\im ‘যোহনৰ দ্বিতীয় পত্র’খন পাঁচনি যোহনে লিখিছিল। খ্রীষ্টৰ জন্মৰ পাছত, খ্রীষ্টাব্দ 50 পৰা 100 ভিতৰত তেওঁ এই পত্রখন লিখিছিল। যোহনে নিজক এই পত্রৰ লেখক হিচাবে পৰিচয় দিয়া নাই, কিন্তু তাৰ পৰিবর্তে তেওঁ নিজকে পৰিচাৰক বুলিহে উল্লেখ কৰিছে। যোহনে লিখা শুভবার্তাত পোৱা বিষয়-বস্তুৰ লগত ‘যোহনৰ দ্বিতীয় পত্র’খনৰ বিষয়-বস্তুৰ ঘনিষ্ঠ মিল আছে। ইজনে সিজনক প্রেম কৰিবলৈ যীচুৱে দিয়া আজ্ঞাৰ ওপৰত যোহনে যেনেদৰে গুৰুত্ব দিছে আৰু যীচুৰ আজ্ঞা পালন কৰি যেনেদৰে তেওঁক প্রেম কৰাৰ সমীকৰণ তেওঁ কৰিছে, এই কথা বিশেষৰূপে স্পষ্ট হৈছে (1:5-6, যোহন 15:9-10)। বিশ্বাস কৰা হয় যে যোহনে লিখা শুভবার্তাখন যোহনে লিখিছিল আৰু 1 যোহন, 2 যোহন আৰু 3 যোহন, এই তিনিখন পত্রও তেওঁ ইফিচত থকাৰ সময়ত লিখিছিল।
\ip ঈশ্বৰৰ মনোনীত মহিলা আৰু তেওঁৰ সন্তানসকলক সম্বোধন কৰি যোহনে এই পত্রখন লিখিছে। সম্ভৱতঃ তেওঁ কোনো এক বিশেষ মণ্ডলীৰ প্রসঙ্গত এই পত্র লিখিছে। বিশ্বাসীসকল যাতে উৎসাহিত হয় আৰু ভণ্ড শিক্ষকসকলৰ পৰা যাতে তেওঁলোক সাৱধানে থাকে, এয়ে আছিল যোহনে লিখা এই পত্রৰ মূল উদ্দেশ্য।
\iot চমু বিৱৰণ:
\io পত্রখন যাৰ কাৰণে লিখা হৈছে, সেই কথা উল্লেখ কৰি আৰু গ্রহণকাৰী ব্যক্তিসকলৰ প্রতি অভিনন্দন জনাই যোহনে পত্ৰৰ পাতনি দিছে