27 lines
4.3 KiB
Plaintext
27 lines
4.3 KiB
Plaintext
\id 2JN
|
|
\ide UTF-8
|
|
\h 2 যোহ2 যোহন
|
|
\toc1 2 যোহ2 যোহন
|
|
\toc2 2 যোহ2 যোহন
|
|
\toc3 2jn
|
|
\mt1 2 যোহ2 যোহন
|
|
\c 1
|
|
\p
|
|
\v 1 ঈশ্বৰৰ মনোনীত সেই ভদ্ৰ মহিলা পৰিচাৰিকা আৰু তেখেতৰ সন্তানসকলক মই সচাকে প্ৰেম কৰো; মাত্ৰ ময়েই নহয়, কিন্তু যি সকলে সত্যক জানে তেওঁলোকেও প্ৰেম কৰে৷
|
|
\v 2 কাৰণ সেই সত্য আমাৰ অন্তৰত আছে আৰু আমাৰ সৈতে চিৰকাল থাকিব৷
|
|
\v 3 পিতৃ ঈশ্বৰৰ পৰা আৰু পিতৃৰ পুত্ৰ যীচু খ্ৰীষ্টৰ পৰাও অনুগ্ৰহ, দয়া আৰু শান্তি, সত্যত আৰু প্ৰেমত আমাৰে সৈতে আছে।
|
|
\p
|
|
\v 4 আমি পিতৃৰ পৰা পোৱা আজ্ঞা গ্ৰহণ কৰাৰ দৰে তোমাৰ কিছুমান সন্তানে সত্যত চলি থকা দেখি, মই অতি আনন্দিত হৈছো৷
|
|
\v 5 হে ভদ্ৰ মহিলা \f + \ft কুৰিয় \f* , এতিয়া মই তোমাক মিনতি কৰো যে, তোমালৈ মই কোনো এটা নতুন আজ্ঞা লিখা নাই, কিন্তু আমি আৰম্ভণিৰে পৰা পোৱাৰ দৰে পৰস্পৰে প্ৰেম কৰা উচিত \f + \ft যো 13:34 \f* ।
|
|
\v 6 আৰু প্ৰেম এইয়াই হয়, য’ত আমি তেওঁৰ আজ্ঞা অনুসাৰে চলো৷ \f + \ft যো 14:15, 21 \f* এই আজ্ঞা তোমালোকে আৰম্ভণিৰে পৰা শুনি আহিছা, সেয়েহে ইয়াতে তোমালোকে চলা।
|
|
\p
|
|
\v 7 কিয়নো অনেক প্রৱঞ্চক জগতত ওলাল; তেওঁলোকে যীচু খ্ৰীষ্টক মাংসত অহা বুলি স্বীকাৰ নকৰে৷ এওঁলোকেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰি।
|
|
\v 8 তুমি নিজকে চোৱা, যি বিষয়ৰ বাবে আমাৰ কৰ্ম কৰিব লগীয়া আছে, সেয়া নেহেৰুৱাবা, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ গ্ৰহণ কৰা৷ \f + \ft ম কৰি 3:8-15; প্ৰ 3:11 \f* এই কাৰণতে নিজলৈ সাৱধান হবা।
|
|
\p
|
|
\v 9 যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে।
|
|
\v 10 যদি কোনো এজন তোমাৰ ওচৰলৈ আহে আৰু এনে উপদেশ তোমালোকৰ ওচৰলৈ লৈ নাহে, তেনেলোকক ঘৰত গ্ৰহণ নকৰিবা আৰু শুভেচ্ছাও নজনাবা।
|
|
\v 11 যি জনে তেনেলোকক শুভেচ্ছা জনায়, তেৱোঁ তেনেলোকৰ দুষ্কৰ্মৰ অংশীদাৰ হয়।
|
|
\p
|
|
\v 12 তোমালোকলৈ লিখিবৰ বাবে মোৰ অনেক কথা আছে আৰু সেইবোৰ চিঠি আকাৰে কাগজৰ পাতত লিখিবলৈ মই ইচ্ছা নকৰো৷ কিন্তু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেয়েহে তোমালোকৰ ওচৰলৈ গৈ মুখা-মুখি হৈ কথা পাতিবৰ বাবে মই আশা কৰি আছো।
|
|
\v 13 তোমাৰ মনোনীত ভনীয়েৰাৰ সন্তান সকলে তোমাক শুভেচ্ছা জনাইছে।
|