৱৰ ভিতৰত এজাক মৌ-মাখি আৰু মৌ আছে;
|
||
\v 9 তেতিয়া তেওঁ তাক আনি হাতত লৈ খাই খাই গ’ল আৰু বাপেক মাকৰ ওচৰ পাই তেওঁলোককো কিছু দিয়াত, তেওঁলোকেও খালে। কিন্তু তেওঁ যে সেই মৌ সিংহৰ শৱৰ পৰা আনিলে, সেই বিষয়ে তেওঁ তেওঁলোকক নক’লে।
|
||
\p
|
||
\s5
|
||
\v 10 পাছত তেওঁৰ বাপেক সেই ছোৱালীৰ ওচৰলৈ যোৱাত, চিমচোনে সেই ঠাইতে ভোজ যুগুত কৰিলে; কিয়নো ডেকা লোক সকলৰ তেনে ধৰণৰ নিয়ম আছিল।
|
||
\v 11 পাছত তেওঁক দেখি ফীলিস্টীয়াসকলে তেওঁৰ ওতৰত থাকিবলৈ ত্ৰিশ জন সখিয়েক আনিলে।
|
||
\p
|
||
\s5
|
||
\v 12 পাছত চিমচোনে তেওঁলোকক ক’লে, “মই তোমালোকক এটি সাঁথৰ কওঁ, তোমালোকে উৎসৱৰ এই সাত দিনৰ ভিতৰতে যদি মোক তাৰ অৰ্থ ঠিক ৰূপে বুজাই ক’ব পাৰা, তেন্তে মই তোমালোকক গাত লোৱা শণৰ ত্ৰিশ খন বস্ত্ৰ আৰু ত্ৰিশ যোৰ কাপোৰ দিম।
|
||
\v 13 কিন্তু যদি মোক তাৰ অৰ্থ ক’ব নোৱাৰা, তেন্তে তোমালোকে মোক গাত লোৱা শণৰ ত্ৰিশ খন বস্ত্ৰ আৰু ত্ৰিশ যোৰ কাপোৰ দিবা।” তেতিয়া সিহঁতে তেওঁক ক’লে, “তোমাৰ সাঁথৰ কোৱা, আমি তাক শুনো।”
|
||
\p
|
||
\s5
|
||
\v 14 তেতিয়া তেওঁ তেওঁলোকক ক’লে,
|
||
\q1 “খাওঁতাৰ পৰা খোৱা বস্তু আৰু
|
||
\pi বলৱানৰ পৰা মধু ওলাল।”
|
||
\p তাতে সিহঁতে তিনদিনৰ ভিতৰত সেই সাঁথৰৰ অৰ্থ ক’ব নোৱাৰিলে।
|
||
\p
|
||
\s5
|
||
\v 15 পাছত সপ্তম দিন হ’লত, সিহঁতে চিমচোনৰ ঘৈনীয়েকক ক’লে, “যাতে তোমাৰ গিৰীয়েৰে সাঁথৰৰ অৰ্থ আমাক কয়, এই কাৰণে তুমি তেওঁক ফুচুলাবা, নহ’লে আমি তোমাক আৰু তোমাৰ পিতৃ বংশক জুইত পুৰিম; তোমালোকে আমাক দৰিদ্ৰ কৰিবৰ অৰ্থেহে নিমন্ত্ৰণ কৰিছিলা, এনে নহয় জানো?”
|
||
\p
|
||
\s5
|
||
\v 16 পাছত চিমচোনৰ ঘৈনীয়েকে গিৰীয়েকৰ গুৰিত কান্দি ক’লে, “তুমি মোক কেৱল ঘিণ কৰিছা, এফেৰিও মৰম নকৰা; মোৰ স্বজাতীয়সকলক এটি সাঁথৰ ক’লা, কিন্তু মোক তাৰ অৰ্থ বুজাই নক’লা।” তেতিয়া তেওঁ ক’লে, “চোৱা, মোৰ বোপাই আইকে এই বিষয়ে বুজাই কোৱা নাই, তেন্তে তোমাক বুজাই ক’মনে?”
|
||
\v 17 তথাপি তেওঁৰ ঘৈনীয়েকে উৎসৱৰ সাত দিনৰ শেষলৈকে তেওঁৰ গুৰিত কান্দি কান্দি থাকিল; পাছত মহিলাই তেওঁক বৰকৈ ধৰাত, তেওঁ সপ্তম দিনা তেওঁক বুজাই ক’লে; তেতিয়া তেওঁ সেই স্বজাতীয়সকলক সাঁথৰৰ অৰ্থ কৈ দিলে।
|
||
\p
|
||
\s5
|
||
\v 18 পাছত সপ্তম দিনা সূৰ্য্য মাৰ যোৱাৰ আগেয়ে সেই নগৰত থকা লোকসকলে তেওঁক ক’লে,
|
||
\q1 “মৌতকৈ মিঠা কি? আৰু
|
||
\q1 সিংহতকৈ বলৱান কোন?”
|
||
\p তাতে চিমচোনে তেওঁলোকক ক’লে,
|
||
\q1 “তোমালোকে মোৰ চেউৰী গৰুৰে হাল নোবোৱা হ’লে,
|
||
\q1 মোৰ সাঁথৰৰ অৰ্থ উলিয়াব নোৱাৰিলা হয়।”
|
||
\p
|
||
\s5
|
||
\v 19 পাছত যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁ অস্কিলোনলৈ নামি গল আৰু সেই ঠাইৰ ত্ৰিশজন মানুহক বধ কৰি সিহঁতৰ কাপোৰ সোলোকাই আনি সেই কাপোৰেৰে এযোৰ এযোৰ সাঁথৰৰ অৰ্থ কোৱাবোৰক দিলে; আৰু খঙত জ্বলি উঠি নিজৰ বাপেকৰ ঘৰলৈ গুচি গ’ল।
|
||
\v 20 পাছত চিমচোনে নিজৰ প্রিয় মিত্ৰক তেওঁৰ পত্নীক দি দিলে।
|
||
|
||
\s5
|
||
\c 15
|
||
\s পলেষ্টীয়াসকলৰ ওপৰত চিমচোনে প্ৰতিকাৰ সধা।
|
||
\p
|
||
\v 1 কিছু দিনৰ পাছত ঘেঁহুধান দাবৰ সময়ত চিমচোনে এটা ছাগলী লগত লৈ নিজৰ পত্নীৰে সৈতে সাক্ষাৎ হ’বৰ বাবে গৈ ক’লে, “মই মোৰ পত্নীৰ ওচৰত যাবৰ বাবে ভিতৰ কোঠালিলৈ যাওঁ”; কিন্তু তাইৰ বাপেকে তেওঁক ভিতৰলৈ যাব নিদিলে।
|
||
\v 2 আৰু তাইৰ বাপেকে ক’লে, “সচাঁকৈ তুমি তাইক ঘিণ কৰিলা বুলি ভাবি, মই তাইক তোমাৰ সখীয়েৰাক দিলোঁ; তাইৰ সৰু ভনীয়েক জানো তাইতকৈ সুন্দৰী নহয়? মই নিবেদন কৰোঁ, তাইৰ সলনি তায়ে তোমাৰ পত্নী হওক, তুমি তেওঁকেই লৈ যোৱা।”
|
||
\p
|
||
\s5
|
||
\v 3 তেতিয়া চিমচোনে সিহঁতক ক’লে, “এইবাৰ মই ফীলিস্তিয়াসকলক কোনো বিষয়ত আঘাত কৰিলেও তেওঁলোকৰ ওচৰত কোনেও মোক দোষি সাবস্ত কৰিব নোৱাৰে।”
|
||
\v 4 পাছত চিমচোনে গৈ তিনিশ শিয়াল ধৰি, নেজে নেজে জুঁটি দুডাল দুডাল নেজত এটা এটা আৰিয়া বান্ধিলে।
|
||
\p
|
||
\s5
|
||
\v 5 পাছত সেই আৰিয়াত জুই লগাই ফীলিস্টীয়াসকলৰ থিয় হৈ থকা পকা ধাননিৰ মাজত এৰি দিলে; তাতে বন্ধা মুঠি আৰু নোদোৱা থিয় হৈ থকা ধান আৰু জিত গছৰ বাৰীবোৰ পুৰি পেলালে।
|
||
\v 6 তেতিয়া ফীলিস্টীয়াসকলে সুধিলে, “এই কাম কোনে কৰিলে?” মানুহে ক’লে, তিম্নায়ীয়াৰ জোঁৱায়েক চিমচোনে এই কাম কৰিলে, কিয়নো তেওঁৰ শহুৰেকে তেওঁৰ ঘৈনীয়েকক তেওঁৰ সখীয়েকক দিলে; তাতে ফীলিস্টীয়াসকলে আহি সেই মহিলা আৰু তাইৰ বাপেকক জুই দি পুৰিলে।
|
||
\p
|
||
\s5
|
||
\v 7 পাছত চিমচোনে সিহঁতক ক’লে, “এয়া তোমালোকে যি কৰি মোৰ ক্ষতি কৰিলা, এতিয়া মই তোমালোকৰ ক্ষতি কৰিম। ইয়াৰ পাছতহে তোমালোকৰ ওপৰত প্ৰতিশোধ লোৱা সমাপ্ত হ’ব।”
|
||
\v 8 ইয়াকে কৈ তেওঁ নিৰ্দ্দয়ৰূপে সিহঁতক প্ৰহাৰ কৰি তেওঁলোকৰ অধিক লোকক বধ কৰিলে, পাছত তেওঁ ঐথম শিলৰ গুহালৈ গ’ল আৰু তাতেই বাস কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 9 সেই সময়ত ফিলিষ্টীয়াসকলে যিহূদালৈ গ’ল। লেহী নামৰ ঠাইত তেওঁলোকে বিশ্রাম ল’লে আৰু তেওঁলোকৰ সৈন্যসকলে সেই ঠাইত তম্বু তৰি যুদ্ধৰ বাবে যুগুত হ’ল।
|
||
\v 10 তাতে যিহূদাৰ মানুহবোৰে সুধিলে, “তোমালোকে আমাৰ বিৰুদ্ধে কিয় যুদ্ধ কৰিবলৈ উঠি আহিলা?” সিহঁতে ক’লে, “আমি চিমচোনক বান্ধিবলৈ আহিলোঁ, সি আমালৈ যেনে কৰিলে, আমিও তাক তেনে কৰিবলৈ আহিলো।”
|
||
\s5
|
||
\v 11 তেতিয়া যিহূদাৰ তিনি হাজাৰ লোকে ঐথম শিলৰ গুহালৈ নামি গৈ চিমচোনক ক’লে, “ফিলিষ্টীয়াসকল যে আমাৰ শাসনকৰ্ত্তা, সেই বিষয়ে তুমি নাজানা নেকি? তেন্তে আমাৰ বিৰুদ্ধে এইটো কি কাম কৰিলা?” তাতে তেওঁ তেওঁলোকক ক’লে, “সিহতে মোলৈ যেনে কৰিলে, ময়ো সিহঁতলৈ তেনে কৰিলোঁ।”
|
||
\p
|
||
\s5
|
||
\v 12 তেওঁলোকে তেওঁক ক’লে, “এতিয়া আমি ফীলিস্টীয়াসকলৰ হাতত শোধাই দিবৰ অৰ্থে তোমাক বান্ধি নিবলৈ নামি আহিলোঁ।” চিমচোনে তেওঁলোকক ক’লে, “তোমালোকে মোক বধ নকৰোঁ বুলি শপত খোৱা।”
|
||
\v 13 তেওঁলোকে ক’লে “নহয়, কেৱল আমি তোমাক শকতকৈ বান্ধি নি সিহঁতৰ হাতত শোধাই দিম; আমি নিশ্চয়ে তোমাক বধ নকৰোঁ।” পাছত তেওঁলোকে দুগজ নতুন ৰচীৰে তেওঁক বান্ধি সেই শিলৰ পৰা লৈ গ’ল।
|
||
\p
|
||
\s5
|
||
\v 14 পাছত তেওঁ যেতিয়া লেহী পালে তেতিয়া, ফিলিষ্টীয়াসকলে তেওঁক পাই বৰকৈ জয় ধ্বনি কৰিলে। তেতিয়া যিহোৱাৰ আত্মা পূর্ণ শক্তিত তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁৰ বাহুত বান্ধি ৰখা ৰচীবোৰ পুৰি যোৱা শণৰ নিচিনা হ’ল আৰু তেওঁৰ হাতৰ পৰা বন্ধন খহি পৰিল।
|
||
\s5
|
||
\v 15 পাছত তেওঁ গাধৰ গালৰ এডাল কেঁচা হাড় পাই হাত মেলি সেই ডাল ল’লে, তাৰেই এক হাজাৰ লোকক বধ কৰিলে।
|
||
\v 16 তেতিয়া চিমচোনে ক’লে,
|
||
\q “গাধৰ গালৰ হাড়ডালেৰে দ’মৰ উপৰি দ’ম কৰিলোঁ;
|
||
\q গাধৰ গালৰ হাড়ডালেৰে এক হাজাৰ লোকক বধ কৰিলোঁ।”
|
||
\p
|
||
\s5
|
||
\v 17 পাছত তেওঁৰ কথা কোৱা শেষ হোৱাত, হাতৰ পৰা হাড়ডাল পেলাই দিলে; তাতে সেই ঠাইৰ নাম ৰামৎ-লেহী হ’ল।
|
||
\v 18 পাছত তেওঁৰ বৰকৈ পিয়াহ লগাত, তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “তুমি তোমাৰ এই দাসৰ হাতেৰে এই মহা-নিস্তাৰ কৰিলা; এতিয়া মই পিয়াহত মৰি সেই অচুন্নৎহঁতৰ হাতত পৰিম।”
|
||
\p
|
||
\s5
|
||
\v 19 তাতে যিহোৱাই লেহীত থকা, কুণ্ডৰ নিচিনা দ ঠাইত শিল ফালি বাট উলিওৱাত তাৰ পৰা পানী ওলাল। তেতিয়া তেওঁ জলপান কৰাৰ পাছত প্ৰাণত তৎ পাই চেতনা পালে; এই হেতুকে তাৰ নাম অয়িন-হক্কোৰি [প্ৰাৰ্থনা কৰা জলৰ ভুমুক] ৰখা হ’ল; সেই জলৰ ভুমুক এতিয়ালৈকে লেহীত আছে।
|
||
\v 20 ফিলিষ্টীয়াসকলৰ দিনত তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।
|
||
|
||
\s5
|
||
\c 16
|
||
\s চিমচোনৰ পতন। তেওঁ প্ৰতিকাৰ সধা আৰু তেওঁৰ মৃত্যু।
|
||
\p
|
||
\v 1 এদিন চিমচোন ঘচালৈ গৈছিল আৰু তাত এজনী বেশ্যা তিৰোতা দেখি তাইৰ ওচৰলৈ গ’ল।
|
||
\v 2 তাতে “চিমচোন এই ঠাইলৈ আহিছে” বুলি ঘচাতীয়াহঁতে যেতিয়া জানিব পাৰিলে, তেতিয়া তেওঁলোকে সেই ঠাইখন বেৰি ধৰি নগৰৰ দুৱাৰত ওৰে ৰাতি তেওঁলৈ খাপ দি লুকাই থাকিল। “আহাঁ আমি ৰাতিপুৱালৈকে থাকো আৰু দিন হ’লে আমি তাক বধ কৰিম” এইবুলি কৈ ওৰে ৰাতি মনে মনে থাকিল।”
|
||
\p
|
||
\s5
|
||
\v 3 কিন্তু চিমচোন মাজ নিশালৈকে তাতে থাকি, মাজনিশা উঠি নগৰৰ দুৱাৰৰ দুখলপা আৰু খুটা দুটা হাতেৰে ধৰি উঘালি ডাঙেৰে সৈতে কান্ধত তুলি হিব্রুনৰ আগত থকা পৰ্ব্বতৰ টিঙলৈ লৈ গ’ল।
|
||
\p
|
||
\s5
|
||
\v 4 তাৰ পাছত চোৰেক উপত্যকাত থকা দলীলা নামেৰে এজনী তিৰোতাৰ প্ৰেমত মোহ গ’ল।
|
||
\v 5 তাতে ফিলিস্টীয়াসকলৰ অধিপতিসকল তাইৰ ওচৰলৈ আহিল আৰু তাইক ক’লে, “তই তাক ফুচুলাই তাৰ এই গোপণ ৰহস্য জানিবলৈ চেষ্টা কৰ। তেতিয়া তাক কি দৰে ধৰি বান্ধিব পাৰিম, সেই বিষয়ে জানিব পাৰিম আৰু আমি তাক ইচ্ছামতে চলাব পাৰিম। যদি তই এইটো কাম কৰি দিয়, আমি প্রত্যেকে তোক এঘাৰ শ চেকল ৰূপ দিম।”
|
||
\p
|
||
\s5
|
||
\v 6 পাছত দলীলাই চিমচোনক ক’লে, “বিনয় কৰোঁ তোমাৰ এনে মহাবল কিহত আছে আৰু দুৰ্গতি কৰিবলৈ তোমাক কিহেৰে বান্ধিব লাগে সেই বিষয়ে মোক কোৱা।”
|
||
\v 7 তেতিয়া চিমচোনে তাইক ক’লে “নতুন সাত খন ধনুৰ নুশুকুৱা গুণেৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
|
||
\p
|
||
\s5
|
||
\v 8 পাছত ফিলিষ্টীয়াসকলৰ অধিপতিসকলে সাতডাল নুশুকুৱা ধনুৰগুণ আনি সেই মহিলাক দিলে; তেতিয়া তাই তাৰে চিমচোনক বান্ধিলে।
|
||
\v 9 সেই সময়ত তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই চিমচোনক ক’লে, “হেৰা চিমচোন, ফীলিস্তিয়াহঁতে তোমাক ধৰেহে এতিয়া।” তাতে জুইৰ তাপত শণ সূতা যেনেকৈ ছিগে, তেনেকৈ তেওঁ সেই ধনুৰ গুণবোৰ বোৰ ছিঙি পেলালে; এইদৰে তেওঁৰ শক্তিৰ বিষয়ে একো বুজি পোৱা নগ’ল।
|
||
\p
|
||
\s5
|
||
\v 10 পাছত দলীলাই চিমচোনক ক’লে “চোৱা, তুমি মোক ঠগিলা আৰু মিছা কথা ক’লা; এতিয়া বিনয় কৰোঁ, তুমি কোৱাচোন তোমাৰ এই মহাশক্তি কৰ পৰা হয়।”
|
||
\v 11 তেতিয়া তেওঁ তাইক ক’লে, “যি ৰছীৰে কোনো লোকে কোনো কাম কৰা নাই, এনে কেইবাডালো নতুন ৰছীৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
|
||
\v 12 তাতে দলীলাই নতুন ৰছী কেইডালমান লৈ তাৰে তেওঁক বান্ধিলে; তেতিয়া তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই তেওঁক ক’লে “হেৰা চিমচোন, ফীলিস্তিয়াহঁতে তোমাক ধৰেহে এতিয়া;” তেতিয়া তেওঁ নিজৰ হাতেৰে সেইবোৰক সূতাৰ নিচিনাকৈ ছিঙি পেলালে।
|
||
\p
|
||
\s5
|
||
\v 13 পাছত দলীলাই চিমচোনক ক’লে, “তুমি এতিয়াও মোক ঠগিলা আৰু মিছা কথা কৈছা; কিহেৰে তোমাক বান্ধিব পৰা যায় সেই বিষয়ে মোক কোৱা।” চিমচোনে তাইক ক’লে, “তই যদি মোৰ চুলি সাতকোচা তাঁতৰ লগত বৱ, তেতিয়া হ’লে মই আন মানুহৰ দৰে হৈ পৰিম।”
|
||
\v 14 তেতিয়া তাই তাঁতৰ খুটিৰ লগত তাক বান্ধি তেওঁক ক’লে, “হেৰা চিমচোন, ফীলিষ্টীয়াসকলে তোমাক ধৰেহে এতিয়া;” তাতে তেওঁ টোপনিৰ পৰা সাৰ পাই, তাঁতেৰে সৈতে তাঁতৰ খুটি উঘালি পেলালে।
|
||
\p
|
||
\s5
|
||
\v 15 পাছত দলীলাই তেওঁক ক’লে, “তুমি মোক বিশ্বাস কৰা নাই; অথচ তুমি মোক ভাল পাওঁ বুলি কোৱা। তোমাৰ মহাশক্তিৰ গোপন ৰহস্যৰ কথা তুমি মোক নক’লা; কিন্তু এই বিষয়লৈ তুমি মোক তিনিবাৰকৈ ঠগিলা।”
|
||
\v 16 এইদৰে তাই প্রতিদিনে তেওঁক ইমানকৈ ধৰিলে যে, তেওঁৰ নিজ প্ৰাণত বেজাৰ লাগিল আৰু মৰিবলৈ ইচ্ছা কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 17 তেতিয়া তেওঁ নিজৰ মনৰ সকলো কথা ভাঙি-পাতি এইদৰে ক’লে যে, “মোৰ মূৰত কেতিয়াও খুৰ লগোৱা হোৱা নাই, কিয়নো মাৰ গৰ্ভৰে পৰা মই ঈশ্বৰৰ উদ্দেশ্যে নাচৰতীয়া মানুহ; মুৰ খুৰালেই মোৰ শক্তিয়ে মোক এৰি যাব; তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
|
||
\p
|
||
\s5
|
||
\v 18 এইদৰে তেওঁ মনৰ সকলো কথা ভাঙি ক’লে বুলি দলীলাই বুজি পোৱাৰ পাছত, মানুহ পঠিয়াই ফিলিষ্টীয়াসকলৰ অধিপতি সকলক মাতি আনি ক’লে, “এইবাৰ আহাঁ কিয়নো তেওঁ মোক নিজৰ মনৰ সকলো কথা ভাঙি-পাতি ক’লে।” তেতিয়া ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ধন হাতত লৈ তাইৰ ওচৰলৈ আহিল।
|
||
\v 19 পাছত তাই নিজৰ কোলাত তেওঁক শুৱাই ল’লে আৰু এটা মানুহ মাতি আনি তেওঁৰ মূৰৰ সাতকোঁচা চুলি খুৰুৱালে; আৰু তেওঁক দুখ দিবলৈ ধৰিলে। তাতে তেওঁৰ শক্তিয়ে তেওঁক এৰি গ’ল।
|
||
\p
|
||
\s5
|
||
\v 20 পাছত তাই ক’লে, “হেৰা চিমচোন, ফিলিষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া।” তাতে তেওঁ টোপনিৰ পৰা সাৰ পাই মনতে ভাবিলে আন আন সময়ৰ নিচিনাকৈ বাহিৰলৈ গৈ গা জোকাৰিম; কিন্তু যিহোৱাই যে তেওঁক ত্যাগ কৰিলে সেই বিষয়ে হ’লে তেওঁ নাজানিলে।
|
||
\v 21 পাছত ফিলিষ্টীয়াহঁতে তেওঁক বন্দী কৰিলে। তাৰ পাছত তেওঁৰ চকু দুটা কাঢ়িলে; তেওঁক ঘচালৈ আনি পিতলৰ দুডাল শিকলিৰে বান্ধিলে আৰু তেওঁ কাৰাগাৰত জাঁত পিহিলে।
|
||
\v 22 তথাপি খুৰুৱাৰ পাছত তেওঁৰ মুৰৰ চুলি আকৌ বাঢ়িবলৈ ধৰিলে।
|
||
\p
|
||
\s5
|
||
\v 23 পাছত ফিলিষ্টীয়াসকলৰ অধিপতিসকলে তেওঁলোকৰ দেৱতা দাগোনৰ উদ্দেশ্যে মহা-যজ্ঞ আৰু ৰং ধেমালি কৰিবলৈ গোট খালে; কিয়নো সিহঁতে ক’লে, “আমাৰ দেৱতাই আমাৰ শত্রু চিমচোনক আমাৰ হাতত দিলে।”
|
||
\v 24 আৰু তেওঁক দেখি লোকসকলে তেওঁলোকৰ দেৱতাৰ প্ৰশংসা কৰিলে; কিয়নো তেওঁলোকে ক’লে “আমাৰ অনেকক বধ কৰি, দেশ বিনষ্ট কৰা শত্রুক আমাৰ দেৱতাই আমাৰ হাতত সমৰ্পণ কৰিলে।”
|
||
\p
|
||
\s5
|
||
\v 25 পাছত সিহঁতে আনন্দ উৎসৱ পাতি ক’লে, “চিমচোনক বাহিৰলৈ মাতি আনা, সি আমাৰ আগত ৰং দেখুৱাওক।” তেতিয়া লোকসকলে বন্দীশালৰ পৰা চিমচোনক উলিয়াই আনিলে আৰু তেওঁ সিহঁতৰ আগত ৰং দেখুৱালে; পাছত সিহঁতে স্তম্ভ দুটাৰ মাজত তেওঁক থিয় কৰালে।
|
||
\v 26 তেতিয়া চিমচোনে তেওঁৰ হাতত ধৰি থকা ল’ৰাটোক ক’লে, “মোক এৰি দে, যি দুটা স্তম্ভৰ ওপৰত ঘৰৰ ভৰ আছে, সেই দুটা মোক চুবলৈ দে, মই তাত আঁউজি থিয় হওঁ।”
|
||
\p
|
||
\s5
|
||
\v 27 সেই সময়ত পুৰুষ-মহিলাৰে সেই ঘৰ ভৰি আছিল আৰু ফীলিষ্টীয়াসকলৰ সকলো অধিপতিও তাত আছিল। ঘৰৰ চালৰ ওপৰত প্রায় তিনি হাজাৰ পুৰুষ-মহিলাই চিমচোনে দেখুউৱা ৰং চাই আছিল।
|
||
\p
|
||
\s5
|
||
\v 28 তেতিয়া চিমচোনে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে প্ৰভু যিহোৱা মই যেন মোৰ চকু দুটাৰ কাৰণে ফিলিষ্টীয়াসকলৰ ওপৰত একেবাৰে প্ৰতিকাৰ সাধিব পাৰোঁ, ইয়াৰ বাবে মোক অনুগ্ৰহ কৰি সোঁৱৰণ কৰা: হে ঈশ্বৰ, এইবাৰ মাথোন মোক বলৱান কৰা।”
|
||
\v 29 তাতে মাজত থকা স্তম্ভ দুটাৰ ওপৰত ঘৰৰ ভৰ আছিল, চিমচোনে তাৰ এটাক সোঁহাতেৰে, আনটোক বাওঁ-হাতেৰে ধৰি চাপৰি ক’লে “ফীলিস্তিয়াহঁতৰ সৈতে মোৰ প্ৰাণ যাওক।”
|
||
\p
|
||
\s5
|
||
\v 30 এইবুলি কৈ, নিজৰ সকলো বলেৰে তেওঁ ভৰ দিলে; তেতিয়া সেই ঘৰ, তাৰ ভিতৰত থকা অধিপতি আদি সকলো লোকৰ ওপৰত পৰিল; এইদৰে তেওঁ জীৱনৰ কালত বধ কৰা লোকতকৈ মৰণৰ কালত বধ কৰা লোক অধিক হ’ল।
|
||
\v 31 পাছত তেওঁ ভাইসকলৰ লগতে আদি কৰি সকলো পিতৃ-বংশই নামি আহি, তেওঁক লৈ গৈ চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত তেওঁৰ পিতৃ মনোহৰ মৈদামত তেওঁকো মৈদাম দিলে। তেওঁ বিশ বছৰ ইস্ৰায়েলৰ বিচাৰ কৰিছিল।
|
||
|
||
\s5
|
||
\c 17
|
||
\s দানীয়াসকলৰ প্ৰতিমাপূজা
|
||
\p
|
||
\v 1 ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত মীখা নামেৰে এজন মানুহ আছিল।
|
||
\v 2 তেওঁ নিজৰ মাকক ক’লে, “তোমাৰ পৰা নিয়া যি এঘাৰ শ চেকল ৰূপৰ বাবে তুমি শাও দিছিলা আৰু তাক মই শুনাকৈ কৈছিলা চোৱা, সেই ৰূপ মোৰ হাতত আছে; ময়েই তাক নিছিলোঁ।” তেতিয়া তেওঁৰ মাকে ক’লে, “যিহোৱাৰ পৰা মোৰ পুত্ৰ আশীৰ্ব্বাদ-প্ৰাপ্ত হোৱা।”
|
||
\p
|
||
\s5
|
||
\v 3 পাছত সেই এঘাৰ শ চেকল ৰূপ নিজ মাকক ওলোটাই দিয়াত, মাকে ক’লে, “এই ৰূপ মই যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিছোঁ; এটা কটা প্ৰতিমা আৰু এটা সাঁচত ঢলা প্ৰতিমা সাজিবৰ অৰ্থে তাক মোৰ হাতৰ পৰা মোৰ পুত্ৰই পাওক; এতেকে এতিয়া তাক তোমাক ওভোটাই দিছোঁ।”
|
||
\v 4 কিন্তু মীখাই মাকক সেই ৰূপ ওলোটাই দিলে, তাৰ মাকে তাৰে দুশ চেকল ৰূপ লৈ সোণাৰিক দিলে; তেতিয়া সোণাৰিয়ে এটা কটা মুৰ্ত্তি আৰু এটা সাঁচত ঢলা প্ৰতিমা সাজিলে, সেই মুৰ্ত্তি মীখাৰ ঘৰত ৰাখিলে।
|
||
\p
|
||
\s5
|
||
\v 5 মীখা বুলি কোৱা সেই মানুহজনৰ এটা দেৱালয় আছিল; সি এখন এফোদ আৰু কেইবাটাও গৃহ দেৱতা সাজিলে আৰু নিজ পুতেকহঁতৰ এজনক নিযুক্ত কৰাৰ পাছত, তেওঁ তাৰ পুৰোহিত হ’ল।
|
||
\v 6 সেই সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল; সেয়েহে যেয়ে যিহকে উচিত দেখিছিল, তেওঁ তাকেই কৰিছিল।
|
||
\p
|
||
\s5
|
||
\v 7 সেই সময়ত যিহূদাৰ বৈৎলেহেমৰ যিহূদা জনগোষ্ঠীৰ এজন লেবীয়া ডেকা মানুহ গৈ সেই ঠাইত প্ৰবাস কৰিছিল।
|
||
\v 8 সেই মানুহে য’তে পাই ত’তে থাকিবৰ বাবে যিহূদাৰ বৈৎলেহেম নগৰৰ পৰা ওলাই গৈ গৈ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা সেই মীখাৰ ঘৰ পালেগৈ।
|
||
\v 9 তেতিয়া মীখাই তাক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেতিয়া তেওঁ ক’লে, “মই যিহূদাৰ বৈৎলেহেমৰ এজন লেবীয়া মানুহ; য’তে সুবিধা পাও, তাতে থাকিবৰ বাবে ওলাই আহিছোঁ।”
|
||
\p
|
||
\s5
|
||
\v 10 তেতিয়া মীখাই তেওঁক ক’লে, “তুমি মোৰ লগত থাকি মোৰ পিতৃ আৰু পুৰোহিত হোৱা; মই বছেৰেকত তোমাক দহ চেকল ৰূপ, এযোৰ কাপোৰ আৰু তোমাৰ খোৱা বস্তু দিম।” তেতিয়া সেই লেবীয়া মানুহজন তেওঁৰ ঘৰলৈ গ’ল আৰু তেওঁৰ লগত থাকিবলৈ সন্মত হ’ল;
|
||
\v 11 তেতিয়াৰে পৰা সেই ডেকাজন তেওঁৰ পুতেকৰ দৰে হ’ল।
|
||
\p
|
||
\s5
|
||
\v 12 পাছত মীখাই সেই লেবীয়াক নিযুক্ত কৰিলে আৰু সেই ডেকা মীখাৰ পুৰোহিত হৈ তেওঁৰ ঘৰতে থাকিল।
|
||
\v 13 তাতে মীখাই ক’লে, “যিহোৱাই মোৰ মঙ্গল কৰিব, ইয়াক মই এতিয়া জানিলোঁ; কিয়নো সেই লেবীয়া মোৰ পুৰোহিত হ’ল।”
|
||
|
||
\s5
|
||
\c 18
|
||
\p
|
||
\v 1 সেই সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল আৰু দান জনগোষ্ঠীয়ে নিজে বাস কৰিবৰ অৰ্থে কোনো স্হায়ী ঠাই পোৱা নাছিল; কিয়নো তেওঁলোকৰ নিজৰ মাটি-বাৰী নাছিল। ইস্ৰায়েলৰ পৰিয়ালৰ আন লোকসকলে ইতিমধ্যে মাটি-বাৰী পাইছিল। কিন্তু দানৰ গোষ্ঠীৰ লোকসকলে মাটি-বাৰী পোৱা নাছিল।
|
||
\v 2 তেতিয়া দানৰ সন্তানসকলে নিজৰ বংশৰ মাজৰ পৰা পাঁচজন বীৰক দেশ চাই বুজ-বিচাৰ লবলৈ, চৰা আৰু ইষ্টায়োলৰ পৰা পঠিয়াই দিলে; আৰু তেওঁলোকক ক’লে, “তোমালোকে গৈ দেশৰ বুজ-বিচাৰ লোৱা।” তাতে তেওঁলোকে গৈ ইফ্ৰয়ীম পৰ্ব্বতীয়া অঞ্চলৰ সেই মীখাৰ ঘৰৰ ওচৰ পাই তাতে ৰাতি থাকিল।
|
||
\p
|
||
\s5
|
||
\v 3 তেওঁলোকে মীখাৰ ঘৰৰ ওচৰত থাকোঁতে, সেই লেবীয়া ডেকাৰ উচ্ছাৰণত তেওঁক চিনি পালে আৰু তেওঁৰ ওচৰলৈ গৈ সুধিলে, “এই ঠাইলৈ তোমাক কোনে আনিলে? আৰু ইয়াত তোমাৰ কি কাম?”
|
||
\v 4 তাতে তেওঁ তেওঁলোকক ক’লে, “মীখাই মোলৈ এই দৰে ব্যৱহাৰ কৰিলে; তেওঁ মোক বেতন দিবলৈ স্বীকাৰ কৰাত মই তেওঁৰ পুৰোহিত হ’লোঁ।”
|
||
\p
|
||
\s5
|
||
\v 5 তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আমি তোমাক অনুৰোধ কৰোঁ, যাবলগীয়া পথত আমাৰ মঙ্গল হ’ব নে নহ’ব, সেই বিষয়ে আমি জানিবৰ কাৰণে, তুমি ঈশ্বৰক সোধা।”
|
||
\v 6 তাতে সেই পুৰোহিতে তেওঁলোকক ক’লে, “কুশলে যোৱা, তোমালোকে যাবলগীয়া পথ যিহোৱাৰ সাক্ষাতত আছে।”
|
||
\p
|
||
\s5
|
||
\v 7 তাৰ পাছত সেই পাঁচজনে লোকে প্রস্থান কৰি লয়িচ পাই দেখিলে যে, তাত থকা লোকসকল চীজোনীয়া লোকসকলৰ নিচিনাকৈ শান্তভাৱে আৰু নিশ্চিন্ত হৈ নিৰ্ভয়ে বাস কৰি আছে; কিয়নো সেই দেশত তেওঁলোকক কোনো কথাত হানি কৰিব পৰা ক্ষমতা থকা কোনো মানুহ নাছিল আৰু চীদোনীয়াহঁতৰ পৰা সিহঁত দূৰত আছিল আৰু আন কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল।
|
||
\v 8 পাছত তেওঁলোকে চৰা আৰু ইষ্টায়োললৈ নিজ ভাইসকলৰ গুৰিলৈ উলটি গ’ল, তাতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে তেওঁলোকক সুধিলে “তোমালোকে কি সম্বাদ আনিছা?”
|
||
\p
|
||
\s5
|
||
\v 9 তেতিয়া তেওঁলোকে ক’লে, “ব’লা, আমি সেই লোকসকলৰ বিৰুদ্ধে যুদ্ধ কৰো! আমি সেই দেশ দেখিলোঁ; অতি উত্তম দেশ, তোমালোকে কেলেই একো নকৰাকৈ আছা? সেই দেশলৈ যাবৰ বাবে আৰু সেই দেশ অধিকাৰ কৰিবলৈ পলম নকৰিবা।
|
||
\v 10 যেতিয়া তোমালোকে সেই দেশলৈ যাবা, তেতিয়া তাৰ লোকসকলক নিশ্চিন্তে থকা দেখা পাবা; আৰু সেই দেশ বহল; কিয়নো ঈশ্বৰে তোমালোকৰ হাতত সেই দেশ সমৰ্পণ কৰিলে আৰু সেই ঠাইত পৃথিৱীত থকা কোনো বস্তুৰ অভাৱ নাই।”
|
||
\p
|
||
\s5
|
||
\v 11 তেতিয়া চৰা আৰু ইষ্টায়োল চহৰৰ পৰা দান বংশৰ ছশলোকে যুদ্ধৰ অস্ত্ৰেৰে ভালকৈ সাজু হৈ যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে।
|
||
\v 12 তেওঁলোকে উঠি গৈ যিহূদাৰ কিৰিয়ৎ-যিয়াৰীমত ছাউনি পাতিলে; এই কাৰণে আজিলৈকে সেই ঠাইক মহনে-দান বোলে। সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পাছত আছে।
|
||
\p
|
||
\s5
|
||
\v 13 পাছত তেওঁলোকে তাৰ পৰা ইফ্ৰয়িম পাহাৰীয়া অঞ্চললৈ যাত্রা কৰি গৈ মীখাৰ ঘৰ পালেগৈ।
|
||
\p
|
||
\v 14 তেতিয়া লয়িচ দেশৰ বুজ-বিচাৰ ল’বলৈ যোৱা সেই পাঁচ জনে লোকে ভাইসকলক ক’লে, “তোমালোকে জানানে, এই ঘৰবোৰত এখন এফোদ, কেইটামান গৃহ-দেৱতা, এটা কটা মুৰ্ত্তি আৰু সাঁচত ঢলা এটা প্ৰতিমা আছে। এই হেতুকে এতিয়া তোমালোকে কি কৰা উচিত, সেই বিষয়ে বিবেচনা কৰা।”
|
||
\p
|
||
\s5
|
||
\v 15 তাৰ পাছত তেওঁলোকে বাট এৰি গৈ মীখাৰ সেই লেবী বংশৰ ডেকাজনক ঘৰত পাই তেওঁক মঙ্গলবাদ জনালে।
|
||
\v 16 আৰু দানৰ সন্তানবোৰৰ মাজৰ যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষ জপনা-মুখত থিয় হৈ ৰ’ল।
|
||
\p
|
||
\s5
|
||
\v 17 তেতিয়া দেশৰ বুজ-বিচাৰ ল’বলৈ আগেয়ে যোৱা সেই পাঁচজনে গৈ তাত সোমাই কটা-মুৰ্ত্তিটো, এফোদ খন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে; সেই সময়ত যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষৰ লগত সেই পুৰোহিতজনো পদুলি মুখত থিয় হৈ আছিল।
|
||
\v 18 যেতিয়া তেওঁলোকে মীখাৰ ঘৰত সোমাই কটা মুৰ্ত্তিটো, এফোদখন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে, তেতিয়া সেই পুৰোহিতে তেওঁলোকক ক’লে, “তোমালোকে কি কৰিছা?”
|
||
\s5
|
||
\v 19 তেতিয়া তেওঁলোকে তেওঁক ক’লে, “মনে মনে থাকা! মুখত হাত দি আমাৰ লগত ব’লা, আমাৰ পিতৃ আৰু পুৰোহিত হোৱা। এজন মানুহৰ এটা পৰিয়ালৰ পুৰোহিত হোৱা তোমাৰ ভাল নে, নাইবা ইস্ৰায়েলৰ এক ফৈদ আৰু এক জনগোষ্ঠীৰ পুৰোহিত হোৱা ভাল?”
|
||
\v 20 তেতিয়া পুৰোহিতৰ মন আনন্দত পৰিপূর্ণ হৈ উঠিল আৰু তেওঁ এফোদ এখন, গৃহ-দেৱতাকেইটা আৰু কটা মুৰ্ত্তিটো লৈ সেই লোকসকলৰ মাজলৈ গ’ল।
|
||
\p
|
||
\s5
|
||
\v 21 তাৰ পাছত তেওঁলোকে মুখ ঘূৰাই তাৰ পৰা প্ৰস্থান কৰিলে আৰু ল’ৰা-ছোৱালী, পশু আৰু বহুমূল্য বস্তুবোৰ নিজৰ লগত ল’লে।
|
||
\v 22 যেতিয়া তেওঁলোকে মীখাৰ ঘৰৰ পৰা কিছু আঁতৰ হৈ গ’ল, মীখাৰ ঘৰৰ ওচৰত থকা লোকসকলে গোট খাই দানৰ সন্তান সকলৰ পাছে পাছে গৈ ওচৰ চাপি একলগ হ’ল আৰু দানৰ সন্তানসকলক মাতিবলৈ ধৰিলে।
|
||
\v 23 তাতে তেওঁলোকে মুখ ঘূৰাই মীখাক ক’লে, “তোৰ কি হ’ল? তই কিয় অনেক লোকক লগত লৈ আহিছ?
|
||
\p
|
||
\s5
|
||
\v 24 তেওঁ উত্তৰ দিলে, “মই সজা মুৰ্ত্তিবোৰ আৰু পুৰোহিতকো তোমালোকে লৈ গৈছা; এতিয়া মোৰ লগত কি আছে? এনে স্থলত মোৰ ‘কি হ’ল বুলি মোক কিয় সুধিছা’?”
|
||
\v 25 তেতিয়া দানৰ সন্তানসকলে তাক ক’লে, “আমাৰ মাজত তোৰ মাত শুনা নাযাওক; নহ’লে খঙাল মানুহবোৰে তহঁতক আক্ৰমণ কৰিলে পৰিয়াল সহ তোৰ প্ৰাণ নষ্ট হ’ব।”
|
||
\v 26 পাছত দানৰ পৰিয়ালৰ সন্তানসকলে নিজৰ বাটেদি গুচি গ’ল আৰু মীখায়ো তেওঁলোকক নিজতকৈ অধিক বলৱান দেখি মুখ ঘূৰাই নিজৰ ঘৰলৈ উভতি আহিল।
|
||
\p
|
||
\s5
|
||
\v 27 এইদৰে তেওঁলোকে মীখাই সজা বস্তুবোৰ, আৰু তাৰ নিজৰ পুৰোহিতকো লগত লৈ লয়িচলৈ আহিল; তাতে শান্তভাৱে আৰু নিশ্চিন্তে থকা সেই লোকসকলৰ ওচৰলৈ গৈ সিহঁতক তৰোৱালৰ ধাৰেৰে প্ৰহাৰ কৰিলে আৰু নগৰখন জুই দি পুৰিলে।
|
||
\v 28 সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল; কিয়নো সেই নগৰ চীদোনৰ পৰা দূৰত আছিল, আৰু কাৰো লগত সিহঁতে সমপৰ্ক নাৰাখিছিল আৰু সেই নগৰ বৈৎ-ৰহোবলৈকে বিস্তৃত হোৱা সমথলত আছিল। পাছত তেওঁলোকে সেই নগৰ আকৌ সাজি তাৰ মাজত বাস কৰিলে।
|
||
\v 29 আৰু তেওঁলোকৰ পূৰ্ব্ব-পুৰুষ ইস্ৰায়েলৰ পুত্ৰ যি দান, তেওঁৰ নামেৰে সেই নগৰৰ নাম লয়িচ আছিল।
|
||
\s5
|
||
\v 30 পাছত দানৰ সন্তানসকলে নিজৰ বাবে সেই কটা মুৰ্ত্তি স্থাপন কৰিলে; তাতে দেশৰ লোকসকলক দেশান্তৰলৈ নিয়ালৈকে মোচিৰ নাতিয়েক গেৰ্চোনৰ পুত্ৰ যোনাথন আৰু তাৰ সন্তানসকল দান ফৈদৰ পুৰোহিত হ’ল।
|
||
\v 31 যেতিয়ালৈকে চীলোত ঈশ্বৰৰ গৃহ আছিল, তেতিয়ালৈকে তেওঁলোকে আপোনলোকৰ কাৰণে, মীখাই নিৰ্ম্মাণ কৰা সেই কটা-মুৰ্ত্তি স্থাপন কৰি ৰাখিলে।
|
||
|
||
\s5
|
||
\c 19
|
||
\s গিবিয়ানিবাসীৰ ঘিণলগা অপৰাধ আৰু তাৰ দণ্ড
|
||
\p
|
||
\v 1 যি সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল, সেই সময়ত ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ শেষ ভাগত এজন লেবীয়া লোকে প্ৰবাস কৰিছিল; তেওঁ যিহূদাৰ বৈৎলেহেমত এজনী উপপত্নী ৰাখিছিল;
|
||
\v 2 পাছত তেওঁৰ সেই উপপত্নীয়ে তেওঁৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক এৰি যিহূদাৰ বৈৎলেহেমত থকা নিজৰ বাপেকৰ ঘৰলৈ গৈ তাতে চাৰি মাহমান থাকিল।
|
||
\p
|
||
\s5
|
||
\v 3 পাছত তাইৰ গিৰিয়েকে উঠি আহি তাইক বুজাই পুণৰ নিজৰ ঘৰলৈ আনিবৰ বাবে তাইৰ ওচৰলৈ গ’ল; তেওঁৰ লগত এজন দাস আৰু এটা গাধ আছিল। তেওঁৰ উপপত্নীয়ে তেওঁক বাপেকৰ ঘৰৰ ভিতৰলৈ নিলে আৰু সেই যুৱতীৰ বাপেকে সেই মানুহক দেখি আনন্দেৰে তেওঁৰ লগত সাক্ষাৎ কৰিলে।
|
||
\v 4 সেই যুৱতীৰ বাপেকে অর্থাৎ তেওঁৰ শহুৰেকে তেওঁক তিন দিন ধৰি লগত থাকিবলৈ অনুৰোধ কৰিলে; তেতিয়া তেওঁ তেওঁলোকৰে সৈতে তাত খোৱা-বোৱা কৰি থাকিল।
|
||
\s5
|
||
\v 5 পাছত চতুৰ্থদিনা তেওঁলোক ৰাতিপুৱাই উঠিল আৰু যাবলৈ ওলাল; তেতিয়া সেই যুৱতীৰ বাপেকে জোঁৱায়েকক ক’লে, “তুমি অলপ আহাৰ গ্রহণ কৰি মন সুস্থিৰ কৰা, তাৰ পাছত তোমাৰ বাটত তুমি গুচি যাবা।”
|
||
\v 6 তেতিয়া তেওঁলোক দুয়োজনে একে-লগে বহি ভোজন পান কৰিলে আৰু সেই যুৱতীৰ বাপেকে ক’লে মিনতি কৰোঁ, “অনুগ্ৰহ কৰি তুমি এই ৰাতিও থাকি মন প্ৰফুল্লিত কৰা।”
|
||
\p
|
||
\s5
|
||
\v 7 তথাপি সেই মানুহ যাবলৈ উঠিল, কিন্তু শহুৰেকে তেওঁক থাকিবলৈ বৰকৈ ধৰাত, সেই ৰাতিও থাকিল।
|
||
\v 8 পাছত পঞ্চম দিনা যাবৰ কাৰণে ৰাতিপুৱাতে উঠাৰ পাছত, শহুৰেকে তেওঁক ক’লে, “খোৱা-বোৱা কৰি আবেলিলৈকে থাকি নিজক সুস্থিৰ কৰা।” সেয়ে, তেওঁলোক দুয়োজন বহি ভোজন কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 9 পাছত যেতিয়া লেবীয়া জনে নিজৰ উপপত্নী আৰু দাসক লৈ গুছি যাবৰ কাৰণে প্রস্তুত হওঁতে, শহুৰেকে তেওঁক ক’লে “চোৱা দিন প্ৰায় শেষ হ’ল; বিনয় কৰোঁ, তুমি আজি ৰাতিও ইয়াতে থাকা। চোৱা, বেলি প্ৰায় লহিয়াইছে; তুমি এই ঠাইতে ৰাতি থাকি প্ৰফুল্লিত হোৱা আৰু কাইলৈ তোমালোকে নিজ ঘৰলৈ যাবৰ কাৰণে সোনকালে উঠি নিজ বাটে গুচি যাবা।”
|
||
\p
|
||
\s5
|
||
\v 10 কিন্তু সেই মানুহে সেই ৰাতি থাকিবলৈ সন্মত নহ’ল আৰু উঠি যাত্ৰা কৰি যিবুচ অৰ্থাৎ যিৰূচালেমৰ ওচৰ আহি পালে; তাৰ লগত দুটা সজোৱা গাধ আৰু তাৰ উপপত্নী আছিল।
|
||
\v 11 তেওঁলোক যিবুচৰ ওচৰ আহি পোৱাত দিন প্ৰায় শেষ হ’ল; তেতিয়া দাসে তেওঁৰ গৰাকীক ক’লে, “নিবেদন কৰোঁ, আহক আমি যিবুচীয়াহঁতৰ এই নগৰত সোমাই ৰাতিটো ইয়াতে থাকোঁহক।”
|
||
\p
|
||
\s5
|
||
\v 12 কিন্তু তাৰ গৰাকীয়ে তাক ক’লে, “যি নগৰ ইস্ৰায়েলৰ সন্তানসকলৰ নহয়, এনে ভীন্ন দেশীয় লোকৰ নগৰত আমি নোসোমাওঁ; আমি আগবাঢ়ি গিবিয়ালৈ যাওঁহক।”
|
||
\v 13 তেওঁ দাসক ক’লে, “আহা আমি এই অঞ্চলৰ কোনো ঠাইৰ ওচৰলৈ গৈ গিবিয়া বা ৰামাত ৰাতিটো পাৰ কৰিম।”
|
||
\p
|
||
\s5
|
||
\v 14 এইদৰে তেওঁলোক আগবাঢ়ি গ’ল আৰু বিন্যামীনৰ অধিকাৰত থকা গিবিয়াৰ ওচৰ পোৱাত বেলি মাৰ গ’ল।
|
||
\v 15 তেতিয়া তেওঁলোকে বাট এৰি ৰাতি থাকিবৰ কাৰণে গিবিয়ালৈ সোমাই গ’ল; আৰু তেওঁ সোমাই গৈ সেই নগৰৰ চ’কত বহিল; কিয়নো কোনেও নিজৰ ঘৰত ৰাতি থাকিবৰ কাৰণে তেওঁলোকক ঠাই নিদিলে।
|
||
\p
|
||
\s5
|
||
\v 16 সেই সময়ত এজন প্রাপ্তবয়স্ক মানুহে পথাৰত কাম কৰি সন্ধ্যা পৰত ঘৰলৈ উভতি আহি আছিল, সেইজন লোক ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ আছিল আৰু তেওঁ গিবিয়াত প্ৰবাস কৰিছিল; কিন্তু নগৰৰ লোকসকল হ’লে বিন্যামীনীয়া লোক আছিল।
|
||
\v 17 সেই প্রাপ্ত বয়স্ক লোকজনে মুৰ দাঙি চাই নগৰৰ চ’কত সেই পথিকক দেখি সুধিলে, “তুমি ক’লৈ যোৱা? আৰু ক’ৰ পৰা আহিছা?”
|
||
\p
|
||
\s5
|
||
\v 18 তেওঁ লোকজনক ক’লে, “আমি যিহূদাৰ বৈৎলেহেমৰ পৰা আহিছোঁ, ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ সিফাললৈ যাওঁ; মই সেই ঠাইৰ মানুহ। যিহূদাৰ বৈৎলেহেমলৈ গৈছিলোঁ, এতিয়া মই যিহোৱাৰ গৃহলৈ যাওঁ কিন্তু কোনেও মোক ঘৰত ঠাই দিয়া নাই।
|
||
\v 19 আমাৰ গাধবোৰৰ কাৰণে ধান-খেৰ আৰু দানা আছে; লগতে মোৰ কাৰণে আৰু এই বেটীৰ বাবে আৰু আপোনাৰ দাস-দাসীৰ সৈতে অহা এই ডেকাৰ বাবেও পিঠা দ্ৰাক্ষাৰস আছে, আমাৰ কোনো বস্তুৰ অভাৱ নাই।”
|
||
\p
|
||
\s5
|
||
\v 20 তেতিয়া সেই প্রাপ্ত বয়স্ক লোকজনে ক’লে, “তোমাৰ শান্তি হওঁক; তোমাৰ প্ৰয়োজনীয় সকলোৰে দ্বায়িত্ব মই ল’লো। তোমালোকে মোৰ লগত ব’লা; তুমি কোনো কাৰণতেই এই চ’কত ৰাতিটো থাকিব নালাগে।”
|
||
\v 21 পাছত সেই প্ৰাপ্তবয়স্ক লোকজনে তেওঁক নিজৰ ঘৰলৈ নি গাধবোৰক ঘাঁহ দিলে আৰু তেওঁলোকে ভৰি ধুই ভোজন-পান কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 22 এইদৰে তেওঁলোকৰ লগত আনন্দ কৰাৰ সময়ত, সেই নগৰৰ কিছুমান পাষণ্ড লোক আহি তেওঁৰ ঘৰৰ চাৰিওফালে বেৰি ধৰিলে আৰু দুৱাৰত ঢকিয়াই সেই ঘৰৰ গৰাকী প্ৰাপ্তবয়স্ক গৰাকীজনক ক’লে, “আপোনাৰ ঘৰলৈ যিজন পুৰুষ আহিছে, তেওঁক বাহিৰলৈ উলিয়াই দিয়ক, আমি তেওঁৰ পৰিচয় ল’ম।”
|
||
\v 23 তেতিয়া ঘৰৰ গৰাকীয়ে বাহিৰলৈ ওলাই আহিল আৰু সিহঁতৰ ওচৰলৈ গৈ ক’লে, “হে মোৰ ভাইসকল, মই বিনয় কৰিছোঁ, তোমালোকে দুষ্কৰ্ম্ম নকৰিবা! সেই পুৰুষ মোৰ ঘৰত অতিথিহৈ আহিছে, এই হেতুকে তেওঁলৈ এনে মুৰ্খতাৰ কৰ্ম নকৰিবা।
|
||
\p
|
||
\s5
|
||
\v 24 চোৱা, ইয়াত মোৰ এজনী কুমাৰী জী আৰু তেওঁৰ উপপত্নী আছে; মই সিহঁতক বাহিৰ কৰি আনোঁ, তোমালোকে সিহঁতৰে মন ভ্ৰষ্ট কৰা; সিহঁতলৈ তোমালোকৰ যি ইচ্ছা তাকে কৰা; কিন্তু সেই পুৰুষলৈ তোমালোকে মূৰ্খতাৰ কৰ্ম নকৰিবা।”
|
||
\v 25 তথাপি সিহঁতে প্ৰাপ্ত বয়স্ক জনৰ কথা শুনিবলৈ অসন্মত হ’ল; তেতিয়া সেই পুৰুষে তাৰ উপপত্নীক ধৰি সিহঁতৰ আগলৈ উলিয়াই দিলে; তাতে সিহঁতে তাইৰ পৰিচয় ল’লে আৰু গোটেই ৰাতি তাইক ধর্ষণ কৰিলে; পাছত ৰাতিপুৱা সিহঁতে তাইক এৰি গুচি গ’ল।
|
||
\v 26 পাছত তিৰোতাজনীয়ে নিজৰ গিৰীয়েকে আলহী হৈ থকা প্ৰাপ্ত বয়স্ক লোকজনৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ আহি পোহৰ নোহোৱালৈকে দুৱাৰ-মুখত পৰি থাকিল।
|
||
\p
|
||
\s5
|
||
\v 27 পাছত ৰাতিপুৱা সেই তিৰোতাৰ গৰাকীয়ে যেতিয়া নিজ পথত যাবৰ বাবে ঘৰৰ দুৱাৰ-ডলি বাহিৰ হৈ আহিল, তেতিয়া তেওঁ দেখিলে যে, তেওৰ উপপত্নী হাত পেলাই পৰি আছে।
|
||
\v 28 তেওঁ তাইক ক’লে, “উঠ, আমি যাওঁ;” কিন্তু তাই একো উত্তৰ নিদিলে; পাছত সেই পুৰুষে গাধৰ ওপৰত তাইক তুলি লৈ যাত্ৰা কৰি নিজ ঠাইলৈ গ’ল।
|
||
\p
|
||
\s5
|
||
\v 29 যেতিয়া তেওঁ নিজৰ ঘৰ পালে, তেওঁ এখন কটাৰী লৈ সেই উপপত্নীক ধৰি হাড়েৰে সৈতে বাৰডোখৰ কৰি কাটি, ইস্ৰায়েলৰ আটাই অঞ্চললৈ পঠিয়াই দিলে।
|
||
\v 30 যি কোনোৱে ইয়াক দেখিলে, সেই লোকসকলে ক’লে, “ইস্ৰায়েলৰ সন্তানসকলে মিচৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে এনেকুৱা কেতিয়াও হোৱা নাই, আৰু দেখা নাই; এই বিষয়ে ভালকৈ বিবেচনা কৰি, কি কৰা উচিত তাকে কোৱা!”
|
||
|
||
\s5
|
||
\c 20
|
||
\p
|
||
\v 1 পাছত ইস্ৰায়েলৰ সন্তানসকল একত্রিত হ’ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰচেবা পর্যন্ত, আনকি গিলিয়দ চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিস্পাত যিহোৱাৰ সন্মুখত গোট খালে।
|
||
\v 2 লোকসকলৰ নেতা অৰ্থাৎ ইস্ৰায়েলৰ আটাই ফৈদবোৰৰ মুখ্যসকল ঈশ্বৰৰ প্ৰজাসকলৰ সেই সমাজত উপস্থিত হ’ল; তাত চাৰি লাখ তৰোৱাল ধৰা পদাতিক লোক আছিল। তেওঁলোক যুদ্ধ কৰিবলৈ সাজু হৈ আছিল।
|
||
\p
|
||
\s5
|
||
\v 3 ইস্ৰায়েলৰ সন্তানসকল মিস্পাত একত্রিত হোৱা কথা শুনি সকলোৱে তাত একত্রিত হ’ল। পাছত ইস্ৰায়েলৰ সন্তানসকলে সুধিলে, “কোৱাচোন এই দুষ্কৰ্ম্ম কেনেকৈ হ’ল?”
|
||
\v 4 সেই হত হোৱা মহিলাজনীৰ গিৰীয়েক লেবীয়া পুৰুষ জনে উত্তৰ দি ক’লে, “মই আৰু মোৰ উপপত্নী ৰাতি থাকিবৰ কাৰণে বিন্যামীনৰ অধিকাৰত থকা গিবিয়াত সোমাইছিলোঁ।
|
||
\p
|
||
\s5
|
||
\v 5 তাতেই গিবিয়াৰ পৰিয়াল সকলে মোৰ বিৰুদ্ধে আহি ৰাতি মোক ঘৰৰ চাৰিওফালে বেৰি ধৰিলে; সিহঁতে মোক বধ কৰিবলৈ চেষ্টা কৰিছিল আৰু সিহঁতে মোৰ উপপত্নীক বলাৎকাৰ কৰাত তাই মৰিল।
|
||
\v 6 পাছত মই মোৰ উপপত্নীক ধৰি ডোখৰ ডোখৰ কৰি ইস্ৰায়েলৰ অধিকাৰত থকা দেশৰ সকলো ফালে পঠিয়ালো; কিয়নো সিহঁতে ইস্ৰায়েলৰ মাজত কু-কৰ্ম আৰু অজ্ঞানতাৰ কাৰ্য্য কৰিলে।
|
||
\v 7 এতেকে হে ইস্ৰায়েলৰ সন্তানসকল, এতিয়া তোমালোক সকলোৱেই নিজৰ নিজৰ মতামত কি কোৱা।”
|
||
\p
|
||
\s5
|
||
\v 8 তাতে সকলো মানুহে একগোটহৈ ক’লে, “আমি কোনেও নিজ নিজ তম্বুলৈ নাযাওঁ, নিজ নিজ ঘৰলৈ উলটি নাযাওঁ;
|
||
\v 9 কিন্তু এতিয়া আমি গিবিয়া চহৰৰ প্ৰতি কি কৰিম, তাকেই ভাবিছো, চিঠি খেলৰ দ্বাৰাই বুজি পাম যে ঈশ্বৰে তাৰ বিৰুদ্ধে কি কৰিব।
|
||
\p
|
||
\s5
|
||
\v 10 আমি বিন্যামীনৰ গিবিয়ালৈ গৈ ইস্ৰায়েলৰ মাজত কৰা আটাই অজ্ঞানতাৰ কাৰ্য্য অনুসাৰে যেন সিহঁতক প্ৰতিফল দিব পাৰোঁ, ইয়াৰ অর্থে তেওঁলোকে খোৱা বস্তু আনিবলৈ ইস্ৰায়েলৰ ফৈদসকলৰ মাজৰ পৰা এশ লোকলৈ দহজনক আৰু হাজাৰ লোকলৈ এশ জনক আৰু দহ হাজাৰ লোকলৈ এক হাজাৰলোকক আমি লওঁ।”
|
||
\v 11 এইদৰে ইস্ৰায়েলৰ সৈন্যসকলে একগোট হ’ল আৰু সেই নগৰখনৰ বিপক্ষে এক উদ্দেশ্যেৰেই গোট খালে।
|
||
\p
|
||
\s5
|
||
\v 12 ইস্ৰায়েলৰ সকলো জনগোষ্ঠীয়ে বিন্যামীন জনগোষ্ঠীৰ সকলো ফালে মানুহ পঠিয়াই এই কথা ক’লে, “তোমালোকৰ মাজত এয়া কি দুষ্কৰ্ম্ম হৈ আছে।
|
||
\v 13 এই কাৰণে তোমালোকে এই গিবিয়া-নিবাসী পাষণ্ডবোৰক শোধাই দিয়া; আমি সিহঁতক বধ কৰি ইস্ৰায়েলৰ পৰা দুষ্টতা দূৰ কৰোঁ।” কিন্তু বিন্যামীনৰ সন্তানসকলে নিজ ভাই ইস্ৰায়েলৰ সন্তানসকলৰ কথা শুনিব নুখুজিলে,
|
||
\v 14 বৰং ইস্ৰায়েলৰ সন্তানসকলৰ লগত যুদ্ধৰ অৰ্থে ওলাই বিন্যামীনৰ সন্তানসকলে নগৰৰ পৰা আহি গিবিয়াত গোট খালে।
|
||
\s5
|
||
\v 15 বিন্যামীন পৰিয়াল বংশৰ লোকসকলে মুঠ ছাব্বিশ হাজাৰ জন সৈন্য পালে। তেওঁলোক যুদ্ধ কৰাৰ বাবে বেচ দক্ষতা থকা সৈন্যিক আছিল আৰু ইয়াৰ বাহিৰেও গিবিয়া-নিবাসীৰ পৰা সাতশ নিপুণ সৈন্য পালে।
|
||
\v 16 ইয়াৰ উপৰিও তেওঁলোকে সাতশ প্রশিক্ষণপ্রাপ্ত সৈন্য পাইছিল। এইলোক সকল বাওঁহতীয়া আছিল; তেওঁলোকৰ প্ৰতিজনে এডাল চুলি লৈ ফিঙ্গাৰ শিল মাৰিছিল আৰু তেওঁলোকৰ লক্ষ্যভ্রষ্ট হোৱা নাছিল।
|
||
\p
|
||
\s5
|
||
\v 17 বিন্যামীনৰ বাহিৰে ইস্ৰায়েলৰ তৰোৱাল ধৰা লোক লেখত চাৰি লাখ হ’ল, সেই সকলো লোক যুদ্ধাৰু আছিল। তেওঁলোক প্রশিক্ষণ প্রাপ্ত আছিল।
|
||
\v 18 পাছত ইস্ৰায়েলৰ সন্তানসকলে ওলাই বৈৎএললৈ গৈ ঈশ্বৰক সুধিলে, “কোন বংশৰ লোক সকলোতকৈ আগেয়ে বিন্যামীনৰ সন্তানসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই যাব?” তাতে যিহোৱাই ক’লে, “প্ৰথমে যিহূদাৰ বংশৰ লোকসকলে আক্রমণ কৰিব।”
|
||
\p
|
||
\s5
|
||
\v 19 পাছদিনা পুৱাতে ইস্ৰায়েলৰ সন্তানসকলে উঠি গিবিয়াৰ বিৰুদ্ধে ছাউনি পাতিলে।
|
||
\v 20 আৰু ইস্ৰায়েলৰ সৈন্যসকলে বিন্যামীনেৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই গৈ, গিবিয়াৰ ওচৰত সিহঁতৰ বিৰুদ্ধে সৈন্যৰ চাউনি পাতিলে;
|
||
\v 21 তাতে বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহিল আৰু সেইদিনা ইস্ৰায়েলৰ মাজৰ বাইশ হাজাৰলোকক সংহাৰ কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 22 পাছত ইস্ৰায়েলৰ সৈন্যসকল তেওঁলোকতকৈও বেছি শক্তিশালী আছিল, তেওঁলোকে প্ৰথম দিনা যি ঠাইত সৈন্যৰ বেহু পাতিছিল আকৌ সেই ঠাইতে বেহু পাতিলে।
|
||
\v 23 ইস্ৰায়েলৰ সন্তানসকলে উঠি গৈ সন্ধিয়ালৈকে যিহোৱাৰ ওচৰত ক্ৰন্দন কৰিলে আৰু যিহোৱাক সুধিলে, “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ পূণৰ যাম নে?” তাতে যিহোৱাই কলে, “তেওঁলোকক আক্ৰমণ কৰা!”
|
||
\p
|
||
\s5
|
||
\v 24 এইবাৰ ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ সৈন্যসকলৰ ওচৰ আহি পালে। এইদিনটো আছিল যুদ্ধৰ দ্বিতীয় দিন।
|
||
\v 25 বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহি দ্বিতীয় দিনা পুনৰাই ইস্ৰায়েলৰ সৈন্যসকলক আক্রমণ কৰি ওঠৰ হাজাৰ লোকক হত্যা কৰিলে; এই সকলো ইস্ৰায়েলীয় সৈন্যসকল প্ৰশিক্ষণ প্ৰাপ্ত আছিল।
|
||
\p
|
||
\s5
|
||
\v 26 তেতিয়া ইস্ৰায়েলৰ সকলো সৈন্য আৰু আটাই লোকসকলে বৈৎএললৈ উঠি গ’ল আৰু সেই ঠাইতে যিহোৱাৰ সাক্ষাতে ক্ৰন্দন কৰি বহি থাকিল। সেই দিনা সন্ধিয়ালৈকে লঘোনে থাকিল আৰু যিহোৱাৰ সাক্ষাতে হোম আৰু শান্তিৰ বলি উৎসৰ্গ কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 27 ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাক সুধিলে, কিয়নো সেই সময়ত ইস্ৰায়েলৰ নিয়ম-চন্দুক সেই ঠাইত আছিল,
|
||
\v 28 আৰু সেই কালত হাৰোণৰ নাতিয়েক ইলীয়াজৰৰ পুত্ৰ পিনহচে তাৰ আগত পৰিচৰ্য্যা কৰি আছিল। তাতে তেওঁলোকে ক’লে “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ আকৌ যাম নে, বা ক্ষান্ত হম?” তাতে যিহোৱাই ক’লে, “আক্রমণ কৰা, কিয়নো কাইলৈ মই তোমালোকৰ হাতত সিহঁতক সোধাই দিম।”
|
||
\p
|
||
\s5
|
||
\v 29 পাছত ইস্ৰায়েলেৰ সন্তানসকলে চাৰিওফালে গোপন ঠাইত গিবিয়াৰ বিৰুদ্ধে মানুহ লুকুৱাই ৰাখিলে।
|
||
\v 30 পাছত তৃতীয় দিনা ইস্ৰায়েলৰ সৈন্যসকলে বিন্যামীনৰ সৈন্যসকলৰ বিৰুদ্ধে উঠি গৈ আগৰ দৰে গিবিয়াৰ বিৰুদ্ধে সৈন্যৰ বেহু পাতিলে।
|
||
\p
|
||
\s5
|
||
\v 31 তেতিয়া বিন্যামীনৰ সন্তানসকলে গিবিয়াৰ পৰা ওলাই আহি ইস্রায়েলীসকলৰ বিৰুদ্ধে যুজ কৰিবলৈ আহিল আৰু তেওঁলোকক ওচৰৰ পৰা দূৰলৈ লৈ যোৱা হ’ল। আৰু তেওঁলোকে আগৰ দৰে লোক সকলৰ মাজত প্ৰহাৰ কৰি বৈৎএললৈ যোৱা আৰু পথাৰৰ মাজেদি গিবিয়ালৈ যোৱা এই দুই ৰাজ বাটত ইস্ৰায়েলৰ মাজৰ ত্ৰিশজন মান লোকক বধ কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 32 তেতিয়া বিন্যামীনৰ সন্তানসকলে ক’লে, “তেওঁলোক পৰাজিতহৈ যিমান সোনকালে পাৰে তাৰ পৰা পলাই গ’ল।” কিন্তু ইস্ৰায়েলৰ সৈন্যসকলে ক’লে, “আহাঁ আমি দৌৰি গৈ তেওঁলোকক নগৰৰ পৰা ধৰি ৰাজবাটলৈ লৈ আহোঁ।”
|
||
\v 33 এই কাৰণে ইস্ৰায়েলৰ সৈন্যসকলে নিজ নিজ ঠাইৰ পৰা ওলাই গৈ বালতামৰত সৈন্যৰ বেহু পাতিলে; আৰু ইয়াৰ ভিতৰতে ইস্ৰায়েলৰ লুকাই থকা সৈন্যসকলে গোপণ ঠাইৰ পৰা দৌৰি ওলাই আহি মাৰেই গেবিয়া আক্রমণ কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 34 তেওঁলোক গিবিয়ালৈ ওলাই আহিল আৰু গোটেই ইস্ৰায়েলৰ মাজত মনোনীত হোৱা দহ হাজাৰ লোকৰ ঘোৰ যুদ্ধ হ’ল; কিন্তু বিন্যামীনৰ লোকসকলে নাজানিলে যে, শেষত দুর্যোগ ঘটি তেওঁলোকৰ কি হ’ব।
|
||
\v 35 যিদিনা যিহোৱাই ইস্ৰায়েলৰ সৈন্যসকলক ব্যৱহাৰ কৰি বিন্যামীনৰ সৈন্যসকলক পৰাজিত কৰিলে, সেইদিনা ইস্ৰায়েলৰ সন্তানসকলে বিন্যামীনৰ পঁচিশ হাজাৰ সৈন্যক বধ কৰিলে। এই সকল লোক তৰোৱাল ধৰাত পাকৈত প্রশিক্ষণ প্রাপ্ত সৈনিক আছিল।
|
||
\p
|
||
\s5
|
||
\v 36 এইবাৰ বিন্যামীনে দেখা পালে যে, তেওঁৰ সৈন্যসকল পৰাজিত হ’ল আৰু ইস্ৰায়েলৰ লোকসকলও বিন্যামীনৰ পৰা পিছুৱাই গৈছিল; তেওঁলোক পিছুৱাই যোৱাৰ কাৰণ আছিল, তেওঁলোকে হঠাৎ গিবিয়াৰ বিৰুদ্ধে আক্রমণ কৰাৰ কৌশল। এইদৰে গিবিয়াৰ ওচৰৰ এটুকুৰা ঠাইত তেওঁলোক লুকাই থাকিল।
|
||
\v 37 পাছত সেই লুকাই থকা লোকসকলে গিবিয়া নগৰত জপিয়াই পৰিল আৰু গিবিয়া আক্ৰমণ কৰি তৰোৱালৰ ধাৰেৰে প্রত্যেককে সংহাৰ কৰিলে।
|
||
\v 38 সেই লুকাই থকা সৈন্যসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে এটা সংকেত বা চিন স্থিৰ কৰিছিল যে, যেতিয়া নগৰৰ পৰা মেঘ-স্তম্ভৰ দৰে বৰকৈ ধোঁৱা উৎপন্ন হ’ব, তেতিয়া সেই সংকেত চাই আটাইয়ে নগৰৰ বাহিৰলৈ ওলাই আহিব।
|
||
\p
|
||
\s5
|
||
\v 39 এতেকে ইস্ৰায়েলৰ সৈন্যসকলে ঘূৰি যুদ্ধ কৰিবলৈ ধৰিলে, বিন্যামীনে তেওঁলোকৰ মাজত প্ৰহাৰ কৰি প্ৰায় ত্ৰিশজন মানুহক বধ কৰিলে; কিয়নো সিহঁতে কৈছিল, “প্ৰথম যুদ্ধৰ নিচিনাকৈ ইহঁত আমাৰ আগত নিশ্চয়কৈ পৰাজিত হ’ব।”
|
||
\p
|
||
\s5
|
||
\v 40 কিন্তু যেতিয়া নগৰৰ পৰা স্তম্ভৰ আকৃতিৰে ধোঁৱা উঠিবলৈ ধৰিলে, তেতিয়া বিন্যামীন জনগোষ্ঠীৰ লোকসকলে পাছলৈ চাই দেখিলে যে, গোটেই নগৰ ধোঁৱাময় হৈ আকাশলৈ উঠি গৈছে।
|
||
\v 41 তেতিয়া ইস্ৰায়েলৰ সৈন্যসকলেও তেওঁলোকৰ ফালে মুখ ঘূৰালে, ইয়াকে দেখি বিন্যামীনৰ লোকসকল অতিশয় আতংকিত হ’ল, তেওঁলোকে দেখিলে যে তেওঁলোকলৈ দুর্যোগ নামি আহিছে।
|
||
\p
|
||
\s5
|
||
\v 42 সেয়েহে তেওঁলোকে ইস্ৰায়েলৰ সৈন্যসকলৰ সন্মুখেৰে নগৈ অৰণ্যৰ বাটেদি যাবৰ বাবে পিঠি দি উভতি গ’ল; কিন্তু তেওঁলোকক যুদ্ধই পাছ নেৰিলে। তেওঁলোকক নগৰৰ পৰা ওলাই অহা ইস্রায়েলৰ সৈন্যসকলে বাটৰ মাজতে বধ কৰিলে।
|
||
\p
|
||
\s5
|
||
\v 43 তেওঁলোকে বিন্যামীনীয়াহঁতক চাৰিওফালে বেৰি ধৰি নোহালৈ খেদি নিলে, তেওঁলোকক জিৰণি লবলৈ নিদি গিবিয়াৰ পূব ফালে থকা সূৰ্য্য উদয়ৰ দিশত তেওঁলোকক বধ কৰিলে।
|
||
\v 44 তাতে বিন্যামীনীয়াহঁতৰ ওঠৰ হাজাৰ সাহসী ও শক্তিশালী সৈন্য নিহত হ’ল।
|
||
\p
|
||
\s5
|
||
\v 45 পাছত অৱশিষ্ট লোকসকল অৰণ্যৰ ফালে ৰিম্মোনৰ শিললৈ পলাবলৈ ধৰাত, সিহঁতৰ অৱশিষ্ট লোকৰ মাজত আন পাঁচ হাজাৰ লোকক তেওঁলোকে ৰাজ আলিত বধ কৰিলে; আৰু সিহঁতৰ পাছে পাছে গিদোমলৈকে খেদি গৈ, সিহঁতৰ পুনৰ দুই হাজাৰ লোকক বধ কৰিলে।
|
||
\v 46 এই দৰে সেইদিনা বিন্যামীনীয়হঁতৰ মাজৰ সৰ্ব্বমুঠ তৰোৱাললৈ যুদ্ধ কৰা পঁচিশ হাজাৰ সৈন্য নিহত হ’ল, তেওঁলোক সকলোৱেই যুদ্ধত বীৰ পুৰুষ আছিল।
|
||
\p
|
||
\s5
|
||
\v 47 কিন্তু ছশ লোকে ঘূৰি অৰণ্যৰ ৰিম্মোন শিললৈ পলাই গ’ল আৰু সেই ৰিম্মোন শিলত চাৰি মাহ থাকিল।
|
||
\v 48 ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ লোকসকলৰ ওচৰলৈ পুনৰায় ঘূৰি আহি নগৰত থকা আটাই মানুহ আৰু পশু আদি যি যি পালে, সেই সকলোকে তৰোৱালৰ ধাৰেৰে আঘাট কৰিলে; আৰু যিমান নগৰ পোৱা গ’ল, সেই সকলোকে জুই দি পুৰি ভষ্ম কৰিলে।
|
||
|
||
\s5
|
||
\c 21
|
||
\p
|
||
\v 1 ইস্ৰায়েলৰ লোকসকলে মিস্পাত এই প্রতিজ্ঞা কৰিলে, “আমাৰ কোনেও বিন্যামীনৰ বংশৰ কাৰো ঘৰলৈ নিজ জীয়েকক বিয়া দিব নালাগে।”
|
||
\v 2 পাছত ইস্রায়েলৰ লোকসকল বৈৎএল চহৰলৈ গ’ল, তাতে ঈশ্বৰৰ সন্মুখত সন্ধ্যালৈকে সেই ঠাইত বহি থাকি বৰ মাতেৰে ক্ৰন্দন কৰি ক’লে,
|
||
\v 3 “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আজি ইস্ৰায়েলৰ মাজৰ এক জনগোষ্ঠী লুপ্ত হ’ল; ইস্ৰায়েলৰ মাজত কিয় এনে ঘটিল?”
|
||
\p
|
||
\s5
|
||
\v 4 পাছদিনা লোকসকলে পুৱাতে উঠি এটা যজ্ঞ-বেদি সাজি সেই বেদিত তেওঁলোকে হোম-বলি আৰু মঙ্গলাৰ্থক নৈবেদ্য উৎসৰ্গ কৰিলে।
|
||
\v 5 তাৰ পাছত ইস্ৰায়েলৰ সন্তানসকলে ক’লে, “ইস্রায়েলীয় সকলৰ মাজত এনে কোন জাতি আছে যি সকল প্রভুৰ কাষলৈ আমাৰ এই প্রার্থনালৈ অহা নাই?” কিয়নো মিস্পাত যিহোৱাৰ গুৰিলৈ যি জন নাহিব, “তেওঁৰ প্ৰাণ দণ্ড অৱশ্যে হ’ব” এই বুলি তেওঁলোকে প্রতিজ্ঞা কৰিছিল।
|
||
\p
|
||
\s5
|
||
\v 6 ইস্ৰায়েলৰ সন্তানসকলে নিজ ভাই বিন্যামীনৰ অৰ্থে বেজাৰ কৰি ক’লে, “ইস্ৰায়েলৰ মাজৰ পৰা আজি এক জনগোষ্ঠী উচ্ছন্ন হ’ল;
|
||
\v 7 এতিয়া তাৰ অৱশিষ্ট থকা লোকসকলৰ বিয়াৰ বিষয়ে কি কৰা উচিত? কিয়নো আমাৰ নিজ নিজ জীহঁতক সিহঁতৰে সৈতে বিয়া নিদিওঁ বুলি কৈ আমি যিহোৱাৰ নামেৰে শপত খালোঁ।”
|
||
\p
|
||
\s5
|
||
\v 8 এই হেতুকে তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ জনগোষ্ঠীসকলৰ মাজৰ এনে কোন আছে, যি জনগোষ্ঠী মিস্পাত যিহোৱাৰ কাষত উপস্থিত হোৱা নাই?” তেতিয়া তেওঁলোকে জানিব পাৰিলে যাবেচ-গিলিয়াদৰ পৰা কিছুমান মানুহ সেই সমাবেশত উপস্থিত হোৱা নাই।
|
||
\v 9 কিয়নো লোকসকলৰ গণনা কৰাৰ সময়ত তেওঁলোকে দেখিলে যে যাবেচ-গিলিয়াদ নিবাসীসকলৰ এজনো সেই ঠাইলৈ অহা নাই।
|
||
\v 10 তেতিয়া তেওঁলোকে সাহসী লোকসকলৰ মাজৰ পৰা বাৰ হাজাৰ সৈন্যক এই আজ্ঞা দি পঠালে যে “তেওঁলোকে যাবেচ- গিলিয়াদলৈ গৈ সৰু সৰু ল’ৰা-ছোৱলী আৰু মহিলাকে ধৰি সকলোকে আক্রমণ কৰি বধ কৰক।”
|
||
\p
|
||
\s5
|
||
\v 11 “তোমালোকে এইদৰে কৰা; প্ৰতিজন পুৰুষ আৰু পুৰুষেৰে সৈতে শয়ন কৰা প্ৰতিগৰাকী মহিলাকে বধ কৰিবা।”
|
||
\v 12 সৈন্যসকলে যাবেচ-গিলিয়দ নিবাসী লোকসকলৰ মাজত কেতিয়াও পুৰুষৰে সৈতে শয়ন নকৰা চাৰিশ যুবতীক অবিবাহিতা পালে। তেওঁলোকে সেই যুবতীসকলক কনান দেশত থকা চীলোৰ ছাউনিলৈ লৈ গ’ল।
|
||
\p
|
||
\s5
|
||
\v 13 তাৰ পাছত ইস্রায়েলীয়াসকলে ৰিম্মোন শিলত থকা বিন্যামীনীয়া লোকসকললৈ বার্তা পঠাই শান্তিৰ চুক্তি কৰিবলৈ বিচাৰিলে।
|
||
\v 14 এই বার্তা শুনি বিন্যামীনীয়াসকল ইস্রায়েললৈ উলটি আহিল। যাবেচ-গিলিয়দীয়া মহিলাসকলৰ মাজৰ জীয়াই ৰখা যুৱতীসকলক তেওঁলোকৰে সৈতে বিয়া কৰাই দিলে; তথাপি তেওঁলোকলৈ ছোৱালীৰ সংখ্যা নাটনি হ’ল।
|
||
\v 15 ইস্ৰায়েলৰ লোকসকলে বিন্যামীন জনগোষ্ঠীৰ কাৰণে দুখ কৰিবলৈ ধৰিলে, কাৰণ যিহোৱাই ইস্রায়েলৰ জনগোষ্ঠীসকলৰ মাজত এক বিভাজন আনি দিছিল।
|
||
\p
|
||
\s5
|
||
\v 16 ইস্ৰায়েলৰ বৃদ্ধ নেতাসকলে ক’লে, “বিন্যামীনীয়া স্ত্ৰীসকলক বধ কৰা হ’ল। এতিয়া অৱশিষ্ট বিন্যামীনীয়া যি সকল আছে, তেওঁলোকৰ বিবাহৰ কাৰণে আমি ক’ৰ পৰা স্ত্রী পাম?”
|
||
\v 17 তেওঁলোকে ক’লে, “ইস্রায়েলীয়া সকলৰ মাজৰ পৰা যেন এটা জনগোষ্ঠী লুপ্ত হৈ নাযায়, সেয়ে জীয়াই থকা বিন্যামীনীয়াসকলৰ বংশ ৰক্ষা কৰিবলৈ সন্তানৰ অৱশ্যেই প্রয়োজন আছে।
|
||
\s5
|
||
\v 18 আমাৰ ছোৱালীবোৰকতো তেওঁলোকৰ লগত বিয়া দিব নোৱাৰো, কিয়নো আমি শপত খাইছিলো যে, কোনোৱে যদি বিন্যামীনীয়াক ছোৱালী দিয়ে, তেন্তে তেওঁ অভিশপ্ত হ’ব।”
|
||
\p
|
||
\v 19 তেতিয়া তেওঁলোকে ক’লে, “তোমালোকে জানা যে, প্রতি বছৰে চীলোত যিহোৱাৰ উদ্দেশ্যে এক উৎসৱ হয়; এই চীলো চহৰখন বৈৎএলৰ উত্তৰ ফালে, যি পথ বৈৎএলৰ পৰা চিখিমৰ ফালে উঠি গৈছে তাৰ পূৱফালে আৰু লেবোনাৰ দক্ষিণ ফালে আছে।”
|
||
\p
|
||
\s5
|
||
\v 20 তেওঁলোকে বিন্যামীনীয়া লোকসকলক এই পৰামর্শ দিলে যে, “তোমালোকে গৈ দ্ৰাক্ষাবাৰীবোৰত লুকাই অপেক্ষা কৰি থাকিবা।
|
||
\v 21 যেতিয়া চীলোৰ ছোৱালীবোৰে নাচত যোগ দিবলৈ ওলাই আহিব, তেতিয়া তোমালোক দ্রাক্ষাবাৰীৰ পৰা দৌৰি বাহিৰ ওলাই তেওঁলোকৰ মাজৰ পৰা যাকে ইচ্ছা তেওঁকে ধৰি লৈ বিন্যামীন এলেকালৈ গুচি যাবা।
|
||
\s5
|
||
\v 22 তেওঁলোকৰ বাপেক বা ভায়েক-ককায়েকসকলে যেতিয়া আমাৰ ওচৰত গোচৰ দিবলৈ আহিব, তেতিয়া আমি তেওঁলোকক ক’ম, ‘আপোনালোকে এই সকলো ছোৱালীকে দান কৰি তেওঁলোকৰ প্রতি দয়া কৰক; কিয়নো যুদ্ধৰ সময়ত আমি তেওঁলোকৰ কাৰণে যথেষ্ট যুৱতী নাপালোঁ। শপতৰ বিষয়ত আপোনালোকে একো দোষ কৰা নাই; কাৰণ আপোনালোকেতো আপোনালোকৰ ছোৱালীবোৰক নিজে তেওঁলোকলৈ বিয়া দিয়া নাই’।”
|
||
\p
|
||
\s5
|
||
\v 23 তাতে বিন্যামীনীয়াসকলে তেনেকৈয়ে কৰিলে। ছোৱালীবোৰে যেতিয়া নাচি আছিল তেতিয়া তেওঁলোক প্রত্যেকেই বিয়া কৰিবৰ কাৰণে এগৰাকীকৈ ছোৱালী ধৰি লৈ গ’ল। তাৰ পাছত তেওঁলোকে তেওঁলোকৰ নিজৰ ঠাইলৈ উলটি গৈ নগৰ সাজি তাতে বাস কৰিবলৈ ধৰিলে।
|
||
\v 24 সেই সময়ত ইস্ৰায়েলীয়াসকলে সেই ঠাই এৰি নিজ নিজ জনগোষ্ঠী আৰু বংশৰ ঠাইলৈ প্ৰস্থান কৰিলে।
|
||
\s5
|
||
\v 25 এই সময়ত ইস্ৰায়েলৰ মাজত কোনো ৰজা নাছিল; সেয়ে যিহকে ভাল দেখিছিল তেওঁলোকে তাকেই কৰিছিল। |