as_ulb/32-JON.usfm

94 lines
17 KiB
Plaintext

\id JON
\ide UTF-8
\h যোনা
\toc1 যোনা
\toc2 যোনা
\toc3 jon
\mt1 যোনা
\c 1
\p
\v 1 অমিত্তয়ৰ পুত্ৰ যোনালৈ যিহোৱাৰ এই বাক্য আহিল; তেওঁ কলে
\v 2 “তুমি উঠা, মহানগৰ নীনবিলৈ গৈ তাৰ বিৰুদ্ধে প্ৰচাৰ কৰা; কিয়নো সিহঁতৰ দুষ্টতা মোৰ ওচৰ আহি পালে।
\v 3 কিন্তু যোনাই যিহোৱাৰ সন্মুখৰ পৰা তৰ্চীচলৈ পলাই যাবৰ কাৰণে যাফোলৈ নামি গল আৰু তাত তৰ্চীচলৈ যোৱা এখন জাহাজ পালে। তেওঁ যিহোৱাৰ সন্মুখৰ পৰা পলাই যাবলৈ জাহাজ খনত ভাড়া দি উঠিল আৰু তর্চীচলৈ যাত্রা কৰিলে।
\p
\v 4 কিন্তু যিহোৱাই সাগৰলৈ প্রবল বতাহ পঠিয়াই দিলে; তাতে সাগৰত ভয়ঙ্কৰ ধুমুহা হল আৰু জাহাজ খন ভাঙি যোৱাৰ উপক্রম হল।
\v 5 তেতিয়া নাবিকসকলৰ অতিশয় ভয় লাগিল আৰু সকলোৱে নিজৰ নিজৰ দেৱতাৰ আগত চিঞঁৰি কাতৰোক্তি কৰিবলৈ ধৰিলে। জাহাজৰ ওজন কমাবলৈ তেওঁলোকে জাহাজত থকা মালবস্তুবোৰ সাগৰত পেলাই দিলে। কিন্তু যোনাই জাহাজৰ তলৰ ফালে নামি গৈ অৰ্ন্তভাগত শুই পৰিল আৰু তেওঁ ঘোৰ টোপনিত আছিল।
\v 6 তেতিয়া জাহাজৰ অধিনায়ক জনে যোনাৰ ওচৰলৈ আহি কলে, “হেৰি! কি কৰি আছে, আপুনি টোপনি গৈছে? উঠক, আৰু আপোনাৰ দেৱতাক মাতক! কিজানি আপোনাৰ দেৱতাই আমালৈ মন মেলিব আৰু তেতিয়া হয়তো আমাৰ বিনাশ নহব।”
\v 7 তাৰ পাছত তেওঁলোকৰ এজনে আন জনক কলে, “আমালৈ ঘটা এই অমঙ্গলৰ কাৰণে দোষী কোন, সেই বিষয়ে জানিবৰ বাবে আহাঁ আমি চিঠি খেলোহঁক।” এইবুলি তেওঁলোকে চিঠি খেলোতে, যোনাৰ নাম উঠিল।
\v 8 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “কোন জনৰ দোষৰ বাবে আমালৈ এই অমংগল ঘটিছে, এই বিষয়ে আপুনি আমাক দয়া কৰি কওক। আপোনাৰ জীৱিকা কি? আপুনি কৰ পৰা আহিছে? আপুনি কোন দেশৰ আৰু কোন জাতিৰ লোক?”
\v 9 তেতিয়া যোনাই তেওঁলোকক কলে, “মই এজন ইব্ৰীয়া; সাগৰ আৰু ভূমিৰ সৃষ্টিকৰ্ত্তা স্বৰ্গৰ ঈশ্বৰ যিহোৱাক মই ভয় কৰোঁ।”
\v 10 যোনাই যে যিহোৱাৰ সন্মুখৰ পৰা পলাই আহিছে, তেতিয়া লোকসকলে সেই বিষয়ে জানিব পাৰিলে; কিয়নো তেওঁ সেই কথা তেওঁলোকক জনালে। তেতিয়া লোকসকলে অধিককৈ ভয় খাই তেওঁক সুধিলে, “আপুনি এয়া কি কৰিলে?”
\p
\v 11 তেতিয়া তেওঁলোকে যোনাক সুধিলে, “এতিয়া আমাৰ বাবে সমূদ্র শান্ত হবলৈ আমি আপোনাক লৈ কি কৰিম?” কিয়নো সমূদ্ৰত তেতিয়া ধুমুহা ক্রমে তীব্রতৰ হবলৈ ধৰিছিল।
\v 12 তেতিয়া যোনাই তেওঁলোকক কলে, “মোক দাঙি সমূদ্ৰত পেলাই দিয়ক, তেতিয়া আপোনালোকৰ বাবে সাগৰ শান্ত হব; কিয়নো মই জানো যে, মোৰ কাৰণেহে আপোনালোকৰ ওপৰলৈ এই প্রবল ধুমুহা আহিছে।”
\v 13 তথাপিও নাবিকসকলে সমুদ্রৰ তীৰ পাবৰ বাবে পুণৰায় বৰকৈ বাই যাবলৈ ধৰিলে, কিন্তু তেওঁলোক সফল নহল। প্রচণ্ড ধুমুহা আৰু উত্তাল সমূদ্রৰ ঢৌ অধিক শক্তিশালী হৈ উঠিব ধৰিলে।
\v 14 এই হেতুকে তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰি কলে, “আমি তোমাক বিনয় কৰোঁ, হে যিহোৱা, তোমাক বিনয় কৰোঁ, এই মানুহৰ প্ৰাণৰ কাৰণে আমাক বিনষ্ট হবলৈ নিদিবা আৰু নিৰ্দ্দোষীৰ ৰক্তপাতৰ কাৰণে আমাক দোষী নকৰিবা; কিয়নো হে যিহোৱা, তুমিও তোমাৰ ইচ্ছামতে কার্য কৰিছা।”
\v 15 এই বুলি কৈ তেওঁলোকে যোনাক দাঙি নি সাগৰত পেলাই দিলে, তেতিয়া সমূদ্ৰৰ ভয়ানক মূর্তি নাইকিয়া হ’ল।
\v 16 সেই লোকসকলে যিহোৱাক অত্যন্ত ভয় কৰিলে, আৰু তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে এটা বলি উৎসৰ্গ কৰিলে আৰু তেওঁৰ ওচৰত সংকল্প কৰিলে।
\p
\v 17 আনফালে যোনাক গিলি থবৰ কাৰণে যিহোৱাই এটা ডাঙৰ মাছ নিৰূপণ কৰি থৈছিল আৰু সেই মাছৰ পেটত যোনা তিনি দিন তিনি ৰাতি থাকিল।
\c 2
\p
\v 1 যোনাই সেই মাছৰ পেটৰ পৰা নিজ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।
\v 2 তেওঁ কলে,
\q1 “মই যিহোৱাক মোৰ কষ্টৰ বিষয়ে প্ৰাৰ্থনাত কলো;
\q1 তাতে তেওঁ মোক উত্তৰ দিলে।
\q1 চিয়োলৰ \f + \ft চিয়োল, অর্থাৎ মৈদাম বা সীমাহীন গাত \f* ভিতৰৰ পৰা মই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ আৰু তুমি মোৰ স্বৰ শুনিলা।
\q1
\v 3 তুমি মোক গভীৰ জলত সাগৰৰ মাজত পেলালা
\q1 আৰু মোক সাগৰৰ সোঁতে বেৰি ধৰিলে,
\q1 তোমাৰ আটাই ঢৌ আৰু তৰঙ্গ মোৰ ওপৰেদি গল।
\q1
\v 4 মই কলো, ‘তোমাৰ দৃষ্টিৰ পৰা মোক দূৰ কৰি
\q1 দিলা; মই কেনেকৈ পুনৰ তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে দৃষ্টি কৰিম?
\q1
\v 5 জলসমূহে মোক গ্রাস কৰি প্রাণৰ সংশয়লৈ লৈ
\q1 গল; অগাধ জলে মোক আগুৰি ধৰিলে;
\q1 সাগৰৰ লতাবনবোৰে মোৰ মূৰ মেৰাই ধৰিলে।
\q1
\v 6 মই ডুবি গৈ পৰ্ব্বতবোৰৰ মূল পর্যন্ত নামি গলোঁ;
\q1 নিজৰ ডাংবোৰেৰে পৃথিৱীয়ে মোক চিৰকাললৈকে আটক কৰিলে;
\q1 কিন্তু, হে মোৰ ঈশ্বৰ যিহোৱা, তুমি সেই গাতৰ পৰা মোক উঠাই আনিলা।
\q1
\v 7 মোৰ প্ৰাণ যেতিয়া মোৰ অন্তৰত ব্যাকুল হল,
\q1 মই যিহোৱাক সোঁৱৰণ কৰিলোঁ আৰু মোৰ প্ৰাৰ্থনা
\q1 তোমাৰ ওচৰত তোমাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ’ল।
\q1
\v 8 যিসকলে অসাৰ দেৱতাবোৰক মানে,
\q1 তেওঁলোকে তোমাৰ যি বিশ্বস্ততা, তাক অৱহেলা কৰে।
\q1
\v 9 কিন্তু মই হলে স্তুতি-ধন্যবাদেৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম;
\q1 মই কৰা সংকল্প সিদ্ধ কৰিম;
\q1 পৰিত্ৰাণ যিহোৱাৰ পৰাই আহে!”
\p
\v 10 পাছত যিহোৱাই মাছটোক আজ্ঞা দিয়াত মাছটোৱে যোনাক বামত বমি কৰি উলিয়াই দিলে।
\c 3
\p
\v 1 তাৰ পাছত দ্বিতীয়বাৰৰ বাবে যিহোৱাৰ বাক্য যোনাৰ ওচৰলৈ আহিল।
\v 2 তেওঁ কলে, “তুমি উঠি সেই মহানগৰ নীনবিলৈ যোৱা আৰু মই যি কথা তোমাক কবলৈ দিম, সেই কথা তাত ঘোষণা কৰিবা।”
\v 3 তেতিয়া যোনাই যিহোৱাৰ কথা অনুসাৰে নীনবিলৈ গল। নীনবি এখন অতি ডাঙৰ নগৰ আছিল; গোটেই নগৰখন ঘূৰিবলৈ তিনি দিনৰ \f + \ft খোজেৰে গলে তিনি দিনৰ বাট। \f* সময় লাগে।
\v 4 যোনাই সেই নগৰত সোমাই এদিনৰ বাট গল আৰু এই কথা ঘোষণা কৰিলে, “চল্লিশ দিনৰ পাছত নীনবি ধ্বংস হৈ যাব।”
\p
\v 5 তেতিয়া নীনবিৰ লোকসকলে ঈশ্বৰক বিশ্বাস কৰিলে আৰু তাৰ কাৰণে উপবাস ঘোষণা কৰিলে; ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট্ কাপোৰ পিন্ধিলে।
\v 6 শীঘ্রেই সেই খবৰ গৈ ৰজাৰ কাণত পৰিল। তেতিয়া তেওঁ সিংহাসন এৰি উঠি আহিল আৰু গাৰ পৰা ৰাজবস্ত্ৰ সোলোকাই চট্ কাপোৰ পিন্ধি ছাঁইত বহিল।
\v 7 তাৰ পাছত তেওঁ নীনবিত তেওঁৰ আৰু তেওঁৰ মন্ত্ৰীসকলৰ যোগেদি এই আদেশ ঘোষণা কৰালে: “মানুহ বা পশু, গৰু বা মেৰছাগৰ জাক কোনেও একো বস্তুৰ আস্বাদ নলওক; আহাৰ কি পানী নাখাওঁক।
\v 8 মানুহ আৰু পশু সকলোৱে গাত চট্ কাপোৰ পিন্ধক আৰু ঈশ্বৰৰ আগত উচ্চ স্বৰেৰে কাতৰোক্তি কৰক। প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক আৰু হিংস্রতাৰ কার্য এৰি দিয়ক।
\v 9 কোনে জানে? হয়তো ঈশ্বৰে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা মন ঘূৰাই কোমল হব, আৰু তেতিয়া আমিও ধ্বংস হৈ নাযাম।”
\v 10 পাছত তেওঁলোকে যি কৰিলে আৰু কেনেকৈ তেওঁলোকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰিলে, সেই বিষয়ে যেতিয়া ঈশ্বৰে দেখিলে, তেতিয়া তেওঁ নিজৰ মন ঘূৰালে। তাতে তেওঁ যি শাস্তি দিব বুলি মনস্থ কৰিছিল, তাক তেওঁ নকৰিলে।
\c 4
\p
\v 1 সেয়ে যোনা অতিশয় অসন্তুষ্ট হল আৰু ক্রোধিত হৈ পৰিল।
\v 2 তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি কলে, “হে যিহোৱা, মই নিজ দেশত থাকোঁতেই ভাবিছিলো যে, এনেকুৱাই হব। সেই কাৰণেই মই প্রথমে তৰ্চীচলৈ পলাই গৈছিলোঁ; কিয়নো মই জানিছিলোঁ যে, তুমি কৃপালু ঈশ্বৰ, প্রেমেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ, দয়াত মহান আৰু ধ্বংস কৰাৰ পৰা মন পৰিবর্তন কৰোঁতা ঈশ্বৰ।
\v 3 এতিয়া হে যিহোৱা, মিনতি কৰোঁ, তুমি মোৰ প্ৰাণ লোৱা; কিয়নো মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল।”
\p
\v 4 তেতিয়া যিহোৱাই কলে, “তুমি খং কৰাটো জানো উচিত হৈছে?”
\v 5 তাৰ পাছত যোনা নগৰখনৰ পৰা ওলাই গল। তেওঁ নগৰখনৰ পূৱদিশে এটা আশ্রয় গৃহ সাজি তাৰ ছাঁয়াত বহিল আৰু নগৰখনৰ কি দশা হব, তাক চাবলৈ অপেক্ষা কৰি থাকিল।
\p
\v 6 পাছত ঈশ্বৰ যিহোৱাই এজোপা এৰাগছ নিৰূপণ কৰিলে আৰু যোনাই কষ্ট নাপাবলৈ তেওঁৰ গাত ছাঁ পৰিবৰ বাবে মূৰৰ ওপৰলৈকে গছ পুলিজোপা বঢ়ালে। সেই গছ জোপাৰ কাৰণে যোনা অতি আনন্দিত হল।
\v 7 কিন্তু পাছদিনা অতি ৰাতিপুৱাতে ঈশ্বৰে এটা পোক পঠালে আৰু সেই পোকটোৱে গছজোপা কুটাত, গছজোপা শুকাই গল।
\v 8 পাছত সূর্যোদয়ৰ সময়ত ঈশ্বৰে পূৱৰ পৰা গৰম বতাহ বলিবলৈ দিলে; তাতে যোনাৰ মূৰত এনেকৈ ৰ’দ পৰিল যে, তেওঁ অজ্ঞান হোৱাৰ দৰে হল। তেতিয়া যোনাই নিজৰ মৃত্যু বিচাৰি কলে, “মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল।”
\p
\v 9 কিন্তু ঈশ্বৰে যোনাক কলে, “এৰা গছজোপাৰ কাৰণে খং কৰি তুমি ভাল কৰিছা নে?” যোনাই কলে, “হয়, মই খং কৰি ভালেই কৰিছোঁ, এনেকি মৃত্যু পর্যন্ত কৰিম।”
\v 10 তেতিয়া যিহোৱাই কলে, “তুমি পৰিশ্ৰম নকৰা, নবঢ়োৱা, একে ৰাতিতে গজি একে ৰাতিতে মৰা এৰাগছ জোপালৈ তোমাৰ মৰম লাগিল;
\v 11 কিন্তু যি নিনবীত সোঁহাত আৰু বাওঁহাতৰ মাজৰ প্ৰভেদ নজনা একলাখ বিশ হাজাৰতকৈও অধিক সন্তান আছে আৰু অনেক পশুও আছে; তেনেহলে মোৰ জানো সেই মহানগৰ নীনবিলৈ দয়া নালাগিব?”